নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ এবাৰ বিজেপি কিয়?

মনোজ কুমাৰ ৰঠাকুৰ

বিজেপিয়ে কিয় অসমত দ্বিতীয়্বাৰলৈ ভোটাৰ ৰাইজৰ সমর্থন আদায় কৰিবলে সমর্থ হ’ল এই বিষয়ে চিন্তা কৰি আটাইতকৈ বেছি মূৰ ঘমাবলগীয়া হৈছে এতিয়া শত্বর্ষ গৰকা কংগ্রেছ দলৰ নেতৃত্বত মহাজেজাট্বন্ধনে৷ নিৰপেক্ষ দৃষ্টিৰ ফালৰ পৰা চালে ইয়াৰ কেইবাটাও কাৰণ চকুত পৰে৷ এটা হ’ল বিজেপিৰ নিজা কার্যসূচীৰ প্রতি দলৰ কর্মীৰ সমথর্নৰ উপৰি দলবিহীন সাধাৰণ ভোটাৰ আৰু বিপক্ষ দলৰ একাংশকো আকর্ষণ কৰাৰ াবে আঁচনি প্রস্তুত৷ দ্বিতীয়তে, ক’ৰোনা মহামাৰীয়ে অনা প্র্যত্যাহ্বান সত্ত্বেও কম সময়ৰ ভিতৰতে আঁচনি ৰূপায়ণৰ াবে যুদ্ধকালীন তৎপৰতা৷ তৃতীয়তে, দুর্নীতিৰ বিৰুদ্ধে চলোৱা যুঁজত হুলাংশে সফলতা আৰু নিকা নিয়োগ পদ্ধতি৷ চতুর্থতে, বিজেপিৰ দলীয় নেতৃত্বৰ কঠোৰ নিয়মাৱলী আৰু দক্ষ ‘ডবল ইঞ্জিন’নে আনি দিয়া শাসনৰ সুবিধা৷ পঞ্চমতে, বিজেপিৰ কেন্দ্রীয় নেতৃত্বই দিয়া অকুণ্ঠ সহযোগিতা আৰু সমর্থন৷ ষষ্ঠতে, মোদী–ঢ়ৌ নাথাকিলেও সর্বস্তৰতে ইয়াৰ প্রভাৱ পৰিলক্ষিত হয়৷ বিশেষকৈ কংগ্রেছকে ধৰি বিপক্ষৰ দল–সংগঠনে যিমানে মোদীৰ বিৰুদ্ধে বিষোদ্গাৰ কৰিলে সিমানে মোদী–সমর্থকৰ স্বাভাৱিক প্রতিক্রিয়া হিচাপে দলটোক অধিক শক্তিশালী কৰাৰ মনোভাব দৃঢ় হ’বলৈ ধৰিলে৷
সপ্তমতে, কংগ্রেছেও বিজেপিক অধিক শক্তিশালী হোৱাত সহায় কৰিলে৷ মহাজোঁট্বন্ধনৰ মিত্রদলৰ সৈতে সমষ্টি ভাগ–বাটোৱাৰৰ দ্বাৰা একাংশ দলৰ তৃণমূল পর্যায়ৰ কংগ্রেছ কর্মীক অসন্তুষ্ট কৰিলে৷ বিশেষকৈ নামনি অসমত এ আই ইউ ডি এফৰ লগত কৰা মিত্রতাৰ পিছত হু কংগ্রেছ কর্মীয়ে নিজৰ দলৰ কার্যালয়ৰ ক্ষতি সাধন কৰি ক্ষোভ উজাৰিলে৷
অসমৰ ভোটাৰ ৰাইজে হুদিনৰ অশান্তি আৰু আন্দোলনমুখৰ পৰিৱেশৰ পৰা যে অলপ স্থায়ী শান্তি বিচাৰিছে সেয়া বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি সহজে অনুধাৱন কৰিব পাৰি, সেই কথা বোধহয় বিজেপিৰ নেতৃত্বই ভালকৈ অনুমান কৰি উন্নয়নমূলক কামত মনপুতি লাগিছিল নির্বাচনৰ আগৰ গুৰুত্বপুর্ণ সময়ছোৱাত যি সময়ত কংগ্রেছকে ধৰি বিৰোধী দল–সংগঠনৰ নেতাসকলে অকল বিজেপিৰ নেতৃবৃন্দক বিভিন্ন ইছ্যু লৈ আক্রমণ কৰাত স্ত থাকিল৷ নিৰৱচ্ছিন্ন উন্নয়নৰ এক ধাৰা সৃষ্টিৰ াবে পৰিৱর্তনকামী ৰাইজৰ সন্মুখত বিজেপিৰ াহিৰে বিকল্প পৰিলক্ষিত হোৱা নাছিল৷ ক্ষমতালৈ নাহোঁতেই মুখ্যমন্ত্রিত্বৰ াবে কংগ্রেছত তিনিকোণীয়া এক অঘোষিত প্রতিযোগিতা আৰম্ভ হৈছিল ৰিপুণ ৰা, দেৱব্রত শইকীয়া আৰু ৰাহুল গান্ধীৰ ঘনিষ্ঠ গৌৰৱ গগৈৰ মাজত, যিটোৱে দলৰ উমৈহতীয়া স্বার্থত আঘাত হানিছিল৷
নাগৰিকত্বৰ বিষয়টোক লৈ যিমান উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাত সকলো স্তৰৰ জনসাধাৰণৰ স্বতঃস্ফূর্ত সমর্থন যে নাছিল আৰু সেয়া যে কংগ্রেছ দল আৰু উগ্র জাতীয়তাবাদী শিবিৰৰ উমৈহতীয়া কার্যসূচী আছিল সেয়া স্পষ্ট আছিল৷ দুয়োটা শিবিৰেই প্রাৰম্ভিক অৱস্থাৰ এই সবল জনজাগৰণক ভোটলৈ পৰিৱর্তন কৰিব নোৱাৰিলে, ৰং বিজেপিয়ে নির্বাচনৰ আগতেই ইয়াৰ নেতৃত্বৰ একাংশক নিজৰ ফলীয়া কৰিবলৈ সক্ষম হ’ল৷ ইয়াৰ াবে এশ শতাংশ কৃত্বিত্ব দিব লাগিব প্রভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শর্মাক৷
কংগ্রেছে শেহতীয়াকৈ পাঁচটা নির্বাচনী আশ্বাস া গেৰাণ্টী লৈ ৰাইজৰ মন আকর্ষণ কৰিবলৈ চেষ্টা আৰু কৰিছিল, কিছু সফলো হৈছিল, কিন্তু গেৰাণ্টীসমূহ কেনেকৈ বাস্তৱায়িত কৰিব তাৰ আভাস ভোটাৰ ৰাইজক পতিয়ন নিয়াব পৰাকৈ বুজাব নোৱাৰিলে৷ প্রার্থী নির্বাচনৰ বেলিকা দেখা গ’ল কংগ্রেছ হাইকমাণ্ড, বিশেষকৈ ৰাহুল গান্ধীৰ লগত ঘনিষ্ঠ, তৃণমূলৰ লগত সম্পর্ক নথকাজনকো আনি বহু যোগ্য প্রার্থীক ঞ্চিত কৰিলে, যাৰ বিৰূপ প্রভাৱ হৈ যোৱা নির্বাচনত বাৰুকৈয়ে পৰিল৷ তথাপি এটা কথা ক’বই লাগিব যে অসমৰ ভোটাৰে অকল দল নহয়, প্রার্থী চায়ো ভোট দিয়ে৷ থাওৰা সমষ্টিত সুশান্ত ৰগোহাঁই, নাজিৰাত দেৱব্রত শইকীয়া আৰু মৰিয়নিত ৰূপজ্যোতি কুর্মীৰ দৰে শক্তিশালী নেতাই নিজৰ ভাবমূর্তিৰ সহায়ত সোঁতৰ বিপৰীতে সাঁতুৰিও বিজয় হাচিল কৰিছে কংগ্রেছ দলৰ বাবে৷
ঐতিহাসিক শিৱসাগৰত ৰাইজৰ দলৰ হৈ অখিল গগৈৰ বিজয় সাম্প্রতিক অসমৰ ৰাজনীতিত এক উল্লেখযোগ্য ঘটনা হৈ ৰ’ব৷ ইয়াৰ াবে অখিল গগৈৰ ৰাইজৰ মাজত থকা শিক্ষিত যুঁজাৰু কৃষক নেতাৰ নিকা ভাবমূর্তিয়ে যথেষ্ট সহায় কৰিলে৷ লগতে দীর্ঘদিন কাৰাগাৰত আবদ্ধ হৈ থকা, দ্ধ মাতৃয়ে পুত্রৰ হৈ ৰাইজৰ আগত ভোট ভিক্ষা কৰি কৰা বিনম্র নিবেদনে সমষ্টিটোত অখিল গগৈৰ সপক্ষে আৱেগৰ ঢ়ৌৰ সৃষ্টি কৰিলে৷ ইয়াৰ লগতে কা–আন্দোলনৰ এক উর্বৰ পৃষ্ঠদেশ হিচাপে শিৱসাগৰক বাছি লোৱা কার্য ৰাইজৰ দলৰ দূৰদর্শিতাৰ পৰিচয়৷

You might also like