নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএমএৱাইৰ অধীনত বজালীত সম্পূৰ্ণ ১৯৪৮৮ গৃহ

🔴পাঠশালাত বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ সংবাদ মেল

🔴১৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হব ১০০ শতাংশ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ‘ৰাজ্যৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে “সকলোৰে বাবে আৱাসগৃহ” সুনিশ্চিত কৰাৰ লক্ষ্য পূৰণৰ পথত দৃঢ়তাৰে আগবাঢ়িছে। প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীণৰ অধীনত অসমত ১৬ লাখৰো অধিক আৱাস গৃহৰ নির্মাণ কৰা হৈছে আৰু ইয়াৰ ভিতৰত বজালী জিলাই এই আঁচনিৰ অধীনত এতিয়ালৈকে সৰ্বমুঠ ১৯৪৮৮টা আৱাস গৃহৰ নিৰ্মাণ সম্পূর্ণ কৰিছে। বিগত ৩০ মাহত ৰাজ্যখনত ১২ লাখৰো অধিক গৃহ নির্মাণ সম্পূর্ণ কৰা হৈছে আৰু বজালী জিলাই উক্ত সময়চোৱাত মুঠ ১৫,৪৬৯টা আৱাস গৃহৰ নিৰ্মাণ সম্পূর্ণ কৰিছে। এই মন্তব্য বৰপেটা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূপ পাঠকৰ৷ আজি পাঠশালাস্থিত বজালী জিলা পৰিষদৰ কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে বজালী জিলাৰ দুটাকৈ উন্নয়ন খণ্ড ক্ৰমে বজালী খণ্ডত অনুমোদন হোৱা মুঠ ৬২২৫টা গৃহৰ ভিতৰত এতিয়ালৈকে ৫৩৪৮ টা আৰু ভৱানীপুৰ খণ্ডত মুঠ ১৫৮৬৭টা গৃহৰ ভিতৰত ১৪১৪০টা সম্পুৰ্ণ হৈছে৷ সংবাদমেলত তেওঁ কয় যে দুখীয়া পৰিয়ালসমূহৰ সপোন আৰু আকাংক্ষাই পূর্ণতা পোৱাত গৌৰৱ অনুভৱ কৰি গৃহ নিৰ্মাণৰ ক্ষেত্ৰত এই অভূতপূর্ব সফলতাৰ আঁৰত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মাৰ্গদর্শন আৰু অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বৰ কথা তেওঁ উল্লেখ কৰে৷ ইয়াৰ বাবে প্রধানমন্ত্রীক কৃতজ্ঞতা আৰু অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মা আৰু বিভাগীয় মন্ত্রী ৰণজিৎ কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে হিতাধিকাৰীসকলকো অভিনন্দন জনায়৷ গৃহ নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে সমাপন কৰাৰ বাবে এই আঁচনি ৰূপায়ণৰ সৈতে জড়িত বিভিন্ন স্তৰৰ বিভাগীয় বিষয়া-কর্মচাৰীসকলকো সংবাদমেল যোগে ধন্যবাদ জ্ঞাপন কৰি কয় যে প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীণৰ হিতাধিকাৰীসকলে তেওঁলোকৰ নামত অনুমোদিত আৱস গৃহটি নিৰ্মাণৰ বাবে তিনিটা কিস্তিত মুঠ ১,৩০,০০০ টকা তেওঁলোকৰ নিজা বেংক একাউন্টৰ জৰিয়তে লাভ কৰে। ইয়াৰ উপৰিও হিতাধিকাৰীসকলে মহাত্মা গান্ধী ৰাষ্ট্রীয় গ্রাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত নিজৰ গৃহটি নিৰ্মাণ কৰাৰ সময়ছোৱাত অকৌশলিক শ্রমিক হিচাপে কাম কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰি সৰ্বোচ্চ ৯৫ দিনৰ কাম বিচাৰি অবেদন কৰিলে তেওঁলোকক কাম প্ৰদান কৰি কামৰ মজুৰি দিয়া হয়। বজালী জিলাই এতিয়ালৈকে প্রধানমন্ত্রী আৱাস যোজনা-গ্রামীণৰ হিতাধিকাৰী সকলক MGNREGAৰ অধীনত মুঠ ১৩.৫৬ লাখ কর্মদিন প্রদান কৰিছে। ইয়াৰোপৰি বর্তমান সময়ত বজালী জিলাত মুঠ ২৬০৪ টা আৱাসগৃহ নির্মীয়মান অৱস্থাত আছে যদিও চলিত ডিচেম্বৰ মাহৰ ভিতৰত এই গৃহসমূহৰ নিৰ্মান কাৰ্য্য সম্পূৰ্ণ কৰাৰ বাবে সংশ্লিষ্ট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সকলৰ জৰিয়তে হিতাধিকাৰী সকলক নির্দেশ দিয়া হৈছে। উল্লেখ্য যে দুটা উন্নয়ন খণ্ডৰে গঠিত বজালী জিলাৰ বজালী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৫ খন গাওঁ পঞ্চায়ত আৰু ভৱানীপুৰ উন্নয়ন খণ্ডত ১৬খন গাওঁ পঞ্চায়ত আছে৷ জিলাখনৰ মুঠ ৩১ খন গাওঁ পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত অনুমোদিত গৃহসমূহ অহা ১৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like