কংগ্রেছ জনতাৰ ভৰসাযোগ্য দল হৈ থকা নাই
নিয়মীয়া বাৰ্তা ৫ মেঃ শেহতীয়া বিধানসভা নির্বাচনত কংগ্রেছ মহাজোঁটৰ পৰাজয়ৰ বাবে অজাপ আৰু ৰাইজৰ দললৈ দোষ ঠেলিছিল এআইচিচিৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ পর্যবেক্ষক জিতেন্দ্র সিঙে৷ তেওঁৰ মতে, অজাপ আৰু ৰাইজৰ দলৰ বাবে হোৱা ভোট বিভাজনৰ ফলত উপকৃত হ’ল বিজেপি৷ এই মন্তব্যৰ পিছতে জিতেন্দ্র সিঙক উভতি ধৰিছে ৰাইজৰ দলে৷ দলটোৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই আজি এখন সংবাদ মেলত কয় যে মহাজোঁট ৰাইজৰ দলৰ বাবে নহয়, কংগ্রেছৰ ভুল ৰণনীতি, নেতৃত্বৰ অহংকাৰ, উপদলীয় সংঘাত আৰু জাতীয়তাবাদী শক্তিক উপেক্ষা কৰাৰ বাবেহে পৰাজিত হৈছে৷
অসম জাতীয় পৰিষদৰ বাবে মহাজোঁট পৰাজিত হৈছে নে নাই, সেই বিষয়ে বক্তব্য জাতীয় পৰিষদে দিব৷ কিন্তু ৰাইজৰ দলে স্পষ্ট কৰি দিছোঁ যে ৰাইজৰ দলৰ বাবে মহাজোঁট পৰাজিত হোৱা নাই৷ সংবাদ মেলত তেওঁ লগতে কয় যে ৰাইজৰ দলে কেৱল ৩৮টা সমষ্টিত প্রার্থিত্ব দিছে৷ ৮৮টা সমষ্টিত প্রার্থিত্ব দিয়া নাই৷ এই ৮৮টা সমষ্টিত জয়ী হোৱা হ’লেও মহাজোঁটে চৰকাৰ গঠন কৰিব পাৰিলেহেঁতেন৷ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্রার্থিত্ব প্রত্যাহাৰ নকৰা হ’লে মৰিয়নিত ৰূপজ্যোতি কুর্মীৰ জয় অসম্ভৱ আছিল৷ একেদৰে থাওৰা আৰু নাজিৰাত মনোনয়ন–পত্র সংগ্রহ কৰিও বিজেপিবিৰোধী শিবিৰৰৰ ভোট বিভাজন যাতে নঘটে, সেই স্বার্থতে মনোনয়ন দাখিল নকৰিলোঁ৷ বৰক্ষেত্রীত ৰাছেল হুছেইনে প্রতিদ্বন্দ্বিতা নকৰিলে৷ এইদৰে আমি চাৰিটা সমষ্টিত প্রত্যক্ষভাৱে কংগ্রেছৰ প্রার্থীৰ বিজয়ৰ পথ প্রশস্ত কৰিলোঁ৷ ক’বলৈ গ’লে চাৰিটা সমষ্টি কংগ্রেছক উপহাৰ দিলোঁ৷
অৱশ্যে ভোটৰ পৰিসংখ্যাৰ পৰা ৰাইজৰ দলে প্রার্থিত্ব নিদিয়া হ’লে কেৱল টীয়ক সমষ্টিত কংগ্রেছ প্রাৰ্থী গৰাকীৰ জয়ৰ সম্ভাৱনা আছিল৷ কিন্তু সেয়াও নিশ্চিত নহয়৷ কিয়নো ৰাইজৰ দলে মূলতঃ ২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিক ভোট দিয়া জাতীয়তাবাদী শিবিৰৰহে ভোট লাভ কৰিছে৷ কংগ্রেছক কঠোৰ সমালোচনা কৰি ৰাইজৰ দলৰ নেতাগৰাকীয়ে কয়– কংগ্রেছে নিজৰ ভুল ৰণনীতিৰ বাবে পৰাজয়বৰণ কৰি এতিয়া আন দলক দোষাৰোপ কৰিছে৷ কংগ্রেছ কেৱল অসমতে পৰাজিত হোৱা নাই৷ অসমত ৯৩খন আসনত প্রতিদ্বন্দ্বিতা কৰি মাত্র ২৯খন আসনত জয়ৰ মুখ দেখিছে৷ পশ্চিমবংগত প্রতিদ্বন্দ্বিতা কৰিছিল ৯২খন আসনত৷ ফলাফল শূন্য৷
পুডুচেৰীত মাত্র ২খন আসনত জয়লাভ কৰিছে৷ কেৰালাত চৰকাৰ সলনি হোৱাটো এক পৰম্পৰাৰ দৰেই৷ কিন্তু কংগ্রেছ নেতৃত্বাধীন ইউ ডি এফ এইবাৰ শাসনলৈ নাহিল৷ ৯১খন আসনত প্রতিদ্বন্দ্বিতা কৰি কেৱল ২১খন আসনত জিকিল৷ এই পৰিসংখ্যাই স্পষ্ট কৰি দিয়ে কংগ্রেছ এতিয়া জনতাৰ ভৰসাযোগ্য হৈ থকা নাই আৰু সেইবাবেই অসমতো পৰাজিত হৈছে৷ কিন্তু নিজৰ দোষ এতিয়া আনৰ গালৈ ঠেলিছে৷’ বিজেপিৰ আগ্রাসী ৰাষ্ট্রীয়তাবাদ আৰু সাম্প্রদায়িক ফেচিবাদক ৰুধিবলৈ, এক নতুন অসম গঢ়িবলৈ ৰাইজৰ দলে প্রগতিশীল জাতীয়তাবাদৰ ৰাজনীতিৰে বাট বুলিব বুলি আজিৰ সংবাদ মেলত ৰাইজৰ দলৰ কার্যকৰী সভাপতিগৰাকীয়ে মন্তব্য কৰে৷