নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংক দিৱসত পাঠশালা ষ্টেট বেংকৰ শিক্ষাৰ্থী- অভিভাৱকক অভিনন্দন

নিয়মীয়া বাৰ্তা,  ১ জুলাইঃ “আজিৰ সমাজত বহুত শিক্ষিত লোকেও বেংকৰ বিষয়ে বহু কথাই নাজানে, যাৰ ফলত বিভিন্ন সময়ত বহু বিজ্ঞ লোকো বিপদত পৰে৷ সেয়েহে সকলো স্তৰৰ ৰাইজে বেংকৰ বিষয়ে কিছু কথা জনাটো খুবেই দৰকাৰ।” এই মন্তব্য ভাৰতীয় ষ্টেট বেংকৰ পাঠশালা শাখাৰ উপ শাখা প্ৰবন্ধক প্ৰাঞ্জল বৈশ্যৰ। উল্লেখ্য যে আজি বেংক দিৱস উপলক্ষত পাঠশালা ষ্টেট বেংকে আয়োজন কৰা এক অনুষ্ঠানত এইবেলি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত স্থান লাভ কৰা শিক্ষাৰ্থী-অভিভাৱকক অভিনন্দন জনোৱা এক অনুষ্ঠানত ভাষণ প্ৰদান কৰি বৈশ্যই ছাত্ৰ-ছাত্ৰীসকলক কমাৰ্চত নপঢ়িলেও বেংকৰ কিছু কথা জানি লবলৈ আহ্বান জনায়। বজালী অঞ্চলৰ শৈক্ষিক-সামাজিক ক্ষেত্ৰক উৎসাহিত কৰিবলৈ পাঠশালা ষ্টেট বেংকে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপে আজি এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে স্থান লাভ কৰি শিক্ষানগৰী পাঠশালাৰ লগতে বজালীক গৌৰৱান্বিত কৰা কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায়৷ পাঠশালা ষ্টেট বেংকত লবীত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ অধ্যক্ষ মনোজ কলিতা, আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশনৰ সচিব উৎপল মেধি, চিকিৎসক ডাঃ ৰাজেন শৰ্মা, পাঠশালা ষ্টেট বেংকৰ মুখ্য শাখা প্ৰবন্ধক সঞ্জয় ৰয়, ভূদেৱ শৰ্মা, সাংবাদিক হীৰেন কলিতা আদিয়ে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে। বেংকৰ বিষয়া সঞ্জয় ৰয়ে আঁত ধৰা আৰু মিতুৰাণী তালুকদাৰে সামগ্ৰিকভাৱে পৰিচালনা কৰা অনুষ্ঠানত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা আনন্দৰাম বৰুৱা একাডেমীৰ কৃতি শিক্ষাৰ্থী নিশান্ত লহকৰ আৰু নিকুঞ্জ হাজৰিকা, একেখন শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰা প্ৰতীক্ষা ভূঞা, দৃষ্টি এন জি বৰ্মন আৰু কাব্যশ্ৰী দাস; কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ পৰা স্থানপ্ৰাপ্ত কস্মিতা শৰ্মা, ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ পৰা স্থান লাভ কৰা কৃতী শিক্ষাৰ্থী পীযুষ নাথ, বাঘমাৰা শংকৰদেৱৰ পৰা স্থান লাভ কৰা প্লাৱিতা দাস আৰু নেহা মহন্তক ষ্টেট বেংকৰ পাঠশালা শাখাৰ পৰা গামোচা, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায়৷

প্ৰেৰক কল্যাণ কলিতা

You might also like