নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ “সপোনত দেখিব নোৱাৰা, ভাবিব নোৱাৰা আঁচনি ড০ হিমন্ত বিশ্ব শৰ্মাই বাস্তবায়িত কৰাত কংগ্ৰেছৰ ইৰ্ষা জন্মিছে৷ আৰু এই ইৰ্ষাত কংগ্ৰেছ দল এতিয়া নিজে নিজে শেষ হৈ যাব ধৰিছে৷” এই মন্তব্য ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ৷ উল্লেখ্য যে বজালীত আজি অৰুণোদয় 2.0 আচনিৰ ধনৰাশি প্ৰদান অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰি ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰো আৰু কয় যে কংগ্ৰেছে ইমান বছৰ শাসন কৰাৰ পিছতো অৰুণোদয়কে ধৰি ইমানবোৰ আঁচনি কিয় ৰূপায়ন নকৰিলে৷ অসমত প্ৰকৃতাৰ্থত কংগ্ৰেছ দল বুলি নায়েই বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে টিভিৰ আগতহে কংগ্ৰেছে বিভিন্ন কথা কৈ দেখুৱায়৷ কিন্তু বাস্তৱত একো কৰিব নোৱাৰে৷ ভূপেন বৰাৰ যদি হিম্মত আছে তেন্তে অমৃত কলহ যাত্ৰাত অংশগ্ৰহণ কৰা কংগ্ৰেছ বিধায়ক সকলক হাত দিয়ক বুলিও বিধায়কগৰাকীয়ে কংগ্ৰেছক তাৎচিল্ল কৰে৷
প্ৰেৰক কল্যাণ কলিতা