বিদ্রোহৰ মাজতে দ্বিতীয় তালিকাঃ নামনিৰ টিকটত কংগ্রেছৰ নিমিলা অংক
প্রার্থিত্বকেন্দ্রিক সংঘাত, সমষ্টি ভাগ–বাটোৱাৰাত জটিলতা
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ মহাজোঁটৰ মাজত সমষ্টি ভাগ–বাটোৱাৰা আৰু প্রার্থিত্বকেন্দ্রিক সংঘাত এতিয়াও অব্যাহত আছে৷ প্রথম পর্যায়ৰ নির্বাচনৰ মনোনয়নৰ অন্তিম দিন কালি উকলি গ’ল৷ বর্তমান চলি আছে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন দাখিল পর্ব৷ কিন্তু এই মুহূর্তলৈ কংগ্রেছ আৰু অংশীদাৰ দলসমূহৰ মাজত আসন ভাগ–বাটোৱাৰা আৰু প্রার্থিত্বকেন্দ্রিক সংঘাতে মহাজোঁটক জুৰুলা কৰি আহিছে৷ সমষ্টিয়ে সমষ্টিয়ে আসন ভাগ–বাটোৱাৰাক লৈকংগ্রেছ আৰু এ আই ইউ ডি এফৰ মাজত মুকলি বিদ্রোহ অব্যাহত আছে৷ পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছে প্রার্থী তালিকা চূড়ান্ত কৰিও তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া নামনি অসমৰ ৪০ সমষ্টিৰ প্রার্থী তালিকা প্রকাশ কৰিবলৈ সাহস কৰা নাই৷ টিকট বঞ্চিতৰ লগতে মহাজোঁটৰ অংশীদাৰ দলক আসন এৰি দিয়াৰ বাবে হ’ব পৰা প্রতিবাদৰ ভয়তেই কংগ্রেছে প্রার্থী তালিকা প্রকাশৰ পৰা থমকি ৰ’ব লগা হৈছে৷ এক কথাত ক’বলৈ গ’লে প্রার্থিত্বকেন্দ্রিক সংখাত–সমষ্টি বুজাপৰাক লৈ উদ্ভৱ হোৱা প্রতিবাদ–আন্দোলনে নামনি অসমক লৈ মহাজোঁটৰ নেতৃত্ব বহনকাৰী বিগ ব্রাডাৰ কংগ্রেছৰ বাবে ‘নিমিলা অংক’ হৈ পৰিছে৷
অৱশ্যে মনোনয়ন দাখিলৰ অন্তিম দিন অহা ১২ মার্চ হোৱা হেতু কংগ্রেছে আজি মাজনিশা অহা ১এপ্রিলত দ্বিতীয় পর্যায়ত নির্বাচন অনুষ্ঠিতব্য ৩৯ সমষ্টিৰ ভিতৰত ২৬টাৰ বাবে প্রার্থী তালিকা ঘোষণা কৰে৷ ঘোষিত তালিকা অনুসৰি ৰাটাবাৰীত শম্ভূ সিং মাল্লা, পাথাৰকান্দিত শচীন চাহু, কৰিমগঞ্জ উত্তৰত কমলাক্ষ দে’ পুৰকায়স্থ, কৰিমগঞ্জ দক্ষিণত ছিদ্দিক আহমেদ, কাটলিচেৰাত সঞ্জীৱ ৰয়, শিলচৰত তামাল কান্তি বণিক, ঢ়লাইত কামাখ্যা প্রসাদ মালা, উদাৰবন্দত অজিত সিং, লক্ষীপুৰত মুকেশ পাণ্ডে, বৰখলাত মিছবাহুল ইছলাম লস্কৰ, কাটিগড়াত খলিলউদ্দিন মজুমদাৰ, হাফলঙত নির্মল লাংথাছা, হাওৰাঘাটত সঞ্জীৱ তেৰন, বৈঠালাংছ’ত আগস্তিন ইংহি, কমলপুৰত কিশোৰ কুমাৰ ভট্টাচার্য, নলবাৰীত প্রদ্যুৎ কুমাৰ ভূঞা, ছিপাঝাৰত কুলদ্বীপ বৰুৱা, মঙলদৈত বসন্ত দাস, দলগাঁৱত ইলিয়াছ আলী, জাগীৰোডত স্বপন কুমাৰ মণ্ডল, লাহৰীঘাটত ডাঃ আছিফ মহম্মদ নাজাৰ, ৰহাত শশীকান্ত দাস, নগাঁৱত শান্তনু শর্মা, বঢ়মপুৰত সুৰেশ বৰা, হোজাইত দেৱব্রত সাহা আৰু লামডিঙত স্বপন কৰ৷
লক্ষণীয়ভাৱে আজি কংগ্রেছে আজি প্রকাশ কৰা এই তালিকাত কেইবাখনো নতুন মুখে স্থান পাইছে৷ ইয়াৰ বিপৰীতে চাৰিজনকৈ প্রাক্তন মন্ত্রীয়ে টিকট লাভৰ পৰা বঞ্চিত হৈছে৷ তেওঁলোক হ’ল– ইতিপূর্বে ঢ়লাই সমষ্টিক প্রতিনিধিত্ব কৰা গিৰিন্দ্র মল্লিক, লাহৰীঘাটৰ ডাঃ নজৰুল ইছলাম, হোজাইৰ ডাঃ অর্ধেন্দু কুমাৰ দে’ আৰু খৰছিং ইংতি৷ অৱশ্যে লাহৰীঘাটক বর্তমানেও বিধানসভাত প্রতিনিধিত্ব কৰি থকা ডাঃ নজৰুল ইছলামৰ পুত্র ডাঃ আছিফ মহম্মদ নাজাৰক প্রার্থিত্ব প্রদান কৰা হৈছে৷ লক্ষণীয়ভাৱে কংগ্রেছৰ পৰা বহিষৃকত হোৱা ডাঃ ৰুমী নাথে বৰখলাৰ পৰা পুনৰ কংগ্রেছৰ টিকট লাভৰ আশা কৰিছিল যদিও শেষ সময়ত তেওঁ তালিকাত স্থান নাপালে৷ ইফালে প্রার্থিত্ব তথা আসন বুজাবুজিক লৈ উদ্ভৱ হোৱা সংঘাতপূর্ণ পৰিৱেশক লৈ আজি একপ্রকাৰ দায়সৰা মন্তব্য দিয়ে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰ দিবলৈ গৈ তেওঁ কয় যে প্রতিবাদ হোৱাটো স্বাভাৱিক৷ কাৰণ সেইবোৰ সমষ্টিত যোৱা পাঁচ বছৰ ধৰি কংগ্রেছে যথেষ্ট কষ্ট কৰি আহিছে৷ তদুপৰি সেইবোৰ সমষ্টিত কংগ্রেছৰ প্রার্থিত্বপ্রত্যাশীৰ সংখ্যাও অধিক৷ এনে অৱস্থাত এ আই ইউ ডি এফ বা অংশীদাৰ দলক আসন এৰাক লৈ তেওঁলোকে প্রতিবাদ কৰিবই৷ ইপিনে মহাজোঁটৰ বিগ ব্রাদাৰ কংগ্রেছৰ ভূমিকাত মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে অংশীদাৰ দল আঞ্চলিক গণ মর্চাই৷
আঞ্চলিক গণ মর্চাৰ নেতা লাচিত বৰদলৈয়ে এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে মহাজোঁটৰ অংশীদাৰ দলক আসন এৰা–ধৰাৰ ক্ষেত্রত কংগ্রেছে দুই–এখন আসন দলিয়াই দিয়াৰ দৰে আচৰণ কৰিছে৷ ইতিমধ্যে নির্বাচনৰ প্রক্রিয়া আৰম্ভ হৈ গ’ল যদিও মহাজোঁটৰ সমন্বয়ৰক্ষী সমিতিখন আজিলৈ কংগ্রেছে গঠন নকৰিলে৷ কমন মিনিমাম প্র’গ্রেমো যুগুতোৱা নাই৷ কংগ্রেছত বর্তমান লবীকেন্দ্রিক ৰাজনীতি চলি আছে৷ ইয়াৰ ফল মহাজোঁটত পৰিছে৷ আঞ্চলিক গণ মর্চাই কোনো প্রতিবাদ কৰা নাই যদিও আন অংশীদাৰ দলে প্রতিবাদ কৰিছে৷ বটদ্রৱা সমষ্টিত কংগ্রেছে জোৰ–জবৰদস্তি কৰি এগৰাকী প্রার্থী থিয় কৰাইছে৷ এ আই ইউ ডি এফে ইয়াৰ বিৰুদ্ধাচৰণ কৰি এগৰাকী নির্দলীয় প্রার্থীক থিয় কৰাইছে৷ বৰদলৈৰ মতে, কংগ্রেছে এইবোৰৰ পৰা শিক্ষা ল’ব লাগে৷ কিন্তু কংগ্রেছে শিক্ষা ল’ব নিবিচাৰে৷ মুঠতে কংগ্রেছৰ আচৰণক লৈ মুঠেই সন্তুষ্ট নহয় আঞ্চলিক গণ মর্চা৷
ইফালে এ আই ইউ ডি এফৰে আসন বুজাবুজিক লৈ মুকলি অসন্তুষ্টি ব্যক্ত কৰিছে কংগ্রেছ সাংসদ আব্দুল খালেকে৷ বিশেষকৈ কংগ্রেছ–এ আই ইউ ডি এফে কিছু সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা কৰিব ওলোৱাৰ প্রসংগত তেওঁ কয় যে জনিয়া–মানকাচৰ–বি পশ্চিম আদি সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব পাৰে৷ কিন্তু চেঙা–সৰুক্ষেত্রীত কোনো কাৰণতে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব নালাগে৷ চেঙা–সৰুক্ষেত্রী সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’লে বিজেপিকহে লাভান্বিত কৰা হ’ব৷ সেয়ে তেওঁ চেঙা–সৰুক্ষেত্রীত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি খালেকে কয় যে কংগ্রেছৰ হাইকমাণ্ডৰ লগতে এ আই ইউ ডি এফৰ নেতৃত্বকো বিষয়টো পুনৰ বিবেচনা কৰা উচিত৷ বিষয়টোৰ গুৰুত্ব অনুধাৱন কৰি তেওঁ সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনায়৷ তেওঁ আৰু কয় যে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনটোলৈকে মিত্রতাৰ দুৱাৰ খোলা থাকে৷ আসন বুজাবুজি তথা সমষ্টি এৰা–ধৰাক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ প্রসংগত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সুকীয়া সুকীয়াকৈ বিজেপিক উৎখাতৰ স্বার্থত দুই দলৰে নেতা–কর্মীসকলক এৰা–ধৰা কৰিবলৈ আহ্বান জনায়৷ এই সম্পর্কত ৰিপুণ বৰাই কয় যে সমষ্টিসমূহত সবল প্রার্থিত্বৰ দাবীদাৰ থাকিলেও জয়ী হোৱাৰ সম্ভাৱনীয়তা চাব লাগিব৷ য’ত জয়ী হোৱাৰ সম্ভাৱনীয়তা নাই, তাত আসন ল’লেও লাভ নহ’ব৷ চৰকাৰ কৰাৰ স্বার্থত কিছু ত্যাগ কৰিব লাগিব৷ কংগ্রেছে ইতিমধ্যে চাৰি–পাঁচটা স্বতন্ত্র পেছাদাৰী এজেন্সীৰ জৰিয়তে ছার্ভে কৰিছে৷ সেই ছার্ভেৰ ৰিপ’ট অনুসৰি আসন এৰা–ধৰা আৰু প্রার্থিত্ব প্রদান কৰিছে৷ তেওঁ অসমৰ স্বার্থত বিজেপিক প্রতিহত কৰিব লাগিব বুলি উল্লেখ কৰি দলীয় নেতা–কর্মীসকলক তাৰ বাবে ক’ৰবাত ক’ৰবাত কিছু ত্যাগ কৰিবলৈ আহ্বান জনায়৷
সেইদৰে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এক বিবৃতিত কয় যে অসমৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ অর্থে বাস্তৱ ৰাজনৈতিক কার্যসূচী গ্রহণ কৰাৰ বাবে ২০০৫ চনত এ আই ইউ ডি এফ গঠন হৈছিল৷ জন্মলগ্ণৰে পৰা দলটোৱে অসমৰ সর্বাংগীণ উন্নয়নৰ বাবে সদনৰ ভিতৰত আৰু বাহিৰত সংগ্রাম কৰি আহিছে৷ সমস্যাসমূহ সমাধানৰ বাবে এক বাস্তৱ কার্যসূচী গ্রহণ কৰাটো অপৰিহার্য বুলি ভাবি এইবাৰৰ নির্বাচনত দলে সমভাবাপন্ন ধর্মনিৰপেক্ষ আন আন দলৰ লগত এক মাহাজোঁটবন্ধনত অংশগ্রহণ কৰি বর্তমানৰ সাম্প্রদায়িক বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰাৰ প্রচেষ্টা হাতত লৈছে৷ বর্তমান তেনে উদ্দেশ্যত ৭টাকৈ দলে সমষ্টি এৰা–ধৰা আৰু বুজাবুজিৰ মনোভাবেৰে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা হাতত লৈছে৷ এই কার্যত এ আই ইউ ডি এফ দলে পূর্বতে প্রতিদ্বন্দ্বিতা কৰা কেইবাটাও সমষ্টি বন্ধু দলৰ বাবে এৰি দিবলগীয়া হৈছে আৰু বন্ধু দলেও একাধিক সমষ্টি এৰি দিছে৷ ফলত বহু সম্ভাৱনাপূর্ণ সমষ্টিত এইবাৰ দলৰ প্রার্থী দিয়াটো সম্ভৱ নহ’ল৷ দলৰ নেতা–কর্মীসকলে আশা কৰি থকা সমষ্টি এৰি দিয়াত বহু কর্মী অসন্তুষ্ট হৈ পৰিছে আৰু আৱেগিক হৈ প্রতিক্রিয়া প্রকাশ কৰিছে৷ আজমলে এনে পৰিস্থিতিৰ এক বৃহৎ উদ্দেশ্য আৰু লক্ষ্যত উপনীত হোৱাৰ স্বার্থত ত্যাগৰ মনোভাবেৰে সাম্য আৰু ধৈর্য ধৰিবলৈ আটাইকে আহ্বান জনোৱাৰ লগতে শান্তি–শৃংখলা বজাই ৰাখি দলে গ্রহণ কৰা সিদ্ধান্তৰ প্রতি সমর্থন জনাই মহাজোঁটবন্ধনৰ প্রতিগৰাকী প্রার্থীক আন্তৰিকতাৰে সহায় কৰি নির্বাচনত জয়ী কৰোৱাৰ আহ্বান জনায়৷