নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰে আসন বুজাবুজিক লৈ ক্রমশঃ জটিলতা বৃদ্ধি আজমলৰ দলৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে গণতান্ত্রিক, ধর্মনিৰপেক্ষ সকলো দল, সংগঠন আৰু শক্তিৰ সৈতে ঐক্যবদ্ধ হৈ মহাজোঁট গঠনৰ যি পৰিকল্পনা কৰিছে, সেয়া কার্যতঃ বুমেৰাং হোৱাৰ পথত৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ আৰু বাঁওপন্থী দলৰ বাহিৰে আন দল–সংগঠনৰ পৰা এই মুহূর্তলৈ কংগ্রেছে লাভ কৰা নাই কোনো সঁহাৰি৷

উল্লেখ্য যে অহা বিধানসভা নির্বাচনত বিজেপিক উৎখাতৰ লক্ষ্যৰে প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে যোৱা মাহতেই মহাজোঁট গঠনৰ সিদ্ধান্ত গ্রহণ কৰে৷ কংগ্রেছ নেতৃত্বই ধর্মনিৰপেক্ষ, গণতান্ত্রিক শক্তিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সংগঠনেও এই মহাজোঁটত অংশগ্রহণ কৰিব বুলি আশা ব্যক্ত কৰাৰ লগতে আটাইকে এই মহাজোঁটত চামিল হোৱাৰ আহ্বান জনায়৷ কিন্তু কার্যতঃ আজমলৰ দল এ আই ইউ ডি এফ আৰু বাঁওপন্থীৰ বাহিৰে কোনো দল–সংগঠনে কংগ্রেছৰ নেতৃত্বত হ’বলগীয়া মহাজোঁটৰ অংশীদাৰ হ’বলৈ আগ্রহ ব্যক্ত কৰা নাই৷ আছু, যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠন হ’বলগীয়া দলটোৱে আনুষ্ঠানিকভাৱে আত্মপ্রকাশ কৰাৰ পূর্বেই কংগ্রেছৰ অংশীদাৰ নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ সেইদৰে কৃষক নেতা অখিল গগৈয়ে গঠন কৰিবলগীয়া দলটোৱে এতিয়ালৈ কংগ্রেছৰ মহাজোঁটত চামিল হ’ব বুলি স্পষ্ট স্থিতি গ্রহণ কৰা নাই৷ বৰং পাকে–প্রকাৰে অখিল গগৈয়েহে সেই মহাজোঁটৰ বিগ ব্রাদাৰ হ’বলৈ বিচৰাৰহে ইংগিত দিছে৷ এক কথাত ক’বলৈ হ’লে মহাজোঁটে আনুষ্ঠানিকতা লাভ কৰাৰ পূর্বেই অভ্যন্তৰত আৰম্ভ হৈছে মহাজোঁট ভঙাৰ কুচকাৱাজ৷

ইপিনে কংগ্রেছৰে মিত্রতাৰ প্রস্তাৱত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে সঁহাৰি দিলেও আসন এৰাধৰাক লৈ এতিয়াও দুয়ো দলৰ মাজত জটিলতা অব্যাহত আছে৷ কংগ্রেছৰ সংখ্যালঘু শিবিৰে এতিয়াও মানি ল’ব বিচৰা নাই আজমলৰে মিত্রতা৷ দলৰ গৰিষ্ঠসংখ্যক সংখ্যালঘু সম্প্রদায়ৰ কংগ্রেছ নেতাৰ দুর্ঘোৰ বিৰোধিতাৰ বাবেই কংগ্রেছ নেতৃত্বই এই মুহূর্তলৈ এ আই ইউ ডি এফৰে আসন বুজাবুজিৰ ক্ষেত্রত আগবাঢ়িবলৈ সমর্থ হোৱা নাই৷ একে সময়তে প্রদেশ কংগ্রেছৰ অন্যতম সাধাৰণ সম্পাদক তথা এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধী শিবিৰৰ নেতৃত্ব বহন কৰি অহা প্রাক্তন মন্ত্রী মহিবুল হকে কালি গৌৰীপুৰ সমষ্টিৰ চাহেবগঞ্জত আয়োজিত এখন দলীয় কর্মীসভাত প্রকাশ্যে আজমলৰ দলৰে কংগ্রেছৰ মিত্রতা নহয় বুলি উল্লেখ কৰি কয় যে আজমল হৈছে বিজেপিৰ ৰিম’ট পুতলা৷ আজমলে বিজেপিৰ শ্রুতলিপিত কংগ্রেছৰে মিত্রতাৰ নাটক কৰি আছে৷ আজমলৰ এই কু–ভিসন্ধিৰ বিষয়ে তেওঁ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা প্রমুখ্যে শীর্ষ নেতৃবৃন্দক অৱগত কৰাৰ লগতে আজমলৰ পৰা সতর্ক হৈ থাকিবলৈ তেওঁলোকক পৰামর্শ আগবঢ়াইছে৷

২০১৬ চনৰ বিধানসভা নির্বাচনত আজমলে বিজেপিৰ লগত গোপনে মিত্রতা কৰাৰ গুৰুতৰ অভিযোগ কৰি তেওঁ আৰু কয় যে সেই মিত্রতা অনুসৰিয়ে ১০ৰ পৰা ২৫ হাজাৰ মুছলমান ভোটাৰ থকা ৪০টা সমষ্টিত এ আই ইউ ডি এফে প্রার্থী থিয় কৰাইছিল৷ উদ্দেশ্য আছিল উক্ত সমষ্টিকেইটাত কংগ্রেছ দলৰ প্রার্থীক পৰাজিত কৰোৱা৷ সেই ষড়যন্ত্র সফল হোৱা বাবেই ৰাজ্যত বিজেপি চৰকাৰ গঠন হ’ল৷ এইবাৰো আজমলে তেনে ষড়যন্ত্রই কৰি আছে বুলি তেওঁ অভিযোগ কৰে৷ আনহাতে, হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ সৈতে কংগ্রেছৰ মিত্রতা হ’লে আজমলৰ দলৰে আসন বুজাবুজিৰ ক্ষেত্রত আৰু অধিক জটিলতা সৃষ্টি হ’ব বুলি কংগ্রেছৰ এক সূত্রৰ পৰা জানিব পৰা গৈছে৷

কংগ্রেছৰ সূত্রটোৱে জানিবলৈ দিয়া মতে, বি পি এফৰ সৈতে কংগ্রেছৰ যোগাযোগ বর্তমান অব্যাহত আছে৷ অৱশ্যে বি পি এফৰে কংগ্রেছৰ মিত্রতা হয় নে নহয়, সেয়া নির্ভৰ কৰিব বিটিচি নির্বাচনৰ ফলাফলৰ ওপৰত৷ যদিহে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল এইবাৰ বিটিচি নির্বাচনত ক্ষমতাচ্যুত হয়, তেতিয়াহ’লে স্বাভাৱিকতে পুৰণা মিত্র কংগ্রেছৰ সৈতে বি পি এফৰ মিত্রতা হোৱাটো অৱধাৰিত৷ তেনে অৱস্থাত সম্প্রতি এ আই ইউ ডি এফৰ দখলত থকা গৌৰীপুৰ আৰু ভৱানীপুৰ সমষ্টি দুটা যে বি পি এফে সজোৰে দাবী কৰিব, সেয়া নিশ্চিত৷ জনজাতীয় অনুভূতিলৈ চাই সেই মুহূর্তত কংগ্রেছে সেই আসন দুখন বি পি এফক এৰি দিবলৈ বাধ্য হ’ব৷ ইয়াৰ বিনিময়ত কংগ্রেছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে প্রতিনিধিত্ব কৰি থকা সৰভোগ সমষ্টি দখলৰ বাবে বি পি এফৰ সহায় বিচাৰিব৷ মুঠতে বি পি এফৰ লগত মিত্রতা হ’লে এ আই ইউ ডি এফৰে আসন বুজাবুজিৰ ক্ষেত্রত আৰু নতুন কিছু জটিলতাৰ সৃষ্টি হোৱাটো অৱধাৰিত৷

ইফালে ২০২১ চনত ৰাজ্যত পুনৰ বিজেপি চৰকাৰ দুশ শতাংশ নিশ্চিত বুলি দাবী কৰিছে মন্ত্রী পীয়ূষ হাজৰিকাই৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে মহাজোঁট, নতুন ৰাজনৈতিক দল গঠন এইবোৰ বিষয়ক লৈ বিজেপি মুঠেই চিন্তিত নহয়৷ বিজেপিয়ে তেনেবোৰ কথাক লৈ ভয় খোৱা নাই৷ সম্প্রতি বিজেপিত মানুহ যিদৰে আহি আছে, আন দলবোৰত মানুহ থাকিব নে নাই, তাক লৈহে সন্দেহ হৈছে৷ ২০২১ত বিজেপি জয়ী হৈ চৰকাৰ গঠন কৰাটো দুশ শতাংশ নিশ্চিত৷

You might also like