নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰেগাঁও-হৰিগাঁৱত শিৱলিংগৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ

 🔹 কাইলৈ উৰুকা : দাহ নকৰে শিৱলিংগৰ আৰ্হিত নিৰ্মিত ভেলাঘৰ

নিয়মীয়া বাৰ্তা, ১৩ জানুৱাৰী : প্ৰচণ্ড ঠাণ্ডাকো নেওচি সমাগত মাঘ বা ভোগালী বিহুক আদৰাৰ আয়োজন চলিছে নামনি অসমত । নামনি অসমৰ বিশেষকৈ কোচ ৰাজবংশী সমাজত চাউল চিৰা, ধান চিৰা, বিভিন্ন প্ৰকাৰৰ লাড়ু, পিঠা-পনাৰ উপৰি বৰ্ণি চাউল কলপাতত মেৰিয়াই সিজোৱা ভাত ইত্যাদি খাদ্য সামগ্ৰী প্ৰস্তুতত মনোনিৱেশ কৰিছে প্ৰতিটো ঘৰৰ জীয়ৰী-বোৱাৰী, বুঢ়া-মেথাই । বৰ্ণি চাউল কলপাতেৰে মেৰিয়াই সিজাৱা ভাতক নামনি অসমৰ কোচ ৰাজবংশী সমাজত টোপোলা ভাত বা চিমা বুলি কয় । আনহাতে, মাঘ বা ভোগালী বিহুক কোচ ৰাজবংশী সমাজে দোমাসী বুলিহে কয়। এই দোমাসীত ধনীৰ পৰা দীন-দৰিদ্ৰ, ভিক্ষা কৰি খোৱা পৰিয়ালতো টোপোলা ভাত আৰু লফা, স্থানীয় ভাষাত লাফা শাকসহ ইয়াৰ জল (ঝল) নাখালে জীৱন বৃথা বুলি মানি আহিছে । বিশেষকৈ কোচ ৰাজবংশী ডোখৰীয়া অঞ্চলত লফা শাক আটাইতকৈ সুস্বাদ্য খাদ্য সামগ্ৰীৰ ভিতৰত ধৰা হয় । এই দোমাসীটিক আদৰাৰ বাবে একেদৰে বিভিন্ন আৰ্হিৰ সৰু-ডাঙৰ ভেলাঘৰ নিৰ্মাণতো পিছপৰি থকা নাই অঞ্চলবাসী । ইয়াৰে ভিতৰত কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত জৰেগাঁও-২ নং হৰিগাঁৱৰ যুৱকসকলে ঐক্যবদ্ধ হৈ বৃহৎ আকাৰৰ শিৱলিংগৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে । প্ৰায় ১৫/১৬ ডাল বাঁহ, পাঁচ/ছয় ঠেলা খেৰেৰে নিৰ্মাণ কৰি উলিওৱা শিৱলিংগসদৃশ ভেলাঘৰটি অৱশ্যে দাহ নকৰি সংৰক্ষণ কৰি ৰাখিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। কাষতে আন এটি বাঁহ-খেৰেৰে নিৰ্মিত ভেলাঘৰটিহে বিহুত দাহ কৰি ইয়াৰ উত্তাপ ল’ব বুলিহে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বৃহৎ আকৃতিৰ টাইটানিক, ট্ৰাক আদি খেৰ-বাঁহেৰে নিৰ্মাণ কৰি অঞ্চলটিত চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি কালীপুখুৰী ভি চি ডি চিৰ সভাপতি ৰাহুলজিৎ ৰায়ে জানিবলৈ দি শিল্পীসুলভ মনৰ কিশোৰ-যুৱকসকলে আগলৈ ন ন কাৰু-কাৰ্যখচিত ভেলাঘৰে নহয়, অন্যান্য বিষয়সমূহতো আগবাঢ়ি গৈ এক সুনাম কঢ়িয়াই অনাৰ লগতে জীৱন পথত আগবাঢ়ি যাওক বুলি আশা প্ৰকাশ কৰে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like