নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ আসন্ন বিধানসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফে মিত্রতা কৰি নির্বাচনী যুঁজত অৱতীর্ণ হ’ব লাগিব নহ’লে দুয়োটা দলৰ বাবেই বিপদ অনিবার্য৷ –এই সকীয়নি এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ৷ উল্লেখ্য যে কংগ্রেছ আৰু এআইইউডিএফৰ বহুচর্চিত মিত্রতাক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত তীব্র ক্ষোভ, অসন্তুষ্টি, বিদ্রোহ বিৰাজ কৰাৰ পৰিপ্রেক্ষিতত এআইচিচিয়ে সমগ্র বিষয়টো সম্পর্কত জনসাধাৰণৰ মতামত গ্রহণৰ বাবে এক ছার্ভেৰ ব্যৱস্থা কৰিছে৷ সেই ছার্ভেৰ পিছতহে নতুন দিল্লীয়ে এআইইউডিএফৰে মিত্রতা কৰা–নকৰা সম্পর্কত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ কংগ্রেছৰ এই স্থিতিৰ বিপৰীতে এআইইউডিএফৰ সভাপতি আজমলে আজি সংবাদ মাধ্যমৰ আগত কয় যে অহা বিধানসভা নির্বাচনত কংগ্রেছ আৰু এআইইউডিএফ মিলি নির্বাচন খেলিবই লাগিব নহ’লে দুয়োৰে বিপদ আছে৷ আজমলে আৰু কয় যে তেওঁলোক হৈছে সৰু দল, কংগ্রেছ ডাঙৰ দল৷ তেওঁলোকৰ পাবলৈও নাই, হেৰুৱাবলৈও নাই৷ কিন্তু কংগ্রেছৰ কি হ’ব? শেহতীয়াকৈ হায়দৰাবাদত কংগ্রেছে মাত্র দুখন আসনত জয়লাভ কৰা, অসমৰ বিটিচিত এখন আসন আৰু তিৱা স্বায়ত্ত পৰিষদত এখন আসন লাভ কৰাৰ প্রসংগ উল্লেখ কৰি আজমলে এই বিষয়সমূহ কংগ্রেছক ভালদৰে বিশ্লেষণ কৰিবলৈ আহ্বান জনায়৷ মুঠতে এআইইউডিএফৰ সভাপতি আজমলে এইবাৰ যিকোনো প্রকাৰে কংগ্রেছৰ সৈতে মিত্রতা কৰিবলৈ উদগ্রীৱ হৈ পৰিছে৷ উল্লেখ্য যে যোৱা কেইবামাহ ধৰি আজমলে বাৰম্বাৰ কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাৰ প্রসংগ দোহাৰি আহিছে৷ প্রদেশ কংগ্রেছৰ পর্যবেক্ষক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে মিত্রতাৰ বিষয়টো দলৰ কেন্দ্রীয় নেতৃত্বইহে চূড়ান্ত কৰিব বুলি যোৱা নৱেম্বৰ মাহৰ আৰম্ভণিতে গুৱাহাটীলৈ আহি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ ইয়াৰ পিছতেই আজমলে কংগ্রেছৰে তেওঁলোকৰ মিত্রতা হ’বই বুলি ব্যক্ত কৰি এই বিষয়ত তেওঁ নতুন দিল্লীত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ সৈতে আলোচনাত মিলিত হৈ মিত্রতা চূড়ান্ত কৰিব বুলিও প্রকাশ কৰে৷ বহু সময়ত আজমলে কংগ্রেছৰে মিত্রতা দিল্লীত শীর্ষ নেতৃত্বৰে আলোচনা কৰি চূড়ান্ত কৰিব বুলি দৃঢ় মত পোষণ কৰি আহিছে৷ নতুন দিল্লীত কংগ্রেছ নেতৃত্বৰ সৈতে থকা সু–সম্পর্কৰ বাবেই আজমলে সময়ে সময়ে মিত্রতাৰ বিষয়টোত কংগ্রেছৰ ৰাজ্যিক নেতৃত্বকো উলাই কৰি আহিছে৷ আজি আজমলে তেওঁলোকৰ সৈতে কংগ্রেছে মিত্রতা নকৰিলে অহা ২০২১ৰ বিধানসভা নির্বাচনত দুয়োৰে ক্ষতি হ’ব বুলি কৰা মন্তব্য ৰাজনৈতিক দৃষ্টিকোণৰ পৰা যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷
মিত্রতা সন্দর্ভত এআইচিচিয়ে চলাই আছে ছার্ভে, জানুৱাৰীৰ প্রথম সপ্তাহত সিদ্ধান্ত
কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা এতিয়াও চূড়ান্ত হোৱা নাই৷ বর্তমান এই সম্পর্কত নিখিল ভাৰত কংগ্রেছ কমিটীয়ে ৰাইজৰ মতামত লৈ ছার্ভে কৰি আছে৷ অহা জানুৱাৰী মাহৰ প্রথম সপ্তাহত ছার্ভেৰ ৰিপ’ট আহিব৷ তাৰ পিছতহে দুই দলৰ মাজত মিত্রতা হয় নে নাই, সেই সিদ্ধান্ত চূড়ান্ত হ’ব৷ –এই মন্তব্য নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেবৰ৷ আজি ৰাজীৱ ভৱনত প্রদেশ মহিলা কংগ্রেছৰ এক বৈঠকত অংশগ্রহণ কৰিবলৈ আহি মহিলা কংগ্রেছৰ সর্বভাৰতীয় সভাপতি দেবে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি অলপতে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে তেওঁক জনোৱা অনুসৰি এতিয়ালৈ এআইইউডিএফৰে মিত্রতা সম্পর্কত কোনো আলোচনা হোৱা নাই৷ এআইচিচিৰ তৰফৰ পৰা সেই বিষয়ত আৰম্ভ কৰা ছার্ভে ৰিপ’ট লাভৰ পিছতহে দলে মিত্রতা কৰা–নকৰা সম্পর্কত সিদ্ধান্ত গ্রহণ কৰিব৷ ইপিনে, ৰাজীৱ ভৱনত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আজি এখন সংবাদ মেলত কয় যে মিত্রতাৰ বিষয় এটা ২৪ ঘণ্টাৰ ভিতৰত নিষ্পত্তি হোৱা বিষয় নহয়৷ কেইবালানি আলোচনা আৰু বিচাৰ–বিশ্লেষণৰ পিছতহে তেনে বিষয়ত সিদ্ধান্ত ল’ব পৰা যায়৷ কংগ্রেছ আৰু এআইইউডিএফ দুয়োটা দলেই মিত্রতাৰ দুৱাৰ মুকলি ৰাখিছে৷ তদুপৰি কংগ্রেছে অকল এআইইউডিএফৰে মিত্রতাৰ কথাই কোৱা নাই, বিভিন্ন ৰাজনৈতিক দলৰ লগতে জনগোষ্ঠীয় সংগঠনৰ লগতো কথা পাতি থকা হৈছে৷ আনহাতে এআইইউডিএফৰে মুকলি মিত্রতাৰ পৰিৱর্তে গোপন মিত্রতাৰ বিষয়টো চলি থকা সম্পর্কত সভাপতি বৰাই অস্বীকাৰ কৰাৰ পৰা বিৰত থাকে৷ এই সম্পর্কত সভাপতি বৰাই কয় যে দলৰ ভিতৰুৱা কৌশলৰ কথা তেওঁ ৰাজহুৱা কৰিব নোৱাৰে৷ মিত্রতাৰ বিষয়টো যেতিয়ালৈকে নিষ্পত্তি নহ’ব, তেতিয়ালৈ তেনেধৰণৰ কথা ওলাই থাকিব৷ নির্বাচন পর্যন্ত বহু কথাই ওলাব৷ ইপিনে, কংগ্রেছৰ একাংশই প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনিৰ দাবী কৰাৰ প্রসংগত তেওঁ কয় যে এই বিষয়ে হাইকমাণ্ডে সিদ্ধান্ত ল’ব৷ মই দলৰ এজন শৃংখলাবদ্ধ সৈনিক হিচাপে কাম কৰি আছোঁ আৰু কৰি যাম৷ হাইকমাণ্ডে যদি মোক নেতৃত্বৰ পৰা আঁতৰায়, মই আঁতৰি আহিম আৰু যদি দায়িত্ব চলাই যাবলৈ কয়, মই দায়িত্ব চলাই যাম৷ হাইকমাণ্ডে যি সিদ্ধান্তই নলওক কিয়, মই হাইকমাণ্ডৰ সিদ্ধান্তক সন্মান কৰিম৷ আনহাতে এআইইউডিএফৰে মিত্রতা কৰিলে কংগ্রেছ ক্ষতিগ্রস্ত হ’ব বুলি একাংশই কৰা শংকা অগ্রাহ্য কৰি সভাপতি বৰাই কয় যে আমাৰ দেশত ধর্মৰ নামত ভোট নাহে৷ ২০১৪ আৰু ২০১৬ চনৰ নির্বাচনত কংগ্রেছৰ এআইইউডিএফৰে মিত্রতা নাছিল৷ তেতিয়াও বিজেপিয়ে হিন্দুৰ কথা কৈ ভোট বিচাৰিছিল৷ এতিয়াও বিজেপিয়ে ৬৫ ঃ ৩৫ৰ কথা কৈ আছে৷ সেইটো বিজেপিৰ এজেণ্ডা৷ ইফালে, সদ্যসমাপ্ত বিটিচি আৰু তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনত কংগ্রেছ দল শোচনীয়ভাৱে বিপর্যস্ত হোৱাৰ পিছতো আত্মসন্তুষ্টিৰ খতিয়ান দাঙি ধৰি বৰাই কয় যে বিটিচিত বিগত ২০ বছৰ ধৰি কংগ্রেছ নাছিল৷ এইবাৰ কংগ্রেছে প্রার্থিত্ব দিয়া প্রতিটো সমষ্টিতে ২০০০ৰ পৰা ১১,০০০লৈ ভোট লাভ কৰিছে৷ শ্রীৰামপুৰ পৰিষদীয় সমষ্টিৰ পৰা নির্বাচিত জনপ্রতিনিধিগৰাকী পৰৱর্তী পর্যায়ত বিজেপিলৈ গ’ল যদিও এইবাৰ বিটিচি নির্বাচনত তেৱেঁই ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত সর্বাধিক ভোটত জয়লাভ কৰিছে৷ তদুপৰি বিধানসভা ভিত্তিত ফলাফল পর্যালোচনা কৰিলে কংগ্রেছে গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কলাইগাঁও আৰু মাজবাট সমষ্টিত জয়লাভ কৰিছে৷ সেইদৰে তিৱা স্বায়ত্ত পৰিষদত আগতে কংগ্রেছৰ লগত থকা ৰমাকান্ত দেউৰী, পৱন মান্তা আঁতৰি যোৱাৰ বাবেই দলত তিৱা জনগোষ্ঠীয় নেতাৰ অভাৱৰ বাবেই ফলাফল বেয়া হয়৷ অৱশ্যে ২০১৪, ২০১৫ আৰু ২০১৬ৰ তুলনাত অঞ্চলটোত এইবাৰ কংগ্রেছৰ ফলাফল উন্নত হৈছে৷ ইফালে, আজি ৰাজীৱ ভৱনত এক যোগদান কার্যসূচীত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে বিশেষ প্রট’কল বিষয়া হিচাপে কর্মৰত তথা যোৱা ৫ ডিচেম্বৰত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা বিপুল গগৈয়ে আনুষ্ঠানিকভাৱে কংগ্রেছ দলত যোগদান কৰে৷ সেইদৰে চলচ্চিত্র উদ্যোগৰ সৈতে জড়িত জয়ন্ত কুমাৰ সিন্হা, চিকিৎসক ছাদিক হুছেইন, ধীৰাজ বৰপূজাৰী, তৃণমূল কংগ্রেছৰ প্রাক্তন মুখপাত্র ভৱানী কলিতায়ো কংগ্রেছ দলত যোগদান কৰে৷ ৰাজীৱ ভৱনত আয়োজিত সংবাদ মেলখনত সভাপতি বৰাই ২০১৮–১৯ বিত্তীয় বর্ষত বাজেটত দিয়া প্রতিশ্রুতিসমূহৰ সিংহভাগেই চৰকাৰখনে ৰূপায়ণ কৰিব নোৱাৰাৰ অভিযোগ কৰি বিস্তৃত খতিয়ান দাঙি ধৰে৷