নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষক দিৱসত জাগীৰোড সমষ্টিৰ শিক্ষকলৈ অভিনন্দন পত্ৰ

🔹 জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ প্ৰশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা,  ৫ ছেপ্টেম্বৰ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকাই ৫ ছেপ্টেম্বৰত শিক্ষক সমাজক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। এইবেলিও ৬২ সংখ্যক শিক্ষক দিৱস উদ্যাপনৰ শুভক্ষণত মন্ত্ৰী হাজৰিকাই জাগীৰোড সমষ্টিৰ অন্তৰ্গত প্ৰতিখন শিক্ষানুষ্ঠানৰ প্ৰতিগৰাকী শিক্ষকক একোখনকৈ গামোচা, অভিনন্দন পত্ৰৰে সন্মান জনায়। আনহাতে, আজি জাগীৰোড মণ্ডল বিজেপিৰ নেতা-কৰ্মীয়ে জাগীৰোড সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ লগতে ঘুনুচা প্ৰাথমিক বিদ্যালয়তো দলীয় কৰ্মীসকলে উপস্থিত হৈ শিক্ষক-শিক্ষয়িত্ৰীসকলক মন্ত্ৰী পীয়ূষ হাজৰিকাৰ হৈ অভিনন্দন জনায়। অভিনন্দন গ্ৰহণ কৰি শিক্ষকসকলে মন্ত্ৰী হাজৰিকাৰ পদক্ষেপৰ শলাগ লৈ এনেধৰণৰ সন্মানে অধিক দায়িত্বশীল কৰা বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে মন্ত্ৰী পীয়ূষ হাজৰিকাই ২০১৬ চনৰ পৰাই শিক্ষক দিৱসত মানৱ সম্পদ গঢ়ি অহা খনিকৰসকলক সন্মান জনাই এক আদৰ্শ দাঙি ধৰিছে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like