বিশেষ বাৰ্তা, ৪ নৱেম্বৰঃ যিটো সময়ত নিজ পিতৃ-মাতৃক সময় দিব নোৱাৰি সন্তানে বৃদ্ধাশ্ৰমত ৰখাৰ এক সংস্কৃতি গঢ় লৈ উঠিছে সেইসময়ত এগৰাকী বিশিষ্ট শিল্পীয়ে তেওঁৰ পিতৃ-মাতৃক চিৰ স্মৰণীয় কৰি ৰখাৰ বাবে উচ্চ শিক্ষানুষ্ঠান এখনত বৃহৎ আঁচনি গ্ৰহণ কৰিলে। বিশিষ্ট শিল্পী ড০ সঙ্গীতা কাকতিৰ পিতৃ তথা দক্ষিণ কামৰূপৰ সু চিকিৎসক, সমাজকৰ্মী ডাঃ সুৰেন্দ্ৰ নাৰায়ণ কাকতিয়ে ছয়গাঁৱত নিজ ভূমি আৰু গৃহ দান দি কৃষ্ণ ৰাম দাস দাস শিক্ষণ মহাবিদ্যালয় ১৯৯৩ চনতে স্থাপন কৰিছিল। বৃহত্তৰ ছয়গাঁৱৰ লগতে দক্ষিণ কামৰূপৰ অন্যতম শিক্ষানুষ্ঠানখন সম্প্ৰতি এখন জাকত জিলিকা শিক্ষানুষ্ঠান। পুনৰ উক্ত শিক্ষানুষ্ঠান খন সোণত সুৱগা কৰাৰ মানসেৰে তথা নিজ পিতৃ-মাতৃক চিৰকাল সমাজৰ মাজত জীয়াই ৰাখিবলৈ বিশিষ্ট শিল্পী ড০ সঙ্গীতা কাকতিয়ে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান কৃষ্ণ ৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰত প্ৰায় ১০ লাখৰো অধিক ধন ব্যয় কৰি “প্ৰয়াত সুৰেন্দ্ৰ নাৰায়ণ কাকতি আৰু অঞ্জলি কাকতি সোঁৱৰণী তোৰণৰ নিৰ্মাণ কৰে। আজি এক মাংগলিক অনুষ্ঠানৰ মাজেৰে শিল্পী গৰাকীয়ে নিজ হাতেৰে ফিটা কাটি তোৰণখন উদ্বোধন কৰে। তাৰ পিছতে কলেজ চৌহদত এখন অত্যাধুনিক কেন্টীনৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ সভাপতি বাণেশ্বৰ দাসে । উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি পৰিচালনা সমিতিৰ সভাপতিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অভিজিত দেৱ অধিকাৰীয়ে। অনুষ্ঠানত দক্ষিণ কামৰূপ জিলাৰ তদানীন্তন উপায়ুক্ত তথা বিশিষ্ট ক্ৰীড়া সংগঠক ৰাজীৱ প্ৰকাশ বৰুৱা, সংগীতা কাকতীৰ দুই ভগ্নী ডঃ নন্দিনী কাকতি ঠাকুৰীয়া, অজন্তা কাকতি বৰুৱা, ইৰাণ কুমাৰ বৰুৱাকে আদি কৰি পৰিয়াল বৰ্গ । উদ্বোধনী সভাত ড০ সঙ্গীতা কাকতিয়ে তেওঁৰ ভাষণত কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ জন্ম লগ্নৰ পৰা বৰ্তমানৰ পৰিবেশৰ ওপৰত স্মৃতি ৰোমন্থন কৰে।
#বাৰ্তা ডেস্ক