নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়া–কাকপথাৰত কংগ্রেছ অজাপক তীব্র সমালোচনা ড০ শর্মাৰ

‘জগদীশ ভূঞা ছীজন ফ্লাৱাৰ, ভয় আজমলৰ ৰঙা চকুলৈ’

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ  বিধানসভা নির্বাচনত ১০০ প্লাছ আসন দখলৰ লক্ষ্যৰে ব্যাপক কুচকাৱাজ আৰম্ভ কৰা বিজেপিয়ে শেহতীয়াকৈ উজনি অসমত আৰম্ভ কৰিছে ৰাজনৈতিক তৎপৰতা৷ এই উদ্দেশ্যে দুদিনীয়া কার্যসূচীৰে শদিয়াত উপস্থিত হোৱা ৰাজ্য চৰকাৰৰ বিত্ত, শিক্ষা, লোকনির্মাণ, স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে বিশাল সভাৰে নির্বাচনী ৰণশিঙা বজালে৷ শদিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া–বুঢ়ী মন্দিৰ দর্শন কৰি স্থানীয় শান্তিপুৰ অঞ্চলত আয়োজিত এক জনসভাৰ ভাষণত কংগ্রেছ আৰু অসম জাতীয় পৰিষদ (এজেপি)ক তীব্র ভাষাৰে সমালোচনা কৰি কয়– কংগ্রেছৰ চৰকাৰ অসমতেই নহয়, এতিয়া সমগ্র উত্তৰ–পূবতে নাই৷ এটা পাম্প যোৱা বেলুনত পৰিণত হৈছে কংগ্রেছ দল৷ কংগ্রেছক ভোট দিলে সেই ভোট অথলে যাব৷ আনহাতে এজেপিৰ ৰাজ্যিক সমন্বয়ক তথা শদিয়াৰ প্রাক্তন বিধায়ক জগদীশ ভূঞাক তীব্র ভাষাৰে সমালোচনা কৰি ড০ শর্মাই কয়– ব’হাগ বিহুৰ সময়ত কুলি চৰায়ে যেনেকৈ মাতে, ঠিক তেনেকৈ নির্বাচনৰ আগত কুলি চৰাইৰ দৰে শদিয়াৰ ৰাইজে জগদীশ ভূঞাক দেখিবলৈ পায়৷ তেওঁ ছীজন ফ্লাৱাৰৰ দৰে৷ জগদীশ ভূঞা যেতিয়া শদিয়াৰ বিধায়ক হৈ আছিল, তেতিয়া তেওঁৰ চেহেৰাটো সুন্দৰ হৈ আছিল৷ কিন্তু শদিয়াৰ চেহেৰা সুন্দৰ নাছিল৷ বর্তমানৰ বিধায়ক বলীন চেতিয়াৰ কার্যকালতে শদিয়াই নতুন ৰূপ পালে৷

কংগ্রেছ আৰু এজেপিক সমালোচনা কৰি তেওঁ কয়– এই দল দুটা এটা মুদ্রাৰ ইপিঠি–সিপিঠি৷ দৰাচলতে দুয়োটা দলেই এটা দলৰে অংশ৷ জগদীশ ভূঞাক সমালোচনা কৰি মন্ত্রীগৰাকীয়ে কয়– এজেপি তথা জগদীশ ভূঞাই গোর্খাসকলক, অসম মাতৃক ভালপোৱা বাঙালী–বিহাৰীসকলক্ খিলঞ্জীয়া বুলি ক’ব নোখোজে৷ কিন্তু মিঞা মিউজিয়ামৰ প্রসংগ আহিলে তেওঁলোকে নীৰৱে থাকে৷ কিয়নো তেওঁলোকে আজমলৰ ৰঙাচকুক ভয় কৰে৷ কংগ্রেছ আৰু নতুন ৰাজনৈতিক দলে আজমলৰ লগ লাগি চৰকাৰ গঠনৰ কথা চিন্তা কৰে৷ তেওঁলোকে খিলঞ্জীয়া লোকৰ কথা চিন্তা নকৰে৷ সেয়েহে আমি একত্রিত হৈ ৩৫ শতাংশৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷ কংগ্রেছ আৰু এআইইউডিএফে মিলি অসমত মিঞা মিউজিয়াম কৰিব বিচাৰিছে, আৰবী ভাষাৰ প্রচলন কৰিব বিচাৰিছে৷ অসমলৈ কংগ্রেছে যেনেদৰে এদিন মোগল আনিছিল, আজি তেওঁলোকে আজমলক আনিছে৷ যাতে আজমলক অসমখন গতাই দিব পাৰে৷ কিন্তু এটা কথা স্পষ্ট– যেতিয়ালৈকে অসমত বিজেপি থাকিব, তেতিয়ালৈকে মিঞা মিউজিয়াম নহ’ব৷ শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি অসমত কংগ্রেছ আৰু এআইইউডিএফক সফল হ’বলৈ নিদিওঁ৷ কংগ্রেছ–এআইইউডিএফৰ্ সমর্থনত থকা লোকসকলে ইতিমধ্যে ৩৫ শতাংশ পাৰ কৰিছে৷ আমি মাত্র ৬৫ শতাংশহে আছোঁ৷ দুর্ভাগ্যৰ বিষয়টো হ’ল যে আমাৰ এই ৬৫ শতাংশ লোকে একত্রিত হৈ থাকিব নোখোজে৷ নির্বাচন আহিলে আমি আহোম, বামুণ, কলিতা আদি শব্দৰে বিভাজন আনো৷ কিন্তু ৩৫ শতাংশই আৰবৰ পৰা গুৱাহাটীলৈ, আৰবৰ পৰা ধুবুৰীলৈ, আৰবৰ পৰা বাংলাদেশ–পাকিস্তান একত্রিত হৈ আছে৷ ফলত নির্বাচনত তেওঁলোকৰ ভোট একত্রিত হৈ থাকে৷ ৯৯ শতাংশ ভোট এটা ঠাইত পৰে৷ কিন্তু আমাৰ বেলট বাকচ খুলিলে ভোট বিভাজিত হৈ থাকে৷ এই পৰিস্থিতিৰ বাবেই আজি আমাৰ হাতৰ পৰা ৪০টা সমষ্টি আজমলে নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে মঙলবাৰে কেইবাটাও গুৰুত্বপূর্ণ কার্যসূচীৰে শদিয়াত উপস্থিত হোৱা মন্ত্রী ড০ শর্মাই বিয়লিৰ ভাগত শদিয়াৰ চপাখোৱাৰ আৱর্ত ভৱনত শদিয়া মহকুমাৰ প্রশাসনিক বিষয়াসকলৰ সৈতে সমষ্টিটোৰ বিভিন্ন সমস্যাৰ ওপৰত এক আলোচনাত মিলিত হয়৷ উক্ত বৈঠকত উপস্থিত থাকে লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক বলীন চেতিয়া৷ আনহাতে আজি পুৱা শদিয়াৰ ঐতিহ্যমণ্ডিত বুঢ়া–বুঢ়ীৰ মন্দিৰ দর্শন কৰি সেৱা জনোৱাৰ পিছত মন্দিৰৰ চৌহদতে দেউৰী স্বায়ত্তশাসিত পৰিষদে অনুদান দিয়া ১০ লাখ টকাৰ খোৱাপানী আঁচনিৰ আধাৰশিলা স্থাপন কৰে৷ এই কার্যসূচীৰ পিছতেই শান্তিপুৰ অঞ্চলত লোকনির্মাণ বিভাগৰ ছিগনেচাৰ আঁচনিৰ অধীনত ৯.৯৯ কোটি টকা ব্যয়েৰে নির্মাণ কৰি থকা এটা পথৰ আধাৰশিলা স্থাপন কৰে৷ এই কার্যসূচীৰ পিছতেই শদিয়াৰ বিবেকানন্দ কেন্দ্রত সাংসদ প্রদান বৰুৱাৰ সৈতে সুধাকণ্ঠৰ নামত উৎসর্গিত ১০ লাখ টকাৰে নির্মাণ কৰিবলগীয়া এটা পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰে৷

You might also like