নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছশূন্য হ’ল মার্ঘেৰিটা, কেইবাগৰাকী শীর্ষ বিষয়ববীয়াৰ দলত্যাগ

সাংসদ প্রদ্যুৎ বৰদলৈৰ একনায়কত্ববাদৰ পৰিণতি

নিয়মীয়া বার্তা, ২৪ জুনঃ বিজেপিয়ে আগন্তুক বিধানসভা নির্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে ১২৪নং বিধানসভা সমষ্টিত কংগ্রেছ দল অন্তর্কন্দলত জর্জৰিত হৈ পৰিছে৷ আজি মার্ঘেৰিটা ব্লক কংগ্রেছ কমিটীৰ সভাপতি অচিন্ত্য দাস, তিনিচুকীয়া জিলা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক প্রবীণ ৰাজখোৱা, মার্ঘেৰিটা ব্লক কংগ্রেছৰ সাধাৰণ সম্পাদক নীলাভজ্যোতি কোঁৱৰ, মার্ঘেৰিটা মহিলা কংগ্রেছ কমিটীৰ সভানেত্রী বন্তি কোঁৱৰ, সাধাৰণ সম্পাদিকা দীপালী বৰাকে ধৰি বহুসংখ্যক কংগ্রেছ নেতাই দল ত্যাগ কৰাৰ কথা ঘোষণা কৰিছে৷

ইয়াৰ লগে লগে মার্ঘেৰিটাত কংগ্রেছ প্রায় শূন্য হৈ পৰিছে৷ আজি হোটেল ৰয়েল ড্রীটত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে নেতাকেইজনে৷ ব্লক কংগ্রেছ কমিটীৰ সভাপতি অচিন্ত্য দাসে তেওঁৰ অজ্ঞাতে কালি এখন জাননীযোগে তিনিচুকীয়া জিলা কংগ্রেছ কমিটীয়ে যুৱ নেতা মনোৰঞ্জন বৰগোহাঁইক নতুনকৈ ব্লক কংগ্রেছ কমিটীৰ সভাপতি হিচাপে নির্বাচিত কৰাত দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে৷ সংবাদ মেলখনত দাসে সুদীর্ঘ ২০ বছৰে দললৈ সেৱা আগবঢ়াই অহাৰ কথা প্রকাশ কৰি তেওঁৰ অনিচ্ছা সত্ত্বেও এদিন তেওঁক ব্লক কংগ্রেছ কমিটীৰ নির্বাচিত সভাপতি বাসুদেৱ ছেত্রীৰ ঠাইত সভাপতি পাতিছিল বুলি জানিবলৈ দিয়ে৷ বিজেপিৰ প্রভাৱশালী ৰাজনীতিৰ এই সময়ছোৱাত নিষ্ঠাসহকাৰে কংগ্রেছ দলৰ কাম–কাজ চলাই অহাৰ মাজতে তেওঁক একো কথা নজনোৱাকৈ অপসাৰণ কৰাত দাসে ক্ষোভ প্রকাশ কৰে৷

তিনিচুকীয়া জিলা কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক প্রবীণ ৰাজখোৱাই অচিন্ত্য দাসৰ অপসাৰণক অপমানজনক তথা অগণতান্ত্রিক আখ্যা দি আক্ষেপ কৰে৷ দলটোৰ যুৱ নেতা নীলাভজ্যোতি কোঁৱৰে অদৃশ্য শক্তিৰ দ্বাৰা দল পৰিচালিত হোৱা বুলি আক্ষেপ কৰি কয় যে তেওঁলোকে সুদীর্ঘ বছৰে আগবঢ়াই অহা সেৱাৰ মূল্যায়ন নহ’ল৷

উল্লেখ্য যে ২০১৬ চনৰ বিধানসভা নির্বাচনত কংগ্রেছ দলৰ হেভীৱেইট প্রার্থী প্রদ্যুৎ বৰদলৈ বিজেপিৰ তেনেই নবীন প্রার্থী ভাস্কৰ শর্মাৰ হাতত প্রায় ২৫ হাজাৰ ভোটত পৰাভূত হৈছিল৷ তাৰ পিছতে সমগ্র দেশৰ দৰে মার্ঘেৰিটাতো চলিছিল গেৰুৱা দলটোৰ কংগ্রেছমুক্ত অভিযান৷ বিধায়ক হৈয়ে ভৱিষ্যতৰ পথ সুগম কৰাৰ লক্ষ্যৰে বিধায়ক ভাস্কৰ শর্মাই বিগত চাৰি বছৰে অব্যাহত ৰাখিছিল এই অভিযান৷ বহুসংখ্যক কংগ্রেছীক নিজ দলত যোগদান কৰাবলৈ সক্ষম হৈছে বিধায়ক শর্মা৷ কিন্তু বিধায়ক শর্মা তথা বিজেপিৰ এই আগ্রাসী ৰাজনীতিৰ পিছতো কংগ্রেছ দলতে থাকি কাম–কাজ কৰি অহা এইসকল নেতাই পদত্যাগ কৰিবলৈ বাধ্য হ’ল দলৰ মজিয়াতে গুৰুত্বহীন হোৱা বাবে৷

আনহাতে, ২০১৬ চনৰ নির্বাচনত দলীয় প্রার্থী ৰূপে প্রতিদ্বন্দ্বিতা কৰি পৰাভূত হোৱাৰ পৰৱর্তী সময়ত প্রদ্যুৎ বৰদলৈয়ে গৃহ সমষ্টি মার্ঘেৰিটা এৰি নগাঁও লোকসভা সমষ্টিৰ প্রার্থী হৈ সাংসদ নির্বাচিত হোৱাৰ পিছত এই চাৰি বছৰে প্রায়ভিভাৱকহীন দলৰ হৈ কাম কৰি যোৱা মার্ঘেৰিটাৰ এইসকল নেতাৰ পদত্যাগে সৃষ্টি কৰিছে তীব্র প্রতিক্রিয়াৰ৷ পদত্যাগী নেতাসকলে মুকলিকৈ নক’লেও আভ্যন্তৰীণ সংঘাতৰ বাবেই তেওঁলোকে দল ত্যাগ কৰিবলৈ বাধ্য হ’ল বুলি চর্চিত হৈছে৷ নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে নিজ খেয়ালখুচি মতে নগাঁৱৰ পৰা ৰিম’ট চলাই একনায়কত্ববাদী মনোভাবেৰে মার্ঘেৰিটা কংগ্রেছক নিয়ন্ত্রণ কৰি অহাটোৱেই এই পদত্যাগৰ কাৰণ বুলি অভিযোগ উঠিছে৷

সাংসদ বৰদলৈৰ বিৰুদ্ধে সদ্যপদত্যাগী নেতা প্রবীণ ৰাজখোৱাই দলীয় কর্মকর্তাক ডিছপ’জেবল গ্লাছ–প্লেটৰ দৰে ব্যৱহাৰ কৰা বুলি উত্থাপন কৰা অভিযোগে তাৎপর্য বহন কৰিছে৷ উল্লেখ্য যে ইয়াৰ পূর্বে সভাপতি বাসুদেৱ ছেত্রীয়ে বিষয়বাবৰ পৰা পদত্যাগ কৰিছিল৷ ছেত্রীয়ে পদত্যাগৰ কাৰণ প্রকাশ নকৰিলেও প্রদ্যুৎ বৰদলৈৰ ৰোষত পৰিয়ে পদত্যাগ কৰিব লগা হোৱাৰ অভিযোগ উঠিছিল৷ সাংসদ প্রদ্যুৎ বৰদলৈৰ নাম দলৰ পৰৱর্তী ৰাজ্যিক সভাপতি হিচাপে চর্চিত হৈ থাকোঁতেই তেওঁৰ নিয়ন্ত্রণাধীন মার্ঘেৰিটা কংগ্রেছতে এই গৰাখহনীয়াই তাৎপর্য বহন কৰিছে৷

আনহাতে, কংগ্রেছ নেতা তথা বিৰোধী দলপতি ৰকিবুল হুছেইনৰ সৈতেওবৰদলৈৰ সংঘাতে ইতিমধ্যে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে৷ নির্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাত কংগ্রেছ দলৰ এইসকল শীর্ষ নেতাৰ পদত্যাগে মার্ঘেৰিটাৰ ৰাজনীতিত প্রভাৱ পেলোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like