ধনৰ বিনিময়ত ভূৰাগাঁৱত বিভাগীয় বিষয়াই জল জীৱনৰ স্থান সলনিৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৩০ মাৰ্চ : মৰিগাঁৱৰ লাহৰীঘাটৰ ভূৰাগাঁৱৰ পূৱ বালিডোঙাত জল জীৱন আচঁনিৰ স্থানক লৈ স্থানীয় ৰাইজ আৰু জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ মাজত সংঘাত অব্যাহত আছে। বালিডোংগা গাঁৱৰ ৰাইজৰ অভিযোগ বিভাগীয় বিষয়া কৰ্মচাৰীয়ে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনত মেনেজ হৈ ৰাইজে বাচনি কৰি দিয়া স্থানত আঁচনিৰ কাম নকৰি ব্যক্তিগত এজনৰ মাটিত আচঁনিৰ কাম কৰিব বিচৰি আছে। ইয়াকে লৈ স্থানীয় ৰাইজ জাঙুৰ খাই উঠিছে। উল্লেখ্য যে পূৰ্বে বিভাগীয় অভিযন্তাই ৰাইজৰ মতামত লৈ বালিডোংগা গাঁও পঞ্চায়তৰ পূৰ্বৰ কাৰ্যালয়ৰ মাটিত জল জীৱন আচঁনিৰ স্থান নিৰ্ধাৰণ কৰিছিল।সেইমতে বিভাগীয়ভাৱে জিঅ টেক পৰ্যন্ত কৰা হৈছিল। চৰকাৰী বাবে থকা মাটিত আঁচনি ৰূপায়ন হলে ৰাইজৰ সুবিধা হব বুলি প্ৰকাশ কৰিছিল। কিন্তু ৰহস্যজনকভাৱে কেইদিনমান পূৰ্বে বিভাগীয় বিষয়া কৰ্মচাৰীয়ে চৰকাৰী মাটি এৰি ৰাইজক একাষৰীয়া কৰি আন এঠাইত ব্যক্তিগত মাটিত আঁচনি ৰূপায়নৰ ব্যৱস্থা কৰাত ৰাইজ ক্ষোভিত হৈ পৰে।ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে বিভাগে ৰূপায়ন কৰিব বিচৰা আঁচনি কেতিয়াও ৰূপায়ন হবলৈ দিয়া নহব। ৰাইজৰ হুংকাৰ কোনো কাৰণত ব্যক্তিগত মাটিত ৰাইজৰ অমতত জল জীৱন মিচনৰ আঁচনি ৰূপায়ন কৰিব নিদিয়ে। প্ৰয়োজন হলে গনতান্ত্ৰিকভাৱে ৰাজপথত আন্দোলনৰ হুংকাৰ দিয়ে। মূখ্যমন্ত্ৰীৰ কঠোৰ সকিয়নীৰ পিছতো স্থানীয় ৰাইজক একাষৰীয়া কৰি বিভাগে আঁচনি ৰূপায়ন কৰিব বিচৰাৰ ৰহস্য কি। পূৰ্বৰ মাটিত আচঁনি ৰূপায়ন কৰিবলৈ জিলা উপায়ুক্তক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।
প্ৰেৰক আবুল কালাম