উপ–নির্বাচনত কংগ্রেছে অকলে যুঁজিব ৪ আসনত
নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ আগন্তুক উপ–নির্বাচনক লৈ তৎপৰ হৈ পৰিছে প্রদেশ কংগ্রেছ৷ উপ–নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ ছয় সমষ্টিৰ বাবে নির্বাচনী ৰণকৌশল প্রস্তুত কৰিছে কংগ্রেছে৷ এ আই ইউ ডি এফৰে মিত্রতা ভংগৰ পাছত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰে মিত্রতা কৰি আগন্তুক উপ–নির্বাচনত অৱতীর্ণ হ’বলৈ কংগ্রেছে সিদ্ধান্ত গ্রহণ কৰিছে৷
শুকুৰবাৰে গুৱাহাটীৰ ৰয়েল ডি কাছা হোটেলত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ এখন গুৰুত্বপূর্ণ সভাত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি নির্বাচন অনুষ্ঠিত হ’বলগীয়া ছয়টা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিত অকলে অৱতীর্ণ হ’ব৷ আনহাতে দুটা সমষ্টি এৰি দিব ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক৷
শুকুৰবাৰে অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে চাৰিটা সমষ্টিত কংগ্রেছে প্রার্থী দিব৷ এখন আসন ৰাইজৰ দল আৰু আন এখন আসন অসম জাতীয় পৰিষদক এৰি দিব৷ কিন্তু এইক্ষেত্রত এটা চর্ত আৰোপ কৰা হৈছে৷ ৰাইজৰ দল অথবা অসম জাতীয় পৰিষদে আন পাঁচটা সমষ্টিত কংগ্রেছক পূর্ণ সহযোগিতা আগবঢ়াব লাগিব আৰু দল দুটাই নিজাকৈ প্রার্থী প্রদান কৰিব নোৱাৰিব৷ অৱশ্যে কোনকেইটা সমষ্টিত কংগ্রেছে অকলশৰীয়াকৈ নির্বাচনত অৱতীর্ণ হ’ব অথবা কোন সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক এৰি দিব, সেয়া এতিয়াও নির্ধাৰণ কৰা নাই বুলি উল্লেখ কৰি বৰাই কয়– ‘ৰাইজৰ দলে থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ ভিতৰত যিকোনো দুটা সমষ্টি তেওঁলোকক এৰি দিব লাগে বুলি আমাক প্রস্তাৱ দিছে৷ সেইদৰে অসম জাতীয় পৰিষদে মাজুলী আৰু তামুলপুৰ সমষ্টি বিচাৰিছে৷ কিন্তু দুয়োটা দলকে দুটাকৈ সমষ্টি এৰি দিয়াত অসুবিধা আছে৷ সেয়েহে তেওঁলোকক আমি এটাকৈ সমষ্টি এৰি দিবলৈ আজিৰ সভাত সর্বসন্মতিক্রমে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷’
আনহাতে এই সভাতে কংগ্রেছে প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিসমূহৰ বাবে তিনিজনীয়া প্রার্থী পেনেল প্রস্তুত কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কাইলৈ এই পেনেলৰ তালিকা লৈ প্রদেশ কংগ্রেছৰ নেতৃবৃন্দ নতুন দিল্লীলৈ ৰাওনা হ’ব আৰু নিখিল ভাৰত কংগ্রেছ কমিটীৰ ভাৰপ্রাপ্ত সভাপতি ছোনিয়া গান্ধীৰ সন্মতি বিচাৰিব৷ কাইলৈৰ ভিতৰত প্রার্থীৰ এই তালিকাও চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ প্রকাশ কৰে৷ একে সময়তে আগন্তুক উপ–নির্বাচনত চি পি আই আৰু চি পি আই (এম)ৰ সহযোগিতা বিচাৰি ভূপেন বৰাই কয়– ‘এইবাৰ উপ–নির্বাচনত চি পি আই আৰু চি পি আই (এম) দলে আমাক সহায় কৰাটো আমি বিচাৰিছোঁ৷ আসন বুজাবুজিৰ ক্ষেত্রত আলোচনাৰ বাবে কালি ৰাইজৰ দলৰ উপ–সভাপতি কমল কুমাৰ মেধিৰ সৈতে আমি আলোচনাত মিলিত হৈছিলোঁ৷ সেইদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতেও এক বৈঠকত মিলিত হৈছোঁ৷ অৱশ্যে দুয়োটা দলকে আসনৰ ভাগ–বাটোৱাৰৰ বাবে প্রস্তাৱ দিয়া হৈছিল৷ কিন্তু মই আলোচনাকালত কৈছিলোঁ যে নির্বাচন কমিটীয়ে সন্মতি প্রদান নকৰা পর্যন্ত মই আনুষ্ঠানিকভাৱে কোনো কথা ক’ব নোৱাৰোঁ৷ কিন্তু আজিৰ বৈঠকত নির্বাচন কমিটীয়ে এখনকৈ আসন এৰি দিয়াৰ বাবে অনুমোদন দিছে, সেয়েহে ৰাজহুৱাভাৱে তেওঁলোকক আসনৰ বুজাবুজিৰ কথা প্রকাশ কৰিছোঁ৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ পর্যবেক্ষক জিতেন্দ্র সিঙে আজিৰ বৈঠকত উপস্থিত নাছিল যদিও ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে তেওঁ আসন এৰি দিয়াৰ ক্ষেত্রত যাৱতীয় অনুমতি প্রদান কৰিছে৷’
ইপিনে বিভিন্ন সময়ত অখিল গগৈ আৰু মিত্রদলসমূহে কংগ্রেছক কৰি অহা সমালোচনাৰ সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বৰাই কয় যে মিত্রদলসমূহেও তেওঁলোকক বহু সময়ত তিৰস্কাৰ কৰি আহিছে৷ এয়া কবিতা, সাহিত্যৰে প্রত্যাক্রমণৰ সময় নহয়, ঐক্যবদ্ধভাৱে বিৰোধী শক্তি হিচাপে শক্তিশালী হোৱাৰহে সময়৷ উল্লেখ্য যে ৰাজ্যৰ পাঁচটাকৈ সমষ্টি ক্রমে থাওৰা, মৰিয়নি, ভৱানীপুৰ, তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰ বাবে অহা ৩০ অক্টোবৰ উপ–নির্বাচনৰ দিন ঘোষণা কৰা হৈছে৷ কালি মহানগৰীৰ হোটেলখনত অনুষ্ঠিত সভাত উপ–নির্বাচন হ’বলগীয়া ছয়টা সমষ্টিৰ সংশ্লিষ্ট জিলাসমূহ ক্রমে শিৱসাগৰ, যোৰহাট, মাজুলী, বাক্সা, কোকৰাঝাৰ আৰু বৰপেটাৰ জিলা সভাপতি তথা ব্লক সভাপতিসকল উপস্থিত থাকে৷