নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দুৰ্নীতি-সাম্প্ৰদায়িক ৰাজনীতিৰ বাবে কংগ্ৰেছ গুৰুত্বহীন হৈ পৰিছে’

🔹 লখিমপুৰ-যোৰহাটত কংগ্ৰেছক তুলাধুনা সৰ্বানন্দ সোণোৱালৰ

বিশেষ বাৰ্তা, ১২ এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বিগত দহ বছৰত আমাৰ দেশখনত অভূতপূৰ্ব বিকাশ ঘটিছে। আজি আমাৰ দেশখন বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। কংগ্ৰেছৰ অপশাসনৰ ফলত যোৱা ছয় দশকজুৰি আমি অৰ্থনৈতিক উন্নয়নৰ পৰা বঞ্চিত আছিলোঁ। ২০৩০ চনৰ ভিতৰত আমি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ লক্ষ্য আগত ৰাখিছোঁ। তাৰ বাবে মই একাৰাহে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ আৰু সমৰ্থন বিচাৰিছোঁ।- কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি লখিমপুৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত এনডিএ-ৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু তপন কুমাৰ গগৈ সমৰ্থনত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এনেদৰে কয়। লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বগীনদী ৰামধেনু ক্লাব প্রাংগণ, নৰোৱা থান জ্যোতিৰূপা হাইস্কুল খেলপথাৰ আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলীৰ ফুলনি চাৰিআলি, আঁহতগুৰি মণিকাঞ্চন প্রাংগণ, উত্তৰ কমলাবাৰী সত্ৰৰ মুকলি মঞ্চ আদি ঠাইত সোণোৱালক ব্যাপক উৎসাহৰ মাজেৰে আদৰণি জনায় বিজেপি-অগপৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়- “প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে  ষাঠিবাৰৰো অধিক সময় উত্তৰ-পূব ভাৰত ভ্ৰমণ কৰিছে। ইয়াৰ জৰিয়তে ভাৰতৰ এই অংশটোৰ প্ৰতি থকা তেওঁৰ সদ্ভাৱ আৰু সদিচ্ছা প্ৰকাশ পাইছে। কংগ্ৰেছৰ শাসনকালত উত্তৰ-পূৰ্বাঞ্চল দুখ লগাকৈ অৱহেলিত হৈ আছিল। আজি বগীবিল বা ধলা-শদিয়া দলং, প্ৰথম শ্ৰেণীৰ ৰে’ল, ৰাষ্ট্ৰীয় কৃষি গৱেষণা কেন্দ্ৰ আদিৰ দৰে ডাঙৰ ডাঙৰ প্ৰকল্পসমূহ সম্পূৰ্ণ হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু কেইবাখনো দলং নিৰ্মাণ হ’ব। আমাৰ ডাবল ইঞ্জিন চৰকাৰে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম দ্ৰুতগতিত সম্পূৰ্ণ কৰি অনাৰ ফলত জনসাধাৰণৰ আশা-আকাংক্ষা আমাৰ ওপৰত ভালেখিনি বৃদ্ধি পাইছে। মাজুলী-বঙালমাৰা পথ আৰু সোৱণশিৰি তথা লুইতৰ ওপৰত চাৰিলেনযুক্ত দলঙৰ কাম পূৰ্ণগতিত চলি আছে। কংগ্ৰেছৰ শাসনকালত এনে আন্তঃগাঁথনি উন্নয়নৰ কথা আমি ভাবিবই পৰা নাছিলোঁ। ৰাজ্যৰ ৰাজনীতিত প্ৰাসংগিকতা অব‍্যাহত ৰখাত ব্যৰ্থ হোৱা কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰি সৰ্বানন্দ সোণোৱালে কয়- কংগ্ৰেছে অসমৰ জনসাধাৰণক বিমুখ কৰিছে। উন্নয়নৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ দেশৰ বেছিভাগ অংশতকৈ যথেষ্ট পিছপৰি আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে কংগ্ৰেছ চৰকাৰৰ অপশাসনৰ বাবে অৱহেলিত হৈ থকা দেশৰ এই অংশলৈ উন্নয়নৰ জোৱাৰ আনিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ ইচ্ছা, সক্ষম নেতৃত্ব আৰু জাতীয় চৰিত্ৰৰ অনুপস্থিতিৰ বাবে সমাজত তেওঁলোকৰ প্ৰাসংগিকতা হেৰুৱাইছে। দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰ, বিভাজন আৰু বৈষম্যমূলক ৰাজনীতি, সাম্প্ৰদায়িক ৰাজনীতি আৰু স্বজন-তোষণৰ ফলত আজি কংগ্ৰেছৰ পতন ঘটিছে আৰু দিনকদিনে গুৰুত্বহীন হৈ পৰিছে। কংগ্ৰেছ সমৰ্থিত বিৰোধীক তীব্ৰ ভাষাৰে সমালোচনা কৰি সৰ্বানন্দ সোণোৱালে কয়- যিসকলে এই নিৰ্বাচনত কংগ্ৰেছৰ বোকোচাত উঠি আছে, তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কিয় আক্ৰমণ কৰিছিল, ৰাজহুৱা সম্পত্তি কিয় ধ্বংস কৰিছিল, তাৰ উত্তৰ দিব লাগিব। তেওঁলোকে ভুৱা তথ্যৰে জনসাধাৰণক বিপথে পৰিচালিত কৰি আমাৰ ধুনীয়া অসমখনত ধ্বংসলীলা চলাইছিল। মই তেতিয়াও কৈছিলোঁ আৰু এতিয়াও কৈছোঁ যে ‘কা’ই অসমৰ খিলঞ্জীয়া লোকসকলক প্ৰভাৱিত নকৰে। যিসকলে ‘কা’ৰ বিষয়ে ভুলকৈ বৰ্ণনা কৰি জনতাক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰি আছে, তেওঁলোকলৈ মোৰ এটাই প্ৰশ্ন- কোটি কোটি বিদেশী ক’ত আহিছে? তেওঁলোক ডিব্ৰুগড় নে গুৱাহাটীলৈ আহিছে? তেওঁলোকৰ বেপৰোৱা, দায়িত্বজ্ঞানহীন, ন‍্যস্তস্বাৰ্থজনিত আন্দোলনৰ বাবে অসমৰ ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল। সৰ্বানন্দ সোণোৱালৰ সৈতে আজিৰ জনসভাসমূহত উপস্থিত আছিল মাজুলীৰ বিধায়ক ভুবন গাম, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, ৰঞ্জিত দলে, বীৰেন ডেকা, হৰেন দেউৰী, প্ৰেমধৰ দলে, ৰিতুপৰ্ণ বৰা প্ৰমুখ্যে দলীয় সতীৰ্থ আৰু বিষয়ববীয়াসকল।

You might also like