নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৮ কোটিত বিক্রী হ’ল মাৰাডোনাৰ ‘হেণ্ড অৱ গড’ জার্ছী

নিয়ময়ীয়া বাৰ্তা, ৫ মেঃ মাৰাডোনাৰ বিশ্ববিখ্যাত হেণ্ড অৱ গড জার্ছী বিক্রী হ’ল ৭১ লাখ পাউণ্ডৰো অধিক দামত৷ যাৰ মূল্য ভাৰতীয় মুদ্রাত প্রায় ৬৮ কোটি টকা৷ ১৯৮৬ৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে এটা বিতর্কিত গ’ল কৰিছিল আর্জেণ্টিনাৰ প্রাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মাৰাডোনাই৷ ইংৰাজ বাহিনীয়ে দাবী কৰা অনুসৰি মূৰেৰে নহয়, হাতেৰে গ’লটো দিছিল অধিনায়ক মাৰাডোনাই৷ পিছত এই গ’লটো সম্পর্কত মাৰাডোনাই নিজেই ‘হেণ্ড অৱ গড’ বুলি অভিহিত কৰিছিল৷ লাখ লাখ ইংৰাজ অনুৰাগীৰ হূদয় ভাঙি বিশ্বকাপত এই মেচখনত মাৰাডোনাই পৰিধান কৰা জার্ছীটো নিলামত উঠিল৷ আর্জেণ্টিনাৰ প্রাক্তন ফুটবলাৰগৰাকীৰ এই বিখ্যাত জার্ছীটোৰ দাম উঠিল ভাৰতীয় মূল্যত ৬৭ কোটি ৯৮ লাখৰো অধিক৷ বিগত ৩৫ বছৰ ধৰি জার্ছীটো আছিল ইংলেণ্ডৰ প্রাক্তন মিডফিল্ডাৰ ষ্টিভ হজৰ ওচৰত৷ মেচখনৰ শেষত মাৰাডোনাই তেওঁৰ সৈতে জার্ছীটো সালসলনি কৰিছিল৷ হজৰ হাতৰ পৰা নি জার্ছীটো মানচেষ্টাৰ ইউনাইটেডে দুটা দশক ধৰি নিজৰ ফুটবল সংগ্রহালয়ত ৰাখিছিল৷ এই বছৰৰ আৰম্ভণিতে ৫৯ বছৰীয়া হজে জার্ছীটো বিক্রীৰ সিদ্ধান্ত লয়৷ লণ্ডনৰ এটা নিলাম সংস্থাই মাৰাডোনাৰ এই জার্ছীটো বিক্রীৰ বাবে ২০ এপ্রিলৰ পৰা ৪ মে’পর্যন্ত অনলাইনযোগে নিলামৰ ব্যৱস্থা কৰে৷

You might also like