নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলি-মুদুলি ৰঙিয়াৰ মৰাণজানা : কাইলৈৰ পৰা শংকৰদেৱ সংঘৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰী : শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৩সংখ্যক ৰঙিয়া অধিৱেশন কাইলৈৰ পৰা তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হব। হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰঙিয়াৰ মৰাণজানাৰ হাতীখলা পথাৰ। লক্ষ লক্ষ ভক্তক আদৰিবলৈ সাজু হৈছে সংঘৰ সেনাবাহিনী আৰু স্বেচ্ছাসেৱকসকল। অধিৱেশনস্থলীত অস্থায়ী নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাৰ আসন স্থাপন কৰা হৈছে। অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ লগতে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিৰ উপৰিও বিশাল আকাৰৰ শৰাই নিৰ্মাণ কৰা হৈছে। অধিবেশনত ১১১টা শিবিৰত ২৭,৭৫০গৰাকী ভকত-বৈষ্ণৱ, আয়-মাতৃৰ থকাৰ ব্যৱস্থা কৰা হৈছে। লগতে অধিৱেশনস্থলীতে ১০ হাজাৰ সেৱক-সেৱিকাৰ বাবে সম্পূৰ্ণ সাজু কৰি ৰখা হৈছে এটা বৃহৎ আকাৰৰ বিশেষ শিবিৰ। আনহাতে অধিবেশনত অংশগ্ৰহণ কৰা ধৰ্মপ্ৰাণ ৰাইজৰ বাবে ওচৰৰ স্কুল, কলেজ আৰু সংঘৰ ২২টা ঘৰ সাজু কৰি ৰখা হৈছে। শিবিৰত থকা প্ৰায় ৫০ হাজাৰ ভকত, বৈষ্ণৱ, বাপ, বান্ধৱ, আই মাতৃক সুশ্ৰুসা কৰাৰ বাবে সেৱক সেবিকাক সাজু কৰি ৰখা হৈছে। ইতিমধ্যে দূৰ দূৰণিৰ পৰা ধৰ্মপ্ৰাণ ৰাইজৰ সোত বোৱা পৰিলক্ষিত হৈছে অধিবেশন স্থলীত। ধৰ্মপ্ৰাণ লোকসকলে অস্থায়ী নামঘৰত নাম-কীৰ্ত্তন কৰি এক উখল-মাখল পৰিবেশৰ সৃষ্টি কৰিছে। ইতিমধ্যে অধিবেশনস্থলীত ৰাজ‍্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা সেৱক সেৱীকা সকল উপস্থিত হবলৈ আৰম্ভ কৰিছে । সংঘৰ মুঠ ৫৪ খন জিলাৰ পৰা এই সেৱক-সেৱীকাসকলৰ অধিকাংশ‍ই উপস্থিত হৈছে। সন্ধিয়াৰ ভাগলৈ সকলো সেৱক সেৱীকাসকলৰ পঞ্জীয়ন সম্পূৰ্ণ হব। লগতে অধিবেশনৰ আগন্তুক দিন কেইটাত সকলোৰে কৰ্মপন্থা আৰু কাৰ্য্য প্ৰণালী সম্পৰ্কেও সিদ্ধান্ত সমুহ গ্ৰহণ কৰা হব। উল্লেখযোগ্য যে শংকৰ সংঘৰ প্ৰতিখন অধিবেশনতেই সেৱাবাহিনীৰ এক বিশাল দলে প্ৰতিটো দিশ চোৱাচিতা কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইফালে অধিবেশনৰ অন‍্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে প্ৰতিকী চক্ৰবেহু। অধিবেশনস্থলীৰ কাষতে থকা বাণিজ‍্য মেলাৰ মাজতে নিৰ্মাণ কৰা হৈছে এই বিশেষ চক্ৰবেহু। বাহঁবেতেৰে বনোৱা চক্ৰবেহুৱে ভকত সকলক এতিয়াৰ পৰাই আকৰ্ষণ কৰিছে। এই চক্ৰবেহুৰ ভিতৰত প্ৰবেশ কৰা লোকসকলে কমেও বিশমিনিট সময় বাট হেৰুৱাব লগীয়া হৈছে। দেখাত অতি সাধাৰণ বেহুটো ইমানেই নিপুণভাবে সজোৱা হৈছে যে ভিতৰত সোমোৱা লোকসকলে বহু দেৰিলৈ বাট বিচাৰি থাকিবলৈ বাধ্য হৈছে। বহুলোকে বেহুৰ বাহিৰতেই ৰৈ প্ৰত‍্যক্ষ কৰিছে কেনেদৰে বেহু ভেদ কৰিব পাৰি। বাহিৰৰ পৰা চাই গমি পিটি ভিতৰত সোমালেও প্ৰত‍্যক গৰাকী লোকেই বেহুৰ ভিতৰত বাট হেৰুৱাইছে। ইফালে ভক্তপ্ৰাণ ৰাইজে বাঁহেৰে বনোৱা চক্ৰবেহুক মহাভাৰতৰ বেহুৰ লগতো তুলনা কৰিছে । অধিবেশনৰ দিন কেইটাত চক্ৰবেহুৱে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষিত কৰিব বুলি নিশ্চিতভাৱে কব পৰা যায়। গুৰুজনাৰ প্ৰতি প্ৰবল ভক্তি। গুৰুজনাৰ আশীষ ল’বলৈ সুদূৰ লখিমপুৰৰ পৰা প্ৰদব্ৰজে যাত্ৰা এজন ভক্তৰ। আনহাতে সংঘৰ লখিমপুৰ জিলা শাখাৰ অন্তৰ্গত লালুক নাওবৈচাৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ প্ৰদব্ৰজে আহি উপস্থিত হৈছে এজন ভক্ত। লখিমপুৰৰে আন দুগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে চাইকেলেৰে আহি অধিবেশন থলীত উপস্থিত হৈছে।

প্ৰেৰক ফাৰুক হুছেইন

You might also like