নিয়মীয়া বাৰ্তা ২৬ জুলাইঃ শিৱসাগৰ সদৰ থানাৰ অন্তৰ্গত চহৰৰ মাজমজিয়াৰ দৰিকাপাৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন কয়লা বোজাইবাহী বৃহৎ ট্ৰাক বাগৰি পৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা কয়লা খনিৰ পৰা শোণিতপুৰ জিলাৰ ৰঙাপাৰালৈ আহি থকা অৱস্থাত সংঘটিত এই দুৰ্ঘটনাত কোনো হতাহত হোৱা নাই যদিও ঘটনাস্থলীত দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ চালকজনক সুৰামত্ত অৱস্থাত উদ্ধাৰ কৰাক লৈয়েই সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ প্ৰাপ্ত বাতৰি মতে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ কয়লা খনিৰ পৰা এ এচ ০২ ডি চি ০৭২২ নম্বৰৰ ট্ৰাকখনত মুঠ ৩৫ টন কয়লা কঢ়িয়াই অনাৰ সময়তেই এই দুৰ্ঘটনা সংঘটিত হয়৷ যান্ত্ৰিক বিজ্যুতিৰ বাবেই ঘটনাস্থলীত উদ্ধাৰ হোৱা আঘাত প্ৰাপ্ত চালক গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে যদিও সুৰাপান কৰি অসংযত আচৰণ কৰা ট্ৰাক চালকগৰাকীৰ মইমতালিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷ একে সময়তে মাতাল চালকগৰাকীয়ে ৩৫ টনকৈ কয়লা কঢ়িয়াই অনা সকলো চালানকে ধৰি গুৰুত্বপুৰ্ণ নথি দুৰ্ঘটনাৰ সময়ত জলাশয়ৰ পানীত জাহ যোৱা বুলি কৰা মন্তৰ্ব্যই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে, যি সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছতেই ৰাজ্যৰ পৰিবহণ বিভাগ,আৰক্ষী বিভাগে ৰাজপথত বিচৰণ কৰা সুৰামত্ত চালকৰ বিৰুদ্ধে যুদ্ধকালিন অভিযান আৰম্ভ কৰিছে সেই সময়তেই মাৰ্ঘেৰিটাৰ পৰা ৩৫ টনকৈ কয়লা বোজাই কৰি অহা এজন সুৰামত্ত চালকে চলাই অহা ট্ৰাক কেনেকৈ ১৮০ কিলোমিটাৰ নিলগৰ শিৱসাগৰ পালেহি সেইয়াহে এই মুহূত্বত ডাঙৰ প্ৰশ্ন হিচাবে বিবেচিত ৷বিশেষকৈ মূখ্য মন্ত্ৰীৰ নিৰ্দেশৰ পিছত এনে তালাচী তীব্ৰত্বৰ কৰি অহা হৈছে বুলি আৰক্ষী-পৰিবহণ বিভাগে কৰা দাবী কাৰ্য্যত মিছা যে আছিল সেইয়া দৰিকাপাৰৰ দুৰ্ঘটনা আৰু মাতাল চালকৰ অসংযত আচৰণতেই স্পষ্ট হৈ পৰিছে ৷ সচেতন মহলে নিৰীহৰ জীৱনলৈ পদে পদে ভাবুকি নমাই অনা সুৰামত্ত চালকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ অভিযানৰ দাবী জনোৱাৰ লগতে ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী জনাইছে ৷
প্ৰেৰক আশ্ৰফুৰ ৰহমান