বিশেষ বাৰ্তা, ১৫ মে: ঢকুৱাখনা ৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত আয়োজিত ফাটবিহুৰ সকলো কাৰ্যসূচীৰ সামৰণি পৰিল ঠিকেই, কিন্তু ফাটবিহুকেন্দ্ৰিক বিতৰ্কৰ ওৰ নপৰিল আজিও। জানিব পৰা মতে ফাটবিহুৰ প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীতেই হৈছিল অঘটন।ফাটবিহু সমিতিৰ সভাপতিয়ে পতাকা উত্তোলনৰ বাবে ৰছী টানোতেই খহি পৰিছিলহি মূৰত ফাটবিহুৰ পতাকা। অনভিজ্ঞ লোকে পতাকাৰ ৰছী ঠিক কৰাৰ বাবে এনে হ’ল বুলি সেই কথা তাত থকা বিভিন্ন সংবাদ মাধ্যমৰ লোকক প্ৰচাৰ নকৰিবলৈ অনুৰোধ জনাইছিল ফাট বিহু সমিতিয়ে। ইফালে প্ৰথম দিনা নিশাই কোনোবা দুৰ্বৃত্তই মুখ্যমন্ত্ৰীক স্বাগতম জনাবলৈ ঢকুৱাখনাৰ কেইবাটাও মিচিং জাতীয় সংগঠনে দিয়া এখন আদৰণী তোৰণৰ বেনাৰ ফালি পেলালে। ইফালে দ্বিতীয় দিনা উন্মোচন হোৱা ফাটবিহুৰ বছৰেকীয়া প্ৰকাশ “বিহুৱান”ত প্ৰকাশিত মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাণীত ছপা হ’ল ভুল তথ্য। উল্লেখ্য যে মুখ্যমন্ত্ৰীয়ে দিয়া শুভেচ্ছা বাণীৰ দ্বিতীয় পেৰাগ্ৰাফত কোৱা হৈছে যে “মিচিং জনগোষ্ঠীৰ বৰ্ণাঢ্য লোক-সংস্কৃতিৰ অপূৰ্ব প্ৰকাশ ফাটবিহু।…” এই ফাটবিহু প্ৰকৃততে কোনো এটা বিশেষ জনগোষ্ঠীৰ লোক উৎসৱ নহয়।এই লোক উৎসৱটি ঢকুৱাখনাত বসবাস কৰা চুতীয়া, কৈৱৰ্ত, মিচিং, আহোম, দেউৰ, নেপালী, কোচ, কলিতা ইত্যাদি বিভিন্ন জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ পালন কৰে। অন্যহাতে দ্বিতীয় দিনাৰ দুপৰ নিশা ঘটিল ঘিলামৰাৰ বৰদৈচিলা নামৰ এটি বিহু দলৰ বিহুৱাক ফাটবিহুৰ মঞ্চৰ পৰা ফাটবিহুৰ স্থায়ী সমিতিৰ সম্পাদক ভাস্কৰ দাসসহ এদল মুখ্য বিষয়ববীয়াই গঁতিয়াই-ভুকুৱাই নমাই দিয়াৰ ঘটনা। ইফালে মুখ্যমন্ত্ৰীয়ে ফাটবিহুতলীত অৱস্থান কৰি থকাৰ সময়ত ফাটবিহুৰ মূল তোৰণ বহু সময় বন্ধ কৰি ৰাখি বিহুপ্ৰেমী ৰাইজক বিহুতলীলৈ যোৱাত আৰক্ষীয়ে বাধা দিয়াত ভালে মান লোক বিহু নোচোৱাকৈয়ে ঘৰাঘৰি যাব লগাত পৰিল। এই আটাকেইটা ঘটনাই এইবাৰ ফাটবিহুৰ পূৰ্বৰ ঐতিহ্য আৰু গৰিমাক কিছু ম্লান কৰি পেলালে।ফাটবিহু সমিতিৰ হাতত অপদস্থ হোৱা বৰদৈচিলা বিহুদলটিয়ে ঘটনাক লৈ ঢকুৱাখনা থানাত গোচৰ তৰা বুলিও জানিব পৰা গৈছে। ভৱিষ্যত দিনত ফাটবিহু সমিতিয়ে কিছু সাৱধানতাৰে সংযত হৈ কাম কৰিলেহে ফাটবিহুৰ ঐতিহ্য ৰক্ষা হ’ব। সমিতিৰ বিষয়ববীয়াসকলৰ মইবৰ ভাবে নহলে কিন্তু ফাটবিহুৰ ঐতিহ্যত কালিমাহে সানিবগৈ।