চতুৰ্থ দিনাও আতংক অব্যাহত বাঘজানত; আশ্ৰয় শিবিৰত গঞাৰ হৃদয়বিদাৰক বিননি
নিয়মীয়া বাৰ্তা ১২ জুনঃ তিনিচুকীয়াৰ বাঘজানস্থিত অইলৰ তৈলখাদত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ উত্তাপ এতিয়াও মাৰ যোৱা নাই । বৃহত্তৰ অঞ্চলটোত এতিয়াও আতংকিত হৈ আছে ৰাইজ ৷ এনে এক আতংকময় পৰিস্থিতিৰ মাজতে বুধবাৰে সন্ধিয়াৰ পৰা আন এক দুর্যোগৰ আশংকা ঘনীভূত হৈছে বাঘজানত৷
তৈলখনন চলোৱা বাঘজানৰ লগতে নতুনগাঁও, দীঘলটৰং, কর্দৈগুৰি আদি গাঁৱত বুধবাৰৰে পৰা ভূ–গর্ভত অনুভূত হৈছে অস্বাভাৱিক কম্পন৷ বৃহস্পতিবাৰে নিশাপর্যন্ত সমগ্র অঞ্চলৰ ভূপৃষ্ঠ কঁপি আছে যদিও ইয়াৰ আঁৰৰ বৈজ্ঞানিক কাৰণ এতিয়াও ঠাৱৰ কৰিব পৰা হোৱা নাই৷
