নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰে এতিয়াও কোনো দলৰ হোৱা নাই মিত্রতা

মহাজোঁটঃ জিতেন্দ্র সিঙৰ কৌশলী মন্তব্য

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ অহা ২০২১ চনৰ বিধানসভা নির্বাচন সম্পর্কত কংগ্রেছ দলে কোনো দলৰে মিত্রতা কৰা নাই৷ প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে মহাজোঁট গঠনৰ পৰামর্শ দিলেও এই সম্পর্কত নিখিল ভাৰত কংগ্রেছ কমিটীয়েহে সিদ্ধান্ত গ্রহণ কৰিব৷ –এই মন্তব্য নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙৰ৷ আজি দুপৰীয়া মহানগৰীৰ হোটেল গেটৱে গ্রেণ্ডিয়ৰত আয়োজিত এখন সংবাদ মেলত বহুচর্চিত মহাজোঁট গঠন আৰু মিত্রতা সম্পর্কত পর্যবেক্ষক সিঙে কয় যে এতিয়ালৈ কোনো দলৰে কংগ্রেছৰ মিত্রতা হোৱা নাই৷ দলীয় কর্মকর্তাৰ লগতে সাধাৰণ ৰাইজৰ লগত কথা পাতি এই বিষয়ত তেওঁ নিখিল ভাৰত কংগ্রেছ কমিটীক প্রতিবেদন দাখিল কৰিব৷ যোৱা তিনি নৱেম্বৰত তেওঁৰ উপস্থিতিত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে মহাজোঁট গঠনৰ পৰামর্শ আগবঢ়াইছে৷ সেই পৰামর্শ সম্পর্কত দলৰ সংবিধান অনুসৰি এ আই চি চিয়েহে সিদ্ধান্ত গ্রহণ কৰিব৷ তাৰ পাছতহে মিত্রতা তথা মহাজোঁট সম্পর্কত চর্চা আৰম্ভ হ’ব৷ বর্তমান যি চর্চা চলিছে, তাৰ কোনো সত্যতা নাই৷ কংগ্রেছ দলৰ কোনোবাই তেনে চর্চা কৰিলেও সেয়া তেওঁৰ ব্যক্তিগত চিন্তা–চর্চাহে হ’ব৷ দলৰ সিদ্ধান্ত এ আই চি চিয়েহে গ্রহণ কৰিব৷ জিতেন্দ্র সিং বা কাৰো ব্যক্তিগত মতামতৰ ভিত্তিত মিত্রতা বা মহাজোঁট নহয় বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷

উল্লেখ্য যে যোৱা আগষ্ট মাহত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ ক’ৰ কমিটীৰ বৈঠকে এ আই ইউ ডি এফৰে মিত্রতাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পাছতেই ৰাজ্যৰ কংগ্রেছ শিবিৰত তীব্র আলোড়ন সৃষ্টি হয়৷ দলটোৰ সংখ্যালঘু শিবিৰৰ একাংশ নেতাই ছিনিয়ৰ কংগ্রেছ লীডার্ছ টীম নামেৰে মঞ্চ এখন গঠন কৰি এ আই ইউ ডি এফৰে মিত্রতাৰ তীব্র বিৰোধিতা কৰে৷ এই সম্পর্কত যোৱা ৪ নৱেম্বৰত ছিনিয়ৰ কংগ্রেছ লীডার্ছ টীমে পর্যবেক্ষক জিতেন্দ্র সিঙক সাক্ষাৎ কৰি এ আই ইউ ডি এফৰে মিত্রতাৰ প্রক্রিয়া বন্ধ কৰিবলৈ দাবী জনায়৷ আনকি কালি পাঠশালাত অনুষ্ঠিত দলীয় নেতা–কর্মীৰ বৈঠকতো বিভিন্নজন নেতাই এ আই ইউ ডি এফৰে মিত্রতাৰ প্রকাশ্যে বিৰোধিতা কৰে৷ ইয়াৰ উপৰি উজনি অসমৰো গৰিষ্ঠসংখ্যক কংগ্রেছ নেতাই এ আই ইউ ডি এফৰে মিত্রতাৰ বিৰোধিতা কৰি আহিছে৷ এ আই ইউ ডি এফক লৈ কংগ্রেছৰ ভিতৰচ’ৰাত অব্যাহত থকা এনে বিতর্কৰ মাজতে আজি পর্যবেক্ষক সিঙে এতিয়াও কোনো দলৰে কংগ্রেছৰ মিত্রতা হোৱা নাই বুলি মন্তব্য কৰি এই সম্পর্কত হাইকমাণ্ডেহে সিদ্ধান্ত ল’ব বুলি কৰা ঘোষণাই বিশেষ তাৎপর্য বহন কৰিছে৷ ইপিনে বিগত লোকসভা নির্বাচনৰ সময়ৰে পৰাই ব্যাপক চর্চা লাভ কৰি অহা প্রদেশ কংগ্রেছৰ নেতৃত্ব সলনিৰ বিষয়টো সম্পর্কতো সাংবাদিকৰ প্রশ্ণৰ উত্তৰত পর্যবেক্ষক সিঙে কয় যে এই সম্পর্কত এ আই চি চিয়েহে সিদ্ধান্ত ল’ব৷ এই প্রসংগতে তেওঁ কয় যে বর্তমানৰ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই দলৰ বাবে যথেষ্ট কঠোৰ পৰিশ্রম কৰি আহিছে৷ দিন–ৰাতি একাকাৰ কৰি সভাপতি বৰাই দলৰ বাবে কাম কৰি আহিছে৷ নেতৃত্বক লৈ দলৰ মাজত কোনো বিসম্বাদ নাই বুলি স্পষ্ট কৰি দি তেওঁ কয় যে সকলো জ্যেষ্ঠ নেতাই একেলগে একেখন গাড়ীত উঠি ঘূৰি ফুৰিছে, একেলগে সভাত অংশগ্রহণ কৰিছে৷ পৰিয়াল এটাৰ সদস্যৰ মাজত মতান্তৰ থকাৰ দৰে ইয়াতো কাৰোবাৰ মতান্তৰ থাকিলেও দলীয় কাম–কাজৰ ক্ষেত্রত সকলো ঐক্যবদ্ধ হৈ আছে৷ বিভিন্ন সময়ত সাংবাদিকৰ প্রৰোচনামূলক প্রশ্ণৰ উত্তৰ দিবলৈ যোৱাৰ ফলতেই দলত মতবিৰোধ থকা যেন বাতৰি প্রচাৰ হৈ আহিছে৷ কিন্তু বাস্তৱত কোনো মতবিৰোধ নাই৷ নাম উল্লেখ নকৰাকৈ বিধায়ক ৰূপজ্যোতি কুর্মীৰ প্রসংগ উনুকিয়াই তেওঁ কয় যে সহজ–সৰল নেতাজনক সাংবাদিকে প্রৰোচনামূলক প্রশ্ণ কৰিয়েই তেনে উত্তৰ উলিয়াই আনে৷ এইক্ষেত্রত তেওঁ দলৰ নেতাসকলকো প্রচাৰ মাধ্যমৰ আগত ৰাজহুৱা মন্তব্য কৰাৰ ক্ষেত্রত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ সেইদৰে দলীয় শৃংখলা ৰক্ষাৰ ক্ষেত্রতো তেওঁ যথেষ্ট কঠোৰ হোৱাৰ পোষকতা কৰে৷ সংবাদ মেলখনত তেওঁ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আশীর্বাদত কংগ্রেছ দলে অসমৰ জনসাধাৰণৰ সহযোগত ২০২১ চনৰ বিধানসভা নির্বাচনত ব্রিটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীক যিদৰে খেদিছিল, মোগলক যিদৰে খেদিছিল, সেই সুযোগ কংগ্রেছে লাভ কৰি ৰাজ্যখনত থকা শান্তি–সম্প্রীতি অক্ষুণ্ণ ৰাখিব বুলি কয়৷

বিজেপিয়ে অহা বিধানসভা নির্বাচন দুটা সভ্যতাৰ মাজত যুঁজ বুলি অভিহিত কৰাৰ প্রসংগত সিঙে কয় যে ইয়াৰ জৰিয়তে বিজেপিয়ে অসমৰ সংস্কৃতি, ঐতিহ্য, সংহতি বিনষ্ট কৰিব বিচাৰিছে৷ কিন্তু অসমৰ জনতাই এয়া সম্ভৱ হ’বলৈ নিদিয়ে৷ অসমত ভাষা–ধর্ম নির্বিশেষে সকলো জাতি–জনগোষ্ঠীয়ে মিলি অসমৰ সংস্কৃতি, সংহতি ৰক্ষা কৰি আহিছে৷ এই সংস্কৃতি, সংহতি ধ্বংস কৰাটো যথেষ্ট কঠিন হ’ব৷ আজি তেওঁলোকে সম্প্রদায়, ধর্মৰ নামত জাতিটোক ভাগ ভাগ কৰিব বিচাৰিছে৷ মা কামাখ্যাই তেওঁলোকৰ সেই মিছন সফল হ’ব নিদিয়ে৷ ২০১৬ চনত অসমৰ জনতাক বহু সপোন দেখুৱাই বিজেপি ক্ষমতালৈ আহিছিল৷ অসমৰ সহজ–সৰল জনসাধাৰণে তেওঁলোকৰ প্রতিশ্রুতিত ভোল গৈ চৰকাৰ গঠনৰ সুবিধা দিলে৷ কিন্তু চাৰে চাৰি বছৰত কেন্দ্র আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অসমক প্রতাৰণা কৰিলে৷ বিদেশী বিতাড়নৰ কথা কোৱা চৰকাৰখনে ‘কা’ আনিলে৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্রতিশ্রুতি দিয়া চৰকাৰখনে এতিয়া জনগোষ্ঠীসমূহক স্বায়ত্তশাসনৰ ললীপপ দিয়া আৰম্ভ কৰিছে৷ নগাঁও আৰু কাছাৰ কাগজ কল পুনৰ উৎপাদনক্ষমৰ প্রতিশ্রুতি দি এতিয়া কল দুটা পুঁজিপতি গোষ্ঠীৰ ওচৰত বিক্রী কৰিবলৈ ওলাইছে৷ নিবনুৱাক সংস্থাপন দিয়াৰ ক্ষেত্রতো প্রতিশ্রুতি পূৰণ বাদেই, এই চৰকাৰৰ দিনত দেশত কর্মৰত ৫০ শতাংশ লোক উপার্জনহীন হৈ পৰিল৷ অসমত সম্প্রতি বিত্তীয় সংকট চলাৰ অভিযোগ কৰি তেওঁ কয় যে কেগৰ প্রতিবেদন অনুসৰি বর্তমান ৰাজ্যখনত শিশু এটা জন্ম হৈয়েই মূৰৰ ওপৰত ২৩ হাজাৰ টকাৰ ঋাণৰ বোজা ল’ব লগা হয়৷ আর্থিক সংকটত ভুগি সিদিনাখন ৰাজ্যখনৰ এটা পৰিয়ালৰ ৫জনকৈ সদস্যই আত্মহত্যা কৰিবলগীয়া হয়৷ দেশৰ ভিতৰতে অসমত মহিলাৰ ওপৰত সর্বাধিক অপৰাধ সংঘটিত হৈছে৷ আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তিৰ ক্ষেত্রতো সংঘটিত কেলেংকাৰিৰ বিৰুদ্ধে সজোৰে কংগ্রেছে প্রতিবাদ কৰা বাবেই অৱশেষত অপৰাধীসকলক চৰকাৰে গ্রেপ্তাৰ কৰিবলৈ বাধ্য হয়৷ সেইদৰে বহিঃৰাজ্যৰ পৰা অহা প্রতিটো সামগ্রীৰ ওপৰত অসমত মাফিয়া কৰ আৰোপ কৰাৰ অভিযোগ কৰি তেওঁ কয় যে সেই কৰৰ ভাগ মন্ত্রীৰ পকেটলৈ যায়৷ আলু–পিঁয়াজকে ধৰি নিত্য ব্যৱহার্য সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মধ্যবিত্ত শ্রেণীকো জুৰুলা কৰিছে৷ সংবাদ মেলখনত পর্যবেক্ষক সিঙে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো তীব্র সমালোচনা কৰে৷ ইফালে সংবাদ মেলখনত ৰসিকতা কৰি পর্যবেক্ষক সিঙে কয় যে অহাবাৰ কংগ্রেছ চৰকাৰত কোন মুখ্যমন্ত্রী হ’ব, সেই বিষয়ে কোনেও তেওঁক প্রশ্ণ কৰা নাই৷ তেওঁ নিজেই ইয়াৰ উত্তৰ দি কয় যে ইয়াত সকলো দলৰ কার্যকর্তা, সকলোৱে দলৰ সভাপতি৷ মুখ্যমন্ত্রী হ’বলৈ কাৰো অতিৰিক্ত ভোট নাই৷ প্রতিজন কার্যকর্তাৰে মুখ্যমন্ত্রী, মন্ত্রী হোৱাৰ অধিকাৰ আছে৷ সংবাদ মেলখনত সিঙৰ সৈতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ প্রদ্যুৎ বৰদলৈ, গৌৰৱ গগৈও মঞ্চত উপস্থিত থাকে৷

You might also like