নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ গতি ৰুদ্ধৰ লক্ষ্যৰে ধুবুৰীত কংগ্ৰেছৰ পৰ্যালোচনা সভা

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ ‘২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক বিশেষ পৰ্য্যালোচনা সভা। মূলতঃ আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা এআইইউডিএফ চুপ্ৰিমো বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় আজিৰ সভাখন। সভাখনত ধুবুৰী সমষ্টিৰ এআইইউডিএফৰ দখলত থকা বিধানসভা সমষ্টি কেইটাত বিশাল জনসভা অনুষ্ঠিত কৰাৰ বিষয়টো লৈ বিতংকৈ আলোচনা কৰা হয়। সভাখনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, অসম কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী, জলেশ্বৰৰ বিধায়ক আফতাব উদ্দিন মোল্লা, দুধনৈৰ বিধায়ক যাদব স্বৰ্গীয়াৰী, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ, প্ৰাক্তন মন্ত্ৰী নজিবুল ওমৰ প্ৰমুখ্যে কংগ্ৰেছৰ ৰাজ্যিক আৰু ধুবুৰী জিলা পৰ্যায়ৰ অইন কেইবাগৰাকী নেতাও। বৈঠকখনৰ অন্তত আয়োজিত এক সংবাদমেলত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজে ধুবুৰী লোকসভা সমষ্টিৰ পৰা বদৰুদ্দিন আজমলৰ বিদায় দিয়াৰ বাবে সংকল্পবদ্ধ হোৱা বুলি দাবী কৰে। ল’গতে এইবাৰ কংগ্ৰেছে যাকেই প্ৰাৰ্থীত্ব নিদিওক কিয় সকলোৱে সামূহিক দায়িত্ববোধেৰে ৰাইজৰ পক্ষত থাকি আজমলক পৰাজিত কৰিবলৈ সংকল্পবদ্ধ হোৱা বুলিও দোহাৰে ৰকিবুল হুছেইনে। আনহাতে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত হুছেইনৰ দাবী কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত গঠিত হোৱা I.N.D.I.A.ৰ চৰকাৰ হ’ব আৰু প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী। আনহাতে কংগ্ৰেছী নেতা জাকিৰ হুছেইন শিকদাৰ ধুবুৰীত সাংবাদিকৰ সন্মুখত দিয়া এক সাক্ষাৎকাৰত আগন্তুক লোকসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ পৰাজয় নিশ্চিত বুলি দাবী কৰে। শিকদাৰৰ দাবী, ২০২৪ চনৰ লোকসভা নিসৰ্বাচনত ধুবুৰীৰ পৰা কংগ্ৰেছৰ বিজয় আৰম্ভ হব ৷

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like