🔹 সপোনত দেখা ‘ককাক’ৰ পৰামর্শ মানি নামঘৰত চাকি-বন্তি জ্বলালে ভূপেন বৰাই
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জুলাই : পৰম আৰাধ্য শ্রীকৃষ্ণ–ৰুক্মিণীক লাভ জেহাদৰ প্রসংগৰে টানি আনি বিতর্কৰ আৱর্তত সোমাই পৰিছে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা ৷ কালি লাভ জেহাদ সম্বন্ধত প্রতিক্রিয়া প্রকাশ কৰিবলৈ গৈ অশোভনীয় মন্তব্য কৰাৰ পিছত ভূপেন বৰাৰ বিৰুদ্ধে শাসকীয় দলৰ পৰা আৰম্ভ কৰি সত্রাধিকাৰলৈকে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷ এনেধৰণৰ মন্তব্যৰ পিছত ৰাজ্যজুৰি হোৱা প্রতিক্রিয়া দেখি শংকিত হৈ পৰা প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে অৱশেষত দুখ প্রকাশ কৰিবলৈ বাধ্য হ’ল ৷ আজি সংবাদ মাধ্যমৰ সন্মুখত ভগৱান শ্রীকৃষ্ণ আৰু মহাভাৰত সম্পর্কীয় অবাঞ্ছিত বক্তব্যৰ বাবে দুখ প্রকাশ কৰি ৰাইজক ভুল নুবুজিবলৈ আহ্বান জনাইছে ৷ এই প্রসংগত সপোনত আহি ককাদেউতাকে তেওঁক চাকি–বন্তি জ্বলাই নামঘৰত প্রার্থনা গাই নিজৰ ভুল স্বীকাৰ কৰিবলৈ পৰামর্শ দিয়া বুলিও সভাপতি বৰাই প্রকাশ কৰিছে ৷ তেওঁ কয়– ‘মই কালি যিখিনি কথা কৈছিলোঁ, সেই কথা সন্দৰ্ভত মই এতিয়া ৰাজনৈতিক ক্ষেত্রখনৰ বাহিৰত থাকি ক’ব খুজিছোঁ ৷ নিশা সপোনত মোৰ ককাদেউতা আহিছিল আৰু মোক তেওঁ কৈছে যে দুবছৰীয়া সভাপতি হিচাপে কার্যকালত কালি দুটা অপ্রয়োজনীয় শব্দ অলাগতিয়ালভাৱে সংযোজিত কৰিছোঁ ৷ এই দুটা শব্দ তাত খাপ নাখায় ৷ বিগত দুবছৰত মোৰ মুখৰ পৰা ভক্তিমার্গৰ বিপৰীতে কোনো মন্তব্য প্রকাশ হোৱা নাছিল ৷ যোৱানিশা মোৰ পৰম কৃষ্ণভক্ত ককাদেউতাই মোৰ সন্মুখলৈ আহি একপ্রকাৰ ধমক দি মোৰ চিন্তা–চেতনাক জাগ্রত কৰি তুলিলে ৷ ককাদেউতাই সপোনতে এই ভুলৰ বাবে মোক সৰুতে তেওঁ শিকাই দিয়া প্রার্থনাৰে প্রভু ভগৱন্তৰ ওচৰত তামোল–পাণ লৈ সাষ্টাংগে প্রণিপাত কৰি সেৱা ধৰাৰ লগতে ভুলৰ বাবে ক্ষমা বিচাৰিবলৈ কৈছে ৷ সেইবাবে শুদ্ধচিত্তে মই আজি ভগৱানৰ ওচৰত ককাদেউতাই শিকাই দিয়া প্রার্থনা গাই চাকি–বন্তি জ্বলাই প্রার্থনা জনাইছোঁ ৷ যাতে কোনো ভকত–বৈষ্ণৱৰ মাজত ভুল বুজাবুজি নহয় ৷ কোনোবাই কোনোবাই কৈ আছে যে ভূপেন বৰাক নামঘৰলৈ যোৱা নিষিদ্ধ কৰিব লাগে৷ মই সেইসকলক অনুৰোধ কৰিম যাতে তেওঁলোকে মুখ্যমন্ত্রীক আবেদন দিয়ে যে নামঘৰলৈ যোৱা বন্ধ কৰাতকৈ মোক এনকাউণ্টাৰ কৰাই দিয়ক ৷ নামঘৰলৈ যোৱা বন্ধ কৰাতকৈ যদি তেওঁলোকে মোক এনকাউণ্টাৰ কৰিবলৈ মুখ্যমন্ত্রীৰ ওচৰত আর্জি জনায়, মই বেছি ভাল পাম ৷’ যিসকলে নামঘৰলৈ যাব নালাগে বুলি মন্তব্য কৰিছে, তেওঁলোকক উদ্দেশ্যি ভূপেন বৰাই এইদৰে কয়– ‘আপোনালোকে মোক এনকাউণ্টাৰ কৰিবলৈ কৈ দিয়ক৷ এই বিষয়টোত যদি মোক এনকাউণ্টাৰ কৰে আমাৰ পৰিয়ালৰ ফালৰ পৰা কোনো বিচাৰ অথবা গোচৰ-মোকর্দ্দমা নকৰে ৷ এইক্ষেত্রত মোৰ পৰিয়াল অথবা মোৰ কোনো আপত্তি নাই৷ মই ৰাইজৰ বাবে প্রাণ আহুতি দিবলৈ সাজু আছোঁ৷ বিজেপিলৈ ভয় খাই মই এই কথা কোৱা নাই৷ বৰঞ্চ বাপ সমস্ত তথা ভকত–বৈষ্ণৱসকলে যাতে মোক ভুল নুবুজে ৷ সভাপতি হিচাপে দুবছৰীয়া কার্যকালত যি দুটা শব্দ অপ্রয়োজনীয়ভাৱে প্রয়োগ কৰিলোঁ, তাৰ বাবে ককাই আক্ষেপ কৰিছে ৷ কৃষ্ণ সেৱক তথা ভকত–বৈষ্ণৱক উদ্দেশ্যি আমাৰ নামঘৰত সেৱা লৈছোঁ৷ আমাৰ প্রচলিত সমাজ ব্যৱস্থাত কোৱা হয় যে এনে ভুল হ’লে তামোল–পাণ আৰু এটকা ২৫ পইচা দি সেৱা লয় ৷ ভকত–বৈষ্ণৱৰ ওচৰত শৰণাপন্ন হ’ব লাগে ৷ যেতিয়া মোক এজন সত্রাধিকাৰ তথা ভকত–বৈষ্ণৱে ভুল ধৰে, তেতিয়া মোৰ কাৰণে সেয়া অশোভনীয় ঘটনা হৈ পৰে ৷’ সংবাদ মাধ্যমৰ সন্মুখতে প্রার্থনা গাই ক্ষমা ভিক্ষা কৰে প্রদেশ কংগ্রেছৰ সভাপতি বৰাই। উল্লেখ্য যে মুখ্যমন্ত্রীৰ বক্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰিবলৈ গৈ প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে লাভ জেহাদৰ পৰিণতিয়েই মহাভাৰত বুলি মন্তব্য কৰিছিল ৷ আনকি গান্ধাৰী–ধৃতৰাষ্ট্রৰ বিয়া, শ্রীকৃষ্ণ–ৰুক্মিণীৰ বিয়াকো লাভ জেহাদ আখ্যা দিছিল প্রদেশ কংগ্রেছৰ সভাপতিজনে ৷ ইয়াৰ পিছতে তেওঁৰ বক্তব্যক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয় ৷ ৰাজ্যজুৰি হোৱা এনে বিতর্ক আৰু প্রতিক্রিয়াৰ পিছত আজি সংবাদ মাধ্যমৰ সন্মুখত প্রার্থনা গাই ক্ষমা প্রার্থনা কৰা কার্যক সচেতন মহলে ভূপেন বৰাৰ এয়া ‘ভক্তিমূলক’ আত্মসমর্পণ বুলি অভিহিত কৰিব বিচাৰিছে ৷