গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহঃ ৬৩৩জনক পি.এইচ.ডি. ডিগ্ৰী প্ৰদানঃ বিশিষ্ট প্ৰযুক্তিবিদ অধ্যাপক ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁইক সন্মানীয় ডক্টৰেট অফ ছায়েঞ্চ ডিগ্ৰী প্ৰদান
নিয়মীয়া বাৰ্তা, ৬ মেঃ গুৱাহাটী বিশ্ববিদ্যালয়ে আজি ‘ঊনত্রিংশত্তম দীক্ষান্ত সমাৰোহৰ আয়োজন কৰে। এই বছৰৰ ২৬ জানুৱাৰীৰ পৰা হীৰক জয়ন্তী উদযাপন কৰি থকা বিশ্ববিদ্যালয়খনে ১,০০,৫০০তকৈ অধিক শিক্ষার্থীক স্নাতক ডিগ্ৰী আৰু ডিপ্লমা প্ৰদান কৰে। ইয়াৰ লগতে ৯,৮০০ শিক্ষাৰ্থীক স্নাতকোত্তৰ, ১৪৩জনক এম.ফিল. আৰু ৬৩৩জনক পি.এইচ.ডি. ডিগ্ৰী প্ৰদান কৰা হয়। এই বৃহৎসংখ্যক স্নাতক শিক্ষাৰ্থীৰ ভিতৰত ২৫৫২ জন আজিৰ সমাৱৰ্তনত উপস্থিত আছিল। সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বীকৃতি পৰিষদৰ অধ্যক্ষ তথা গুৰু গোৱিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য্য অধ্যাপক কে.কে. আগৰৱালে সমাৱৰ্তন ভাষণ প্ৰদান কৰে। তেওঁ ডিগ্ৰী লাভ কৰা শিক্ষার্থীসকলক অভিনন্দন জনায়। চৌপাশৰ পৰিৱেশৰ পৰিৱৰ্তন সম্ভৱ কৰিব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলে বহন কৰা অপাৰ সম্ভাৱনাৰ বিষয়ে তেওঁৰ সাৰুৱা ভাষণত উল্লেখ কৰে। আনহাতে অসমৰ ৰাজ্যপাল তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য্য অধ্যাপক জগদীশ মুখীয়ে কয়, “আমি আমাৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক সাফল্য উদ্যাপন কৰাৰ সময়তে আমাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ সৈতে বিশ্ববিদ্যালয়লৈ কঢ়িয়াই অনা অঞ্চলটোৰ সমৃদ্ধ সংস্কৃতিৰ বিষয়েও প্রশংসা কৰিব লাগিব। এই বিশ্ববিদ্যালয়ে প্ৰদান কৰা শৈক্ষিক, ক্রীড়া, সামাজিক আৰু সাংস্কৃতিক আলোকধাৰাই ছাত্ৰ-ছাত্ৰী সকলক চিৰদিনৰ বাবে উজ্জ্বীৱিত কৰি ৰাখিব আৰু তেওঁলোকৰ স্মৃতিৰ ভড়াল সজীৱ কৰি ৰাখিব।” আচাৰ্য্য গৰাকীয়ে লগতে কয় যে, “নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি”ৰ সম্ভাৱনা সমূহৰ সম্পূৰ্ণ সুবিধা লবলৈ বিশ্ববিদ্যালয়ে নিজকে প্রস্তুত কৰিব লাগিব। বিশ্ববিদ্যালয়ৰ দুৰ্বলতাসমূহ চিনাক্ত কৰি সেইসমূহৰ সমাধানৰ আঁচনি যুগুত কৰিব লাগিব বুলিও তেওঁ কয়। তেওঁ আৰু কয় যে, “বিশ্ববিদ্যালয়খনে ছাত্র-ছাত্রী বিনিময় কাৰ্য্যসূচী আৰু সমগ্ৰ বিশ্বৰ প্রতিষ্ঠান সমূহৰ সৈতে সহযোগিতাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল আৰু চুবুৰীয়া দেশৰ শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰা উচিত।” গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে সমাৱৰ্তনৰ সকলো শিক্ষার্থীক অভিনন্দন জনাই কয় যে, গুৱাহাটী বিশ্ববিদ্যালয়ে “নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি” পর্যায়ক্ৰমে ৰূপায়ণ কৰিবৰ বাবে সময়সীমা নিৰ্দ্ধাৰণ কৰিছে। শিক্ষাদান, গৱেষণা আৰু সম্প্ৰসাৰণ কাৰ্য্যসমূহৰ জৰিয়তে ৰাজ্যৰ তথা দেশৰ সামগ্ৰিক অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক বিকাশত বিশ্ববিদ্যালয়ে সদায়ে অৰিহণা যোগাই আহিছে। বিশ্ববিদ্যালয়ৰ এই মহান লক্ষ্য সাধন কৰিবলৈ প্রশিক্ষিত আৰু যোগ্য স্নাতক সকলেৱো বিভিন্ন উন্নয়নমূলক নীতি প্রস্তুত কৰাত অহিৰণা যোগাব লাগিব। বিশ্ববিদ্যালয়ৰ সামাজিক দায়বদ্ধতা, পৰম্পৰা আৰু সাংস্কৃতিক প্ৰমূল্যৰ প্ৰতিফলন কৰিব পৰাকৈ এইবছৰৰ সন্মানীয় বঁটাসমূহ নিৰ্দ্ধাৰণ কৰা হৈছে। বিশিষ্ট প্রযুক্তিবিদ অধ্যাপক ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাইক এইবছৰৰ সন্মানীয় ডক্টৰেট অফ চায়েন্স তথা ডি.এচ.চি. (D.Sc) বঁটা প্ৰদান কৰা হয়। বিশিষ্ট সাহিত্যিক তথা অভিধান প্রণেতা সুমন্ত চলিহা, প্রসিদ্ধ সাহিত্যিক তথা সাহিত্য সমালোচক নাহেন্দ্ৰ পাদুন আৰু লোক-সংস্কৃতিৰ পণ্ডিত ধৰ্মসিংহ ট্ৰেৰণক এইবছৰৰ সন্মানীয় পি.এইচ.ডি. (Ph.D.) ডিগ্ৰী প্ৰদান কৰা হয় । বিশ্ববিদ্যালয়ৰ ‘হীৰক জয়ন্তী বৰ্ষ’ আৰু দেশৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি অহা কেইমাহ মানৰ ভিতৰত আৰু কেইবালানি অনুষ্ঠানৰ আয়োজন কৰা হ’ব।
প্ৰেৰক অমল কলিতা