নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IIT গুৱাহাটীত ক’ৰোনাতংকঃ সঞ্চালক টি জি সীতাৰামৰ কাণ্ডজ্ঞানহীন আচৰণ; কোৱাৰেইণ্টাইন অমান্য কৰি মুক্ত বিচৰণ

নিয়মীয়া বাৰ্তা ১২ জুনঃ দেশৰ আগশাৰীৰ প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত ক’ৰোনা আতংক। আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি সীতাৰামৰ অবিবেচক কাণ্ডই আতংকিত কৰিছে শিক্ষা প্ৰতিষ্ঠানখনিত।

আই আই টি গুৱাহাটীৰ সঞ্চালক টি জি চিঠাৰামনে ভৰিৰে মোহাৰিছে ক’ৰোনা সংক্ৰান্তীয় সকলো নীতি-নিয়ম। এই সপ্তাহৰ মঙ্গলবাৰে বাংগালুৰুৰ পৰা আহিছিল সঞ্চালক টি জি সীতাৰাম । বহি:ৰাজ্য ভ্ৰমণ কৰি আহি সঞ্চালকগৰাকী হোৱা নাছিল কোৱাৰেন্টীন। কোৱাৰেন্টীনত থকাৰ পৰিৱৰ্তে আই আই টি গুৱাহাটীত কেইবাখনো সভাত অংশগ্ৰহণ কৰিছিল সঞ্চালক গৰাকীয়ে।

তাৰোপৰি ভাৰতীয় মানৱ সম্পদ মন্ত্ৰী ৰমেশ পোখৰিয়াল ভিডিঅ’ কনফাৰেঞ্চৰ জড়িয়তে আই আই টি গুৱাহাটীৰ ৰেংকিং প্ৰচাৰ সংক্ৰান্তীয় বিষয়ৰ সভাতো অধ্যাপক সকলৰ সৈতে অংশ লৈছিল সঞ্চালক গৰাকীয়ে।

যাৰ ফলত এতিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীৰ সৰ্বত্ৰে আতংক। তিনিমাহৰ পাছত বাংগালুৰুৰ পৰা আহি ২৪ ঘন্টা নহওঁতেই সতীৰ্থ অধ্যাপকৰ সৈতে বৈঠকত বহিছিল সঞ্চালক টি জি সীতাৰাম ।

উল্লেখ্য যে, উত্তৰ গুৱাহাটীৰ বহু সংখ্যক লোক এই প্ৰতিষ্ঠানটোত নিয়োজিত যি সকল নিতৌ ঘৰ-পৰিয়ালৰ সৈতে জড়িত। সচেতন নাগৰিকৰ দাবী যে এই কাণ্ডজ্ঞানহীন ব্যক্তি জনৰ ওপৰত শাস্তি মূলক ব্যৱস্থা ল’ব লাগে।

You might also like