নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেক তীব্ৰ সমালোচনা কোচ ৰাজবংশী সংগঠনৰ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, মধ্য অসম কোচ ৰাজবংশী জেষ্ঠ সন্মিলনী আৰু মধ্য অসম কোচ ৰাজবংশী সন্মিলনীৰ যৌথ উদ্যোগত  আজি জাগীৰোডত আয়োজন কৰা সংবাদ মেলত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়ংক খৰ্গেই অসম বিৰোধী মন্তব্য কৰাক লৈ তীব্ৰ সমালোচনা কৰে ৷ সংবাদ মেলত প্ৰকাশ কৰে যে জাগীৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প হবই ইয়াক যদি কোনোবাই বিৰোধ কৰে তাক ৰেহাই দিয়া নহব৷ দৰকাৰ হলে গণতান্ত্ৰিক আন্দোলনো হব পাৰে।  অসমৰ নিবনুৱা যুৱকযুৱতীৰ স্বাৰ্থত টাটাৰ প্ৰকল্প স্থাপন হব৷ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা আৰু জাগীৰোডৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকাক ধন্যবাদ জনায় কোচৰাজবংশী নেতাসকলে৷ সংবাদ মেলত মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি পৰেশ ডেকা, সাধাৰণ সম্পাদক ৰাতুল ৰাজবংশী, মধ্য অসম কোচ ৰাজবংশী নাগৰিক  সন্মিলনীৰ  উপদেষ্টা কুমুদ ডেকা, কাৰ্যকৰী সভাপতি ৰাণাকান্ত ডেকা আৰু মধ্য অসম কোচ ৰাজবংশীৰ নেতাসকলৰ উপৰি জাগীৰোডৰ কোচ ৰাজবংশী বিষয়াসকল উপস্থিত থাকে।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like