Cachar News : বোৱাৰী ধ*ৰ্ষ*ণ : জয়নুল হক বৰভূঞাক সশ্ৰম কাৰাদণ্ড আদালতৰ
Cachar News : বোৱাৰী ধৰ্ষণৰ অপৰাধত ধৰ্ষণকাৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। কাৰাদণ্ডৰে দণ্ডিত ধৰ্ষণকাৰীজনৰ নাম জয়নূল হক বৰভূঞা। ঘৰ কাছাৰ জিলাৰ ধলাই ৰাজগোবিন্দপুৰত।
২০১৭ চনৰ ১৪ জুলাইত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড। ৩৫ বছৰীয়া এগৰাকী বোৱাৰী বজাৰৰ পৰা ঘৰত যোৱাৰ সময়ত নিৰ্জন এটা স্থানত বোৱাৰীগৰাকীক নিৰ্জনতাৰ সুযোগ লয় জয়নুল হকে। আৰু ইয়াৰ পাছত বোৱাৰীগৰাকীক জোৰ-জবৰদস্তি জঙ্গলত নি ধৰ্ষণ কৰে লম্পট জইনুল হকে। ধৰ্ষণকাণ্ড সংঘটিত কৰা বোৱাৰীগৰাকীক জঙ্গলত পেলাই পলায়ন কৰে লম্পট জয়নুল হকে।
ঘটনাৰ পিছদিনা ধলাই আৰক্ষী চকীত ধৰ্ষিতা বোৱাৰীগৰাকীয়ে জয়নুল হকক অভিযুক্ত কৰি ৰুজু কৰে এটা গোচৰ। আৰক্ষীৰ তদন্ত অন্তত আদালত আৰম্ভ হয় বিচাৰ প্ৰক্ৰিয়া ৷ আদালত দীৰ্ঘ প্ৰায় ৮ বছৰ বিচাৰ প্ৰক্ৰিয়া চলাৰ পাছত আদালতে অভিযুক্ত জয়নুল হকক দোষী সাব্যস্ত কৰি ৰায়দান ঘোষণা কৰে।
ধৰ্ষণকাৰী জয়নূলক ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৫০৬ ধাৰাত ৭ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকা জৰিমনা বিহে আদালতে। আদালতৰ এই ৰায়দানৰ পাছত ধৰ্ষণকাৰী জয়নুল হক বৰভূঞাক আদালতৰ পৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
Niyomiya Barta Desk, 21 August