নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শালপাৰাত কংগ্ৰেছ-বিজেপি কৰ্মীৰ প্ৰচণ্ড মাৰপিট

🔹 আহত ২ বিজেপি কৰ্মী 

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ : ৰূপহীহাটৰ শালপাৰাত আজি দিনৰ ভাগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এটা ফেচবুক পোষ্টক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। শালপাৰা বজাৰত ৰৈ থকা অৱস্থাত হাজী জিয়াউৰ ৰহমানৰ নেতৃত্বত চাৰি-পাঁচজনীয়া এটি দলে আক্ৰমণ কৰে আজাদ হুছেইন আৰু ফাৰুক আহমেদ নামৰ দুজন লোকক। উক্ত আক্ৰমণত গুৰুতৰভাৱে আহত দুজনক প্ৰথমে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে৷ হাজী জিয়াউৰ ৰহমান হৈছে বন বিভাগৰ চতুৰ্থ বৰ্গৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ কৰ্মচাৰী। পূৰ্বৰ পৰাই হাজী জিয়াউৰ ৰহমানে মুকলিকৈ ৰাজনীতিৰ লগত জড়িত হৈ আছিল।ফেচবুক পোষ্টৰ গইনা লৈ হাজী জিয়াউৰ ৰহমানে আক্ৰমণ কৰে বিজেপি কৰ্মী দুগৰাকীক। ঘটনা সন্দৰ্ভত ৰূপহীহাট থানাত গোচৰ ৰুজু কৰে ভুক্তভোগীয়ে। আনহাতে, হাজী জিয়াউৰ ৰহমানে তেওঁৰ বাসগৃহত গৈ আক্ৰমণ কৰাৰ অভিযোগ তুলি বিজেপি কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like