নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে অসমক গোষ্ঠী সংঘৰ্ষৰে অস্থিৰ কৰিছিল : পৱিত্ৰ মাৰ্ঘেৰিটা

🟢অন্তৱর্তীকালীন বাজেটক সমর্থন সাংসদগৰাকীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ অন্তৰ্ৱর্তীকালীন বাজেটৰ সমর্থনত কালি ৰাজ্যসভাত অসমৰ সাংসদ পবিত্র মাৰ্ঘেৰিটাই বাজেটৰ বহুকেইটা গুৰুত্বপূৰ্ণ দিশক বিশেষভাৱে প্রশংসা কৰাৰ সমান্তৰালভাৱে কংগ্রেছক তীক্ষ্ণ সমালোচনাৰে তুলাধুনা দিয়া পৰিলক্ষিত হয়। নিজৰ ভাষণত তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রথম আৰু দ্বিতীয় কার্যকালৰ সন্ধিক্ষণত কংগ্ৰেছ তথা বিৰোধীয়ে এক এক বাখ্যা প্রতিষ্ঠা কৰিবলৈ প্রয়াস কৰিছিল যে ভাৰতীয় অর্থনীতি ভয়াবহভাৱে বিধ্বস্ত হৈ পৰিছে। ভাৰতীয় অর্থনীতি ভয়াবহ দুৰৱস্থাৰ ফালে ধাৱমান বুলি তেওঁলোকে এইবাবেই ক’ব বিচাৰিছিল যে ভাৰতীয় জনতা পার্টিৰ চৰকাৰ কোনো অক্সফ’ৰ্ডৰ ডিগ্রীধাৰীৰ দ্বাৰা পৰিচালিত নহয়। কিন্তু ভাৰতবাসীয়ে এনে বাখ্যা, এনে অভিযোগ প্রত্যাখান কৰিছিল আৰু ক’ভিড মহামাৰীৰ সময়ত আমি সকলোৱে প্রত্যক্ষ কৰিছিলো কিদৰে এক বৈশ্বিক সংকটৰ দিনতো ভাৰতৰ অর্থনীতি শক্তিশালী ৰূপত বিৰাজমান হৈ আছিল। এখন দূৰদর্শী বাজেটৰ বাবে বিত্তমন্ত্রী নির্মলা সীতাৰমণক ধন্যবাদ দি সাংসদগৰাকীয়ে এই অন্তৰ্ৱতী বাজেটখনক এখন এছ ইউ ভি গাড়ীৰ দৰে শক্তিশালী, এখন লিম’জিনৰ দৰে সুষম, শুৱনি আৰু এখন স্প’ৰ্টছ গাড়ীৰ দৰে ক্ষিপ্ৰ বুলি অভিহিত কৰে। নির্বাচনৰ প্রাকমুহুর্তত উত্থাপন কৰা বাজেটখন বিভিন্ন আঁচনিৰে ভৰপূৰ তথা ভোটাৰমুখী হোৱাৰ বিপৰীতে এই বাজেটত দুটা কার্যকালত বিভিন্ন সফলতাৰে চৰকাৰে অর্জন কৰা আত্মবিশ্বাস প্রতিফলিত হৈছে। সমান্তৰালভাৱে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়াৰ ৰূপৰেখাও এই বাজেটত অংকন কৰা হৈছে বুলি সাংসদগৰাকীয়ে নিজৰ ভাষণত কয় । অন্তৰ্ৱর্তী বাজেটক উচ্চ প্রশংসা কৰি তেওঁ পুনৰ কয় যে বাজেটখনে সমাজৰ আটাইতকৈ দুর্বল শ্রেণীৰ সামগ্রিক উত্তৰণত গুৰুত্ব প্রদান কৰাৰ লগতে একে সময়তে ভাৰতক তৃতীয় বৃহত্তম অর্থনীতি ৰূপে প্রতিষ্ঠা কৰিবলৈ বিকাশৰ ক্ষিপ্রতাকো সামৰি লৈছে। বাজেটত উল্লিখিত অতিৰিক্ত দুই কোটি দুখীয়া পৰিয়ালৰ গৃহনির্মাণ, তিনি কোটি মহিলালৈ ‘লাখপতি বাইদেউ’ আঁচনি, ১১.৮ কোটি কৃষকলৈ প্রত্যক্ষ আর্থিক সহযোগিতা আদিয়ে সাধাৰণ জনতাক অভাৱনীয়ভাবে উপকৃত কৰিব। অসমৰ বিকাশ আৰু উন্নয়নৰ প্রসংগত সাংসদগৰাকীয়ে প্রধানমন্ত্রীক ধন্যবাদ প্রদান কৰি কয় যে নৰেন্দ্র মোদীৰ নেতৃত্বত অসমত এতিয়া সন্ত্রাসবাদৰ বিভীষিকা আঁতৰি পৰ্যটনৰ এক সুন্দৰ, সুৰক্ষিত পৰিৱেশৰ সূচনা হৈছে। ২০২৩ চনত অসমলৈ আগমন ঘটা দেশীয় পর্যটকৰ সংখ্যা ৫৭৩% বৃদ্ধি হৈছে আৰু বিদেশী পর্যটকৰ ক্ষেত্রত এই বৃদ্ধিৰ হাৰ ৭৮৩% । অৱশ্যে এই পৰিসংখ্যাত তেওঁ কংগ্রেছৰ ৰাহুল গান্ধীৰ নিচিনা ৰাজনৈতিক পর্যটকক সাঙুৰি লোৱা নাই বুলি কটাক্ষ কৰে যিসকলে মোদীৰ নেতৃত্বত অসমত সম্ভৱ হোৱা অবিৰাম উন্নয়ন প্রত্যক্ষ কৰিবলৈ ৰাজ্যখনত মাজে সময়ে ভুমুকি দিয়ে । সাংসদগৰাকীয়ে ভাষণৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতি দি কয় যে শেহতীয়াকৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৰাজনৈতিক পৰ্যটকৰ ৰূপত তেওঁলোকৰ তথাকথিত ‘ন্যায় যাত্ৰা’ত অংশ লোৱাৰ উদ্দেশ্যে অসমলৈ গৈছিল আৰু সেই কাৰ্যসূচী অসমত সম্পূৰ্ণৰূপে ফ্ল’প হৈছিল। অতি দুখৰ কথা যে জিলা সদৰসমূহত, য’ত পূৰ্বে তেওঁলোকে ৩০-৪০ হাজাৰ ভোট পাবলৈ সক্ষম হৈছিল তেনে স্থানবোৰত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থীগৰাকীক আদৰিবলৈ মাত্ৰ ৩০০-৪০০ মানুহ গোট খাইছিল। ৰাইজৰ অনুপস্থিতিৰ পূৰ্বানুমান পাই তেওঁলোকে ইখনৰ পিছত সিখন সভা বাতিল কৰিবলগীয়া হৈছিল। সাংসদগৰাকীয়ে কংগ্ৰেছৰ প্ৰতি আক্ৰমণাত্মক হৈ পুনৰ কয় যে যেতিয়া অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সমগ্ৰ দেশবাসী উৎকণ্ঠাৰে ব্যস্ত হৈ আছিল, তেনে সময়ত ৰাহুল গান্ধীয়ে নগাঁও, মৰিগাঁও জিলাৰ পূৰ্ব বংগীয় মূলৰ সংখ্যালঘু অধ্যুষিত অতি স্পৰ্শকাতৰ অঞ্চলৰূপে বিবেচিত বিভিন্ন স্থানত ‘ন্যায় যাত্ৰা’ৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছিল। ইয়াৰ অন্তৰালত কংগ্ৰেছৰ কি অভিসন্ধি আছিল বুলিও সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। মা কামাখ্যাৰ পবিত্ৰ ভূমি অসমলৈ গৈ মাৰ এবাৰ আশিস ল’বলৈও আহৰি নাপালে ৰাহুল গান্ধীয়ে। আনকি ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ সমাধিৰ কাষেৰে পাৰ হৈ যোৱাৰ পৰতো অসমীয়াৰ হিয়াৰ আমঠুগৰাকীৰ সমাধিত ফুল এপাহ দিবলৈও সময় নহ’ল কংগ্ৰেছৰ নেতাগৰাকীৰ । কামাখ্যা মন্দিৰলৈ গ’লে ধৰ্মীয় মৌলবাদীৰ ৰোষত পৰিব বুলিয়েই নগ’ল । কিন্তু লক্ষণীয়ভাৱে অসমৰ খিলঞ্জীয়া ৰাইজে তেওঁৰ এই ন্যায় যাত্ৰাক সমূলি অগ্ৰাহ্য কৰিলে। সাংসদগৰাকীয়ে তেওঁৰ ভাষণত পুনৰ কয় যে অসম আন্দোলনৰ সময়ত ৮৫৫গৰাকী নিৰীহ অসমীয়াক হত্যা কৰা, নিজৰ শাসনকালত অগণন গোষ্ঠী সংঘৰ্ষৰে ৰাজ্যখনক অস্থিৰ কৰি ৰখা কংগ্ৰেছৰ এয়াই প্ৰাপ্য, এয়াই কৰ্মফল।

You might also like