নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিডিচিএল কেলেংকাৰিঃ ধনৰ বিনিময়ত চাকৰি বিচৰা প্রার্থীক গ্রেপ্তাৰৰ প্রস্তুতি চিএম ভিজিলেঞ্চৰ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ এপিডিচিএলৰ কেলেংকাৰিৰ তদন্তই শেহতীয়াকৈ লাভ কৰিছে বিশেষ অগ্রগতি৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাই চলাই থকা এই কেলেংকাৰিৰ তদন্তত প্রতিদিনেই উদ্ধাৰ হৈছে ন ন তথ্য৷ যাৰ ফলত আৰক্ষীৰ হাতত অভিযুক্তৰ তালিকাও দীঘলীয়া হৈ পৰিছে৷

উল্লেখ্য যে এপিডিচিএলৰ নিযুক্তি পৰীক্ষাৰ তদন্তকালতে উন্মোচিত হৈছে কিদৰে প্রার্থীৰ সৈতে এপিডিচিএলৰ শীর্ষ বিষয়াই ধনৰ লেনদেনৰ বাবে যোগাযোগ কৰিছিল৷ তদন্তকাৰী দলে অতিশীঘ্রেই ধনৰ লেনদেন কৰা বহু প্রার্থীক গ্রেপ্তাৰৰ বাবেও প্রস্তুতি চলাইছে৷ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰ’জী কলিতাই প্রকাশ কৰা মতে অতিশীঘ্রেই টকা দি চাকৰি ল’ব খোজা একাংশ প্রার্থীক জেৰাৰ বাবে তলব কৰা হ’ব৷ কেৱল জেৰাই নহয়, এপিডিচিএলৰ চাকৰিৰ বাবে ধন দিয়া বুলি প্রমাণ হ’লে প্রার্থীক গ্রেপ্তাৰ কৰা হ’ব৷

উল্লেখ্য যে এপিডিচিএলৰ নিযুক্তি পৰীক্ষাৰ দীর্ঘদিন ফলাফল ঘোষণা নোহোৱাৰ পাছত একাংশ প্রার্থীয়ে এপিডিচিএলৰ কেইবাজনো শীর্ষ বিষয়াৰ সৈতে যোগাযোগ কৰি ধনৰ বিনিময়ত চাকৰি লাভৰ প্রস্তুতি চলাইছিল৷ আনকি এই ধনৰ লেনদেনৰ প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছত পৰীক্ষাৰ ফলাফল ঘোষণা নকৰাক লৈ ছ’চিয়েল মিডিয়াত তীব্র আপত্তি আৰু ক্ষোভ উজাৰিছিল৷ তদন্তকাৰী দলটোৱে প্রকাশ কৰা অনুসৰি ধনৰ লেনদেন কৰা ২৭৮গৰাকী প্রার্থীৰ তালিকা ইতিমধ্যে সাজু কৰি তোলা হৈছে৷ এপিডিচিএল আৰু নেইকমৰ শীর্ষ বিষয়াৰ সৈতে ধনৰ লেনদেনৰ জৰিয়তে চাকৰি ল’ব বিচাৰিছিল এইসকল প্রার্থীয়ে৷ বিষয়টো সন্দর্ভত ইতিমধ্যে তদাৰকী গোটে বহু তথ্য সংগ্রহ কৰাৰ পাছত কেলেংকাৰিৰ তদন্তই অন্য মোৰ লৈছে৷

ইফালে, কালি পুনৰ জেৰা কৰা হয় এপিডিচিএলৰ শীর্ষ বিষয়া সঞ্জয় ভৌমিক আৰু ডেইজিম হাজৰিকাক৷ যোৱা দুটা দিনত দুয়োজনকে পৃথকে পৃথকে জেৰা চলোৱাৰ পাছত আজি দুয়োজনকে মুখামুখিকৈ বহুৱাই জেৰা চলোৱা হ’ব৷

ইফালে, গুৱাহাটী বিশ্ববিদ্যালয়ে সমগ্র ঘটনাৰ নিজাববীয়াকৈ তদন্ত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ এই সন্দর্ভত বিশ্ববিদ্যালয়ৰ উপাচার্য প্রতাপজ্যোতি সন্দিকৈয়ে এই সন্দর্ভত কয় যে এপিডিচিএল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত চলি থকা নেক্সাছ সম্পর্কে তেওঁ অজ্ঞ আছিল৷

উপাচার্যগৰাকীয়ে কয়– মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কেলেংকাৰিৰ তদন্ত ক্ষিপ্রতাৰে কৰাৰ বাবে তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ আনহাতে, শ্রেণীসমূহৰ সচিব অধ্যাপক দিলীপ বৰাৰ পৰা বিশ্ববিদ্যালয় কর্তৃপক্ষই সমগ্র বিষয়টো সন্দর্ভত স্পষ্টীকৰণ বিচৰা বুলি উপাচার্যগৰাকীয়ে জানিবলৈ দিয়ে৷

You might also like