লোকসভা নির্বাচনৰ প্রাক্ক্ষণত চৰম অৰাজকতা: কংগ্রেছত বোকা ছটিওৱাৰ ৰাজনীতি অব্যাহত
- এইবাৰ দেৱব্রতক উভতি ধৰি ভূপেন বৰাই ক’লে– কমিটী গঠনত যদি ভুল হৈছে, সেয়া সংঘবদ্ধ ভুল, তাৰ বাবে ময়ো জগৰীয়া–দেৱব্রতো জগৰীয়া
- আব্দুল খালেক–প্রদ্যুৎ বৰদলৈ–দেৱব্রত শইকীয়াই প্রথমতে এআইইউডিএফৰে মিত্রতাৰ বিৰুদ্ধাচৰণ কৰিছিল– ভূপেন বৰা
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: লোকসভা নির্বাচনলৈ মাজত মাত্র এটা বছৰ বাকী থকা অৱস্থাত ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত বিৰাজ কৰিছে চৰম অৰাজকতা–স্থিৰতা৷ লবীকেন্দ্রিক ৰাজনীতিত জর্জৰিত হৈ পৰিছে দলটো৷ মূলতঃ এ আই ইউ ডি এফৰে মিত্রতা কৰা–নকৰা আৰু দলীয় বিভিন্ন কমিটী গঠনক কেন্দ্র কৰি প্রদেশ কংগ্রেছৰ নেতৃত্বৰ মাজত আৰম্ভ হৈছে চূড়ান্ত সংঘাত৷ শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ মাজত উদ্ভৱ হোৱা মতবিৰোধ আৰু সংঘাতে সাংঘাতিক ধৰণে দলটোক জোকাৰি গৈছে৷ ইতিমধ্যে বিষয়টোক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি৷
উল্লেখ্য যে যোৱা ৩ ফেব্রুৱাৰীত বিৰোধী দলপতি দেৱব্রত শইকীয়াই প্রদেশ কংগ্রেছৰ সভাপতিলৈ প্রেৰণ কৰা এখন পত্রত বহু নিষ্ঠাৱান, যোগ্য কংগ্রেছীক দলৰ দায়িত্ব প্রদান নকৰাত তীব্র অসন্তুষ্টি ব্যক্ত কৰে৷ লক্ষণীয়ভাৱে বিৰোধী দলপতি শইকীয়াৰ অভিযোগ আজি সংবাদ মাধ্যমৰ আগত পোনছাটেই নস্যাৎ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ বিৰোধী দলপতি শইকীয়াক উভতি ধৰি প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয়– দলৰ কমিটী গঠনত যদি ভুল হৈছে, সেয়া সংঘবদ্ধ ভুল৷ তাৰ বাবে সভাপতি হিচাপে ময়ো জগৰীয়া আৰু বিৰোধী দলপতি শইকীয়াও জগৰীয়া৷ কাৰণ, এইবাৰ প্রদেশ কংগ্রেছৰ কমিটীখন পুনৰ গঠন কৰাৰ ক্ষেত্রত এ আই চি চিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে অকল তেওঁৰ সৈতে আলোচনা কৰি গঠন কৰা নাই৷ ইয়াৰ পৰিৱর্তে জিতেন্দ্র সিঙে তেওঁৰ উপৰি বিৰোধী দলপতি দেৱব্রত শইকীয়া, কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইন, প্রদেশ কংগ্রেছৰ তিনি কার্যকৰী সভাপতিৰ সৈতে আলোচনা কৰিছে৷ এতিয়া বিৰোধী দলপতিয়ে পত্রত কোৱা কথাবোৰ সেই বৈঠকত কোৱা নাছিল৷ সভাপতি বৰাৰ স্পষ্ট কথা– কমিটী পুনৰ গঠনৰ বিষয়ে আনে নাজানিলেও শইকীয়াই ভালদৰে জানে৷ দলৰ প্রতিখন বৈঠকত তেওঁ উপস্থিত আছিল৷ নতুন কমিটী গঠনত তেওঁ প্রত্যক্ষভাৱে জড়িত৷ সেয়ে কমিটী গঠনত যদি কিবা ভুল হৈছে, সেয়া সংঘবদ্ধ ভুল৷ দেৱব্রত শইকীয়াৰ পত্রৰ প্রসংগত সভাপতি বৰাই আৰু কয় যে তেওঁ চিঠিখন যোৱা ৩ ফেব্রুৱাৰীত লিখিছে৷ কিন্তু সেই চিঠি লিখাৰ পূর্বে তেওঁৰ সৈতে বিৰোধী দলপতি শইকীয়াই শ্রীনগৰত তিনি দিন একেখন হোটেলতে আছিল৷ সেইদৰে বৰাক উপত্যকাতো তেওঁলোক দুয়ো তিনি দিন একেলগে আছিল৷ সেই সময়ত দুয়ো দলটোক কেনেদৰে শক্তিশালী কৰিব, সেই বিষয়ে আলোচনা কৰিছিল৷
আনহাতে, এ আই ইউ ডি এফৰে মিত্রতা ছেদৰ প্রসংগ উত্থাপন কৰি সভাপতি বৰাই কয় যে সাংসদ আব্দুল খালেক, প্রদ্যুৎ বৰদলৈ আৰু বিৰোধী দলপতি শইকীয়াই প্রথমে এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰিছিল৷ এই সম্পর্কত তেওঁৰ হাতত কাগজ আছে৷ খালেক, প্রদ্যুৎ বৰদলৈ, দেৱব্রত শইকীয়া আৰু ৰাণী নৰহে স্বাক্ষৰ কৰি এ আই ইউ ডি এফৰে মিত্রতা ছেদৰ প্রস্তাৱ দিছিল৷ এই প্রসংগতে বৰাই আৰু কয় যে সাংসদ গৌৰৱ গগৈয়ে প্রথমে এ আই ইউ ডি এফৰে মিত্রতা ছেদ কৰিব লাগে বুলি সংবাদ মেলযোগে প্রকাশ কৰিছিল৷
ইফালে, আসন্ন লোকসভা নির্বাচনৰ পূর্বে কংগ্রেছৰে মিত্রতা হোৱাৰ আশাত বন্দী হৈ আছে সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দল৷ এ আই ইউ ডি এফৰ বিধায়ক সুজাম উদ্দিন লস্কৰে আজি সংবাদ মাধ্যমৰ আগত কয় যে কংগ্রেছ দলৰ প্রধান ৰাজধানী দিল্লী৷ কংগ্রেছৰ মা–দেউতা ছোনিয়া গান্ধী–ৰাহুল গান্ধী৷ যদি পিতৃ–মাতৃয়ে মিত্রতা বিচাৰে, তেতিয়াহ’লে এ আই ইউ ডি এফৰ কংগ্রেছৰ সৈতে মিত্রতা হ’বই৷ ৰাজ্যৰ কংগ্রেছ নেতৃত্বক ল’ৰা–ছোৱালীৰ সৈতে তুলনা কৰি বিধায়ক লস্কৰে কয় যে পিতৃ–মাতৃয়ে যদি মিত্রতা বিচাৰে, ইয়াত থকা ল’ৰা–ছোৱালীয়ে হাল্লা কৰি কি লাভ হ’ব? বিধায়ক লস্কৰৰ মতে, মিত্রতা নহ’লে সমাগত লোকসভা নির্বাচনত অসমত কংগ্রেছ বিগ জিৰ’ হ’ব৷ আৰু মিত্রতা হ’লে কংগ্রেছৰ লগতে তেওঁলোকো উপকৃত হ’ব৷