নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ পৰা ভাৰতে কিনিব হুইৎজাৰ কামানৰ গোলা–বাৰুদ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ সীমান্তত চীনা বাহিনীৰ যিকোনো আগ্রাসী আচৰণৰ বাবে কেন্দ্রীয় চৰকাৰে সশস্ত্র বাহিনীক মোকাবিলা কৰাৰ ক্ষেত্রত সম্পূর্ণ স্বাধীনতা প্রদান তথা অস্ত্র ক্রয়ৰ বাবে জৰুৰী বিত্তীয় ক্ষমতা প্রদান কৰাৰ পাছতে স্থলসেনাই এম ৭৭৭ হুইৎজাৰ বৰতোপৰ এক্সকেলিবাৰ গোলা–বাৰুদ ক্রয়ৰ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে আমেৰিকাক এই অত্যাধুনিক বৰতোপৰ গোলা–বাৰুদৰ বাবে অর্ডাৰ দিয়া হৈছে৷

চীনৰ সৈতে পূব লাডাখৰ গালৱান উপত্যকাত অব্যাহত থকা উত্তেজনাৰ মাজতে ভাৰতীয় সেনাই হুইৎজাৰ বৰতোপৰ গোলা–বাৰুদ আমেৰিকাৰ পৰা ক্রয় কৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়টো বিশেষ তাৎপর্য কঢ়িয়াইছে৷ প্রতিৰক্ষা সূত্রই সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ সেনাৰ উপ–মুৰব্বীৰ বিত্তীয় ক্ষমতাৰ অধীনত শত্ৰুৰ সৈতে মোকাবিলাৰ ক্ষেত্রত হুইৎজাৰ বৰতোপৰ গোলা–বাৰুদ অধিক কার্যকৰী হ’ব বুলি একেটাই সূত্রই প্রকাশ কৰিছে৷

ইয়াৰ জৰিয়তে পূব লাডাখত মোতায়েন কৰা সেনা বেটেলিয়নসমূহত সমৰ শক্তি বৃদ্ধি কৰা হ’ব বুলিও সূত্রটোৱে প্রকাশ কৰিছে৷ স্মর্তব্য যে পাকিস্তানৰ বালাকোটত চলোৱা অভিযানৰ পাছত প্রথমবাৰলৈ হুইৎজাৰ বৰতোপৰ এক্সকেলিবাৰ গোলা–বাৰুদ ক্রয় কৰিবলৈ ওলাইছে স্থলসেনাই৷ হুইৎজাৰ বৰতোপৰ দ্বাৰা ৪০–৫০ কিলোমিটাৰ দূৰত্ব পর্যন্ত লক্ষ্যবস্তুত আঘাত হানিব পৰা যায়৷ জম্মু–কাশ্মীৰকে ধৰি চীন সীমান্তৰ দুর্গম অঞ্চলত এই বৰতোপ স্থলসেনাৰ বাবে নির্ভৰযোগ্য হাথিয়াৰ বুলি চিহ্ণিত হৈছে৷

গতিকে চীনৰ সৈতে উত্তেজনা বৃদ্ধিৰ লগে লগে বৰতোপৰ গোলা–বাৰুদ পর্যাপ্ত পৰিমাণে মজুত ৰখাৰ সংকল্প গ্রহণ কৰিছে স্থলসেনাই৷ স্মর্তব্য যে চলিত সপ্তাহতে কেন্দ্রৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে প্রতিৰক্ষা বাহিনীক বৃহৎ বিত্তীয় ক্ষমতা প্রদান কৰিছিল৷ এই বিত্তীয় ক্ষমতাৰ অধীনত পাঁচশ কোটি টকাপর্যন্ত মূল্যৰ অস্ত্র–শস্ত্র চৰকাৰ তথা সংশ্লিষ্ট মন্ত্রালয়ৰ অনুমোদন অবিহনে সশস্ত্র বাহিনীয়ে ক্রয় কৰিব পাৰিব৷

You might also like