নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজস্বী যাদৱ বিহাৰৰ জংঘলৰাজৰ যুৱৰাজ

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ বিহাৰত আজি প্রথম পর্যায়ৰ নির্বাচনৰ ভোটগ্রহণ চলি থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আক্রমণাত্মক মন্তব্য কৰি ৰাজ্যখনৰ ভোটাৰসকলক জংঘলৰাজৰ যুৱৰাজ তেজস্বী যাদৱৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনাইছে৷ প্রধানমন্ত্রী মোদীয়ে মুজাফফৰপুৰত দ্বিতীয়টো সমাৱেশত অংশগ্রহণ কৰি আৰ জে ডিৰ নেতাগৰাকীৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়ায়৷

আৰ জে ডিৰ দিনত বিহাৰত জংঘলৰাজ আছিল বুলি উল্লেখ কৰি তেজস্বী যাদৱে পুনৰ এই জংঘলৰাজ ৰাজ্যখনত প্রৱর্তন কৰিবলৈ চেষ্টা চলাই থকা বুলিও মন্তব্য কৰে মোদীয়ে৷ আৰ জে ডিয়ে ক্ষমতা লাভ কৰিলে তেজস্বী যাদৱে ৰাজ্যখনত ১০ লাখ স্থায়ী চৰকাৰী চাকৰিৰ প্রতিশ্রুতি দিয়া বিষয়টো সন্দর্ভত মোদীয়ে উল্লেখ কৰে যে ক্ষমতালৈ আহিলে আৰ জে ডিয়ে চৰকাৰী–বেচৰকাৰী সকলো চাকৰিৰ প্রতিশ্রুতি পাহৰি যাব৷

বিহাৰক অন্ধকাৰৰ পৰা উলিয়াই অনা নীতিশ কুমাৰক ৰাজ্যখনৰ জনসাধাৰণে পুনৰ মুখ্যমন্ত্রী হিচাপে লাভ কৰিলেহে জনসাধাৰণৰ প্রগতি সম্ভৱ হ’ব বুলিও মোদীয়ে উল্লেখ কৰে৷ স্মর্তব্য যে আৰ জে ডিয়ে পূর্বে ১৫ বছৰ বিহাৰক শাসন কৰাৰ সময়ত লুণ্ঠন, অপহৰণ আদি ঘটনাৰ বাবেই বিভিন্ন কোম্পানীয়ে দুৱাৰ বন্ধ কৰিবলগীয়া হৈছিল বুলিও মন্তব্য কৰে প্রধানমন্ত্রী মোদীয়ে৷

You might also like