নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৈনিক ১০ হাজাৰ আক্ৰান্ত হ’লে দিল্লীৰ দৰে পৰিৱেশ হ’ব অসমতঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ৫ মেঃ “ৰাজ্যত বেডৰ সংখ্যা কমিছিল। কিন্তু ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত এটা ক’ভিড চেণ্টাৰ আৰম্ভ কৰা হৈছে লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ চুপাৰ স্পেচিয়েলিটি ৱাৰ্ডকো ক’ভিডৰ বাবে মুকলি কৰা হৈছে। অক্সিজেন আৰু আইচিইউ বেডৰ এটা লিমিট আছে, কালি প্ৰাইভেট নাৰ্চিং হোমসমূহক ক’ভিডৰ বাবে আৰু বেড মুকলি কৰাৰ আহ্বান জনাইছো। কিন্তু দৈনিক ১০ হাজাৰ আক্ৰান্ত হ’লে দিল্লীৰ দৰে পৰিৱেশ হ’ব অসমত। দিল্লীৰ দৰে অসমতো হাস্পতালৰ বেডৰ সংখ্যা নাটনি হ’ব।”– আজি এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

আজি গুৱাহাটী প্রেছ ক্লাবত ১৮–৪৪ বছৰৰ সাংবাদিকক প্রতীকীৰূপে দিয়া হৈছে ভেকচিন৷ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই ভেকচিনেচন কেম্প৷ অসম চৰকাৰৰ নির্দেশ মর্মে ১০০জন সাংবাদিককহে প্রাৰম্ভিক পর্যায়ত দিয়া হৈছে ভেকচিন৷

এই ভেকচিনেচন কেম্প মুকলি কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰে হোৱা এক বাৰ্তালাপত মন্ত্ৰী ড০ শৰ্মাই কয়, “ক’ভিডৰ বিৰুদ্ধে চলি থকা যুঁজখনত আজি এটা অন্যতম গুৰুত্বপূৰ্ণ দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ১ মে’ৰ পৰা ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ লোকক ভেকচিনেচনৰ কথা ঘোষণা কৰিছিল। ততাতৈয়াকৈ আমি ভেকচিন অৰ্ডাৰ কৰিছিলো, তাৰ পৰিপ্ৰেক্ষিতত ভাৰত বায়’টেকৰ পৰা আহি পালে ১.৫ লাখ ভেকচিন। আমি আজি এক ৰূপক হিচাপত গুৱাহাটী প্ৰেছ ক্লাৱত ১৮ৰ পৰা ৪৪ বছৰ বয়সৰ সাংবাদিক আৰু তেওঁলোকৰ পৰিয়ালক ভেকচিন প্ৰদানৰ বাবে ভেকচিন চেণ্টাৰ মুকলি কৰিছো।”

ইপিনে ৭ মে’ৰ পৰা ১৮ উৰ্ধ্বৰ সকলোকে ভেকচিন প্ৰদানৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। অসমত প্ৰাৰম্ভিকভাৱে যোৱা ৪ দিনত ২ লাখ ২০হাজাৰ লোকে ৰেজিষ্টেচন কৰিছে বুলিও মন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।

ইয়াৰোপৰি হোম আইছ’লেচনত থকা বহু লোকৰ হাতত পাল্ছ অক্সিমিটাৰ নথকা বাবে বা তেওঁলোকৰ ৰিডিং ভালকৈ কৰিব নোৱাৰা বাবে তেওঁলোকে ঘৰতে থাকে। অক্সিজেন কমি গ’লে প্ৰথমতেই কোনো শাৰীৰিক অসুস্থতা দেখা নাযায়। কিন্তু যেতিয়া তেওঁলোক শেষ অৱস্থা পাই তেতিয়া তেওঁলোকে হাস্পতাললৈ আহে। যাৰফলত তেতিয়া তেওঁলোকক বচাব পৰা ৰাস্তাটো নোহোৱা হৈ যায়। সেইবাবে এতিয়াৰ পৰা হোম আইছ’লেশ্যনত থকা লোকক একোখনকৈ লিফলেট দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like