নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ৯০,০০০ টকাত সদ্যোজাতক বিক্ৰীৰ প্ৰচেষ্টা

বিশেষ বাৰ্তা, ৩০ মেঃ মাতৃৰ হৃদয়ত সন্তানৰ প্ৰতি যি অপত্য স্নেহ,সেয়া সঁচাকৈয়ে অতুলনীয়…! কিন্তু ডিব্ৰুগড়ত সংঘটিত হোৱা এক দূৰ্ভাগ্যজনক ঘটনাই সকলোৰে চকু কপালত তুলি ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।মাত্ৰ নব্বৈ হাজাৰ টকাত নিজৰ এটি সদ্যজাত কেছুৱাক আনৰ হাতত তুলি দিবলৈ আনিছিল। অৱশ্যে ডিব্ৰুগড় আৰক্ষীয়ে কৌশলৰে আটক কৰিবলৈ সক্ষম হয় নিজ সন্তানক বিক্ৰী কৰিবলৈ লোৱা ডিব্ৰুগড়ৰ আব্দুল আজিজ আৰু তেওঁৰ পত্নীক।মাত্ৰ ৯০ হাজাৰ টকাত নিজৰ সদ্যজাত সন্তান বিক্ৰী কৰিবলৈ যো-জা চলাওঁতেই ডিব্ৰুগড়ৰ আৰক্ষীয়ে চহৰখনৰ গ্ৰেহেমবজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে ইউনিচ তামুলী নামৰ এজন ব্যক্তিয়ে জানিব পাৰি সদ্যজাত কেছুৱাটিক ৯০ হাজাৰ টকাত কিনিবলৈ বন্দবস্ত কৰিছিল। অৱশ্যে উক্ত ব্যক্তি জনে এই ঘটনাৰ সন্দৰ্ভত শিৱসাগৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনক খবৰ দি ৰখাৰ লগতে ক্ৰয় কৰিবলৈ যাওঁতে আৰক্ষীও লগতে গৈছিল।তাৰ পাছতে ইউনুচ তামুলীৰ সহযোগত চি ডব্লিউ চি আৰু ডিব্ৰুগড় আৰক্ষীয়ে চহৰখনৰ গ্ৰেহেমবজাৰ পৰা কেছুৱাটি বিক্ৰীৰ বাবে অহা দম্পতী হালক হাতে-লোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে দৰিদ্ৰ দম্পতীদ্বয়ৰ ইতিমধ্যে চাৰিটা সন্তান আছিল।সেয়ে পঞ্চমটো ল’ৰা সন্তান জন্ম হোৱাৰ বাবে কোনো সন্তানহীন লোকক গতাই দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল মাতৃ গৰাকীয়ে। সেই অনুসৰি শিৱসাগৰৰ পৰা ইউনুচে যোগাযোগ কৰাত তেওঁক দিবলৈ আহিছিল মাতৃ।কিন্তু মাতৃৰ অগোচৰে পিতৃয়ে লোকজনৰ সৈতে ধনৰ বনবস্ত কৰাৰ সন্দৰ্ভত মাতৃ গৰাকীয়ে জানিব পৰা নাছিল।অৱশেষত আৰক্ষীয়ে আব্দুল আজিজক গ্ৰেপ্তাৰ কৰি ২২ দিনীয়া সন্তানটি চি ডব্লিউ চিৰ হাতত গটাই দিয়ে।

প্ৰেৰক বিভাস দুৱৰা

You might also like