ৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২৬৭৭২ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ ৰাজ্যত নতুনকৈ ১৬৮০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৫৭০ গৰাকী ৰোগী গুৱাহাটীৰ ৷
ইপিনে ১৮,১৫২ টা পৰীক্ষা মঙলবাৰে সম্পাদন কৰা হৈছে । লগতে ৰাজ্যত দৈনিক আক্ৰান্তৰ হাৰ মাত্ৰ ৯.২ শতাংশ ৷
- অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২৬৭৭২ জন ৷
- ৰাজ্যত সম্প্ৰতি ৮৬৭২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
- সুস্থ হোৱা ৰোগীৰ সংখ্যা ১৮০৩৩
- বিয়োগ হোৱা ব্যক্তিৰ সংখ্যা ৬৪