বিশেষ বাৰ্তা, ৩০ মেঃ ‘এইয়া অপ্ৰিয় হ’লেও সত্য যে আজিকালি বেছিভাগ ছাত্ৰ ছাত্ৰীৰে মুখস্থ বিদ্যা বেছি। অধিকাংশই মুখস্থ বিদ্যাৰ ওপৰত অধিক জোৰ দিয়া দেখা যায়। মুখস্থ বিদ্যাই পৰীক্ষাত নম্বৰহে আনিব পাৰিব কিন্তু জ্ঞান দিব নোৱাৰে। মুখস্থ বিদ্যাই মানুহ হিচাপে কেতিয়াও গঢ় দিব নোৱাৰে।’ মৰিয়নিৰ অন্যতম পুৰণি সামাজিক-সাংস্কৃতিক- ক্ৰীড়া অনুষ্ঠান মৰিয়নি যুৱ সমাজৰ উদ্যোগত আজি যুৱ সমাজৰ সভাকক্ষত অনুষ্ঠিত কৃতী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক, বিশিষ্ট লেখক, কবি প্ৰাঞ্জল প্ৰতীম বৰাই এইদৰে কয়। তেওঁ সেয়েহে সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি কিতাপ অধ্যয়ন কৰাৰ বাবে আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ কয়- সম্প্ৰতি আমি মোবাইলৰ মাজত হেৰাই গৈছোঁ। আমি কিতাপ নপঢ়া হৈছোঁ- সকলোতে ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে। গতিকে আমি কিতাপ পঢ়িবই লাগিব। নতুন প্ৰজন্মই সাহিত্যৰ কথা, বীৰ পুৰুষ সকলৰ কথা জানিব লাগিব বুলিও তেওঁ লগতে উল্লেখ কৰে। আনহাতে, মাতৃভাষাক সদায় অগ্ৰাধিকাৰ দিব লাগে বুলি উল্লেখ কৰি তেওঁ কয়- সকলো মৌলিক আৱিষ্কাৰ মাতৃভাষাতেই হৈছে। কৃতী ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই বিশিষ্ট লেখক- কবিজনে কয়- জীৱনত আগবাঢ়িবলে হ’লে সপোন দেখিব লাগিব। নিজকে প্ৰকৃত মানুহ হিচাপ গঢ় দিবলৈ চেষ্টা কৰিব লাগিব। কিতাপৰ অধ্যয়নে মানুহ হোৱাৰ প্ৰবৃত্তিক জগাই তোলে। কৃতী ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয়- এতিয়াও বহুদূৰ বাট যাবলৈ আছে। এই যাত্ৰাত যিমান আশীৰ্বাদ পোৱা যায় তাতকৈ হয়তু বেছি ঈৰ্ষা, আক্ৰোশ, সমালোচনাহে পোৱা যায়। কিন্তু সেই সমূহক জয় কৰি জীৱনৰ বাটত আগবাঢ়ি যাব লাগিব। তেতিয়াহে নিজকে প্ৰকৃত মানুহ হিচাপে গঢ় দিব পৰা যাব। ড° ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদিৰ উদ্ধৃতি দি তেওঁলোকৰ ভাল গুণসমূহক আদৰি ল’বলৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনায়। মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড° অসীম বৰপাত্ৰগোহাঁয়ে সভাপতিত্ব কৰা সভাখনত অতিথি হিচাপে অংশগ্ৰহন কৰি মৰিয়নিৰ বিশিষ্ট সমাজকৰ্মী, শিক্ষাবিদ, তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বিমান বৰবৰাই ছাত্ৰ ছাত্ৰীসকলক মানৱীয় গুণৰ অধিকাৰী হ’বলৈ আহ্বান জনায়। যুৱ সমাজত যুটীয়া সম্পাদক অপৰাজিত শইকীয়াই আঁত ধৰা সভাখনত সমাজকৰ্মী অজিত চক্ৰৱৰ্তীয়ে মৰিয়নি যুৱ সমাজৰ প্ৰতিষ্ঠাৰ সম্পৰ্কে বক্তব্য প্ৰদান কৰে। সভাত উপস্থিত থাকি মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে জীৱনত সফল হ’বলৈ হ’লে কষ্ট কৰিব লাগিব বুলি উল্লেখ কৰি ছাত্ৰ ছাত্ৰীসকলক অধিক কঠোৰভাৱে অধ্যয়নত মনোযোগ দিবলৈ আহ্বান জনায় । যুৱ সমাজৰ যুটীয়া সম্পাদক সঞ্জয় খাউণ্ডে শলাগৰ শৰাই আগবঢ়োৱা সম্বৰ্ধনা সভাখনত মৰিয়নি বিধান সভা সমষ্টিৰ অন্তৰ্গত দহখন শিক্ষানুষ্ঠানৰ মুঠ ২৬ গৰাকী ডিষ্টিংশ্যন নম্বৰপ্ৰাপ্ত কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । গামোচা, অভিনন্দন পত্ৰ, কিতাপ, বহী আৰু কলমৰ টোপোলা, এক্সজিকিউটিভ ফাইল কভাৰ, উপহাৰৰ টোপোলা আদিৰে ৰাজহুৱা অভিনন্দন জনোৱা হয় । আনহাতে, সাধাৰণ গণিত, সমাজ বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আৰু ঐচ্ছিক গণিতত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ ১০০ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰা কেবাগৰাকী ছাত্ৰ ছাত্ৰীকো এই অনুষ্ঠানতে উপহাৰ প্ৰদানেৰে অভিনন্দন জনোৱা হয়। অভিনন্দন গ্ৰহণ কৰি হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰী ইন্দ্ৰানী হাতীবৰুৱাই যুৱ সমাজৰ এনে প্ৰচেষ্টাৰ শলাগ লয়। যুৱ সমাজৰ এই সম্বৰ্ধনাই তেওঁৰ লগতে সকলো ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিব বুলি মন্তব্য প্ৰকাশ কৰিব। গাম্ভীৰ্যপূৰ্ণ সভাখনত জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ ফুনু গগৈ, মৰিয়নি জাতীয় বিদ্যাপীঠৰ অধ্যক্ষ তথা বিশিষ্ট নাট্যকাৰ ৰঞ্জিত গোহাঁইবৰুৱা, জংঘলব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ধৰ্মেশ্বৰ বৰুৱা, কৃতী শিক্ষক নগেন গগৈ, বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অসীম গগৈ, পাৰিজাত জাতীয় বিদ্যালয়ৰ সঞ্চালক ভৱেন হাজৰিকা, শিক্ষক চহন কানু, শিক্ষক শৰত গগৈ, বিশিষ্ট গল্পকাৰ-প্ৰৱন্ধকাৰ অজিত বিকাশ গোহাঁইবৰুৱা, নাট্যকৰ্মী-যুৱ সমাজকৰ্মী বিনয় শইকীয়া, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক ৰাজীৱ বৰুৱা, অৱসৰপ্ৰাপ্ত বেংক বিষয়া হৰেন গগৈ, যুৱ সমাজৰ সভাপতি বিপ্লৱ ধৰ, কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ সভাপতি- বিশিষ্ট শিল্পী তৰুণ শইকীয়া, মৰিয়নি ই মেডিয়া সন্থাৰ সম্পাদক প্ৰাঞ্জল পাওগাম, সংবাদকৰ্মী ৰাজীৱ কৰ্মকাৰ, গৌৰৱ চুতীয়া, দীপক দত্ত (জোন), হেঙুল থিয়েটাৰৰ পৰিকল্পক- সাংস্কৃতিক কৰ্মী পংকজ হাজৰিকা (জোন), মৰিয়নি পৌৰসভাৰ প্ৰাক্তন পৌৰসদস্যা ৰিজু চেতিয়া দাস, মহিলা সমাজকৰ্মী প্ৰতিভা বৰা, কিংশুক মহিলা চ’ৰাৰ সম্পাদিকা ৰূপামনি বৰা, জ্যেষ্ঠা নাট্যকৰ্মী দিপীকা দত্ত, ভাৰতী ৰয়, মেঘালী হাজৰিকা, প্ৰধান শিক্ষয়িত্ৰী নিৰ্মালী বৰুৱা আদি বহুসংখ্যক গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া