নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–বানপানী সমস‍্যাৰ মাজত ষান্মাসিকৰ পৰীক্ষা দিবলৈ মানসিক ভাৱে সাজু নহয় কাৰিকৰী শিক্ষাৰ্থী

পৰীক্ষা বাতিলৰ দাবী জনাই কাৰিকৰী শিক্ষা সঞ্চালকালয়লৈ স্মাৰক পত্ৰ পলিটেকনিক ছাত্ৰ একতা সভাৰঃশিক্ষামন্ত্ৰীৰ হস্তক্ষেপৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ বিশ্বৰ লগতে ভাৰতবৰ্ষ আৰু অসমতো মহামাৰী ক’ভিড-১৯ ৰ ব‍্যাপক সংক্ৰমণৰ ঘটনা আৰু ভূতৰ ওপৰত দানহ পৰাদি বানপানী সমস‍্যাই ৰাজ‍্যবাসীক জুৰুলা কৰাৰ সময়তে কাৰিকৰী শিক্ষা সঞ্চালকালয়ে হঠাৎ ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাৰ সিদ্ধান্তৰ বিৰোধীতা কৰিছে কাৰিকৰী ছাত্ৰ-ছাত্ৰীসকলে ।

দূৰ্য‍্যোগৰ সময়ত কাৰিকৰী সঞ্চালকালয়ে পৰীক্ষা পতাৰ এনে সিদ্ধান্তই ৰাজ‍্যৰ বিভিন্ন প্ৰান্তৰত অৱস্হিত ২১ খন চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ প্ৰায় ৭ হাজাৰোধিক শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ প্ৰতিও প্ৰত‍্যাহ্বান আহি পৰিছে । এইক্ষেত্ৰত কাৰিকৰী সঞ্চালকালয় অৰ্থাৎ ডি টি ই অসমৰ সিদ্ধান্তৰ বিৰোধ কৰি কোনো কাৰিকৰী শিক্ষাৰ্থী মানসিকভাৱে পৰীক্ষাত বহিবলৈ প্ৰস্তুত নহয় বুলি উল্লেখ কৰিছে ।

উল্লেখযোগ্য যে অহা ২৭ জুলাইৰ পৰা ৩১ জুলাই লৈকে চূড়ান্ত ষাণ্মাসিকৰ প্ৰেক্টিকেল পৰীক্ষা আৰু ৩ আগষ্টৰ পৰা ৭ আগষ্টলৈ,
৩ আগষ্টৰ পৰা ৮ আগষ্টলৈকে দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ থিয়ৰী পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কাৰিকৰী শিক্ষা সঞ্চালকালয়ে পৰীক্ষাৰ প্ৰায় এসপ্তাহ পূৰ্বে জাননী জৰিয়তে জানিবলৈ দিয়ে । অৱশ্যে যোৰহাট প্ৰিন্স অৱ ৱেলছৰ শিক্ষাৰ্থীসকলে যোৱা ২৩ জুলাইতহে পৰীক্ষাৰ বিষয়ে অৱগত হোৱা কথা জানিবলৈ দিছে ।

আনহাতে জাননীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক জানিবলৈ দিয়ে যে ষাণ্মাসিকৰ পৰীক্ষাসমূহ অনলাইন মাধ‍্যমেৰে অনুষ্ঠিত হ’ব আৰু দুঘন্টা সময়ৰ ভিতৰত ৫৬ নম্বৰ প্ৰশ্নোত্তৰ কৰিবলৈ নিজকে সাজু কৰিব লাগিব । সাধাৰণতে আন সময়ত কাৰিকৰী ছাত্ৰ- ছাত্ৰীসকলে ৩ ঘন্টাত ৭০ নম্বৰ প্ৰশ্নকাকত সম্পূৰ্ণ কৰিব লাগে ।

এই পৰিস্হিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্হাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা বাতিলৰ দাবী জনাই সদৌ অসম কাৰিকৰী ছাত্ৰ একতা সভাৰ সভাপতি আলেখ‍্য প্ৰাণ শইকীয়া আৰু সাঃ সম্পাদক পাৰ্থ প্ৰতীম কোঁৱৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰে ।

কেইবাটাও দাবী সম্বলিত স্মাৰক পত্ৰখনত উল্লেখিত যে বানপীড়িত অঞ্চলত বিজুলীবাতি লগতে ইন্টাৰনেট সেৱা ব‍্যাহত হৈ থকাত ছাত্ৰ ছাত্ৰীসকল অনলাইনৰ যোগেদি অনুষ্ঠিত পৰীক্ষাত বহিবলৈ অসুবিধাৰ সন্মুখীন হ’ব , দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ শিক্ষাৰ্থীসকলক উত্তীৰ্ণ ব‍্যৱস্হা কৰি দিব লাগে , যিসকল শিক্ষাৰ্থীয়ে নিজৰ শতাংশ লৈ সন্তষ্ট নহয়, পৰিস্হিতি সুচল হোৱাৰ পাছত বেটাৰমেন পৰীক্ষাৰ ব‍্যৱস্হা কৰিব লাগে , পূৰ্বৰ ষাণ্মাসিক পৰীক্ষাত বেক থকা শিক্ষাৰ্থীক মূল‍্যায়ণৰ বিশেষ ব‍্যৱস্হা গ্ৰহণ কৰিব লাগে , বৰ্তমান পৰিস্হিতিত শিক্ষকসকলৰ প্ৰচেষ্টাৰ পাছতো সকলো পলিটেকনিকতে সকলো বিষয়ৰ পাঠ‍্যক্ৰম সম্পূৰ্ণ কৰিব পৰা নাই , গতিকে ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষা সম্পূৰ্ণ পাঠ‍্যক্ৰমৰ ওপৰত অনুষ্ঠিত কৰাৰ সলনি পাঠদান সম্পূৰ্ণ কৰা পাঠ‍্যক্ৰম সমূহ সামৰি পৰীক্ষা অনুষ্ঠিত হ’ব লাগে ইত্যাদি ।

৮ দফীয়া দাবী সম্বলিত এই পত্ৰখন যোৱা ২২ জুলাইত প্ৰেৰণ কৰিছিল কাৰিকৰী শিক্ষা সঞ্চালকালয়লৈ । সমান্তৰালভাৱে ছাত্ৰ একতা সভাই যোৱা ২৩ জুলাই নিশা ৮ বজাৰ পৰা ২৪ জুলাই বিয়লি ৩ বজালৈ ৰাজ‍্যৰ ১৪০০ পলিটেকনিক ছাত্ৰ ছাত্ৰীৰ ওপৰত এক সমীক্ষা চলাইছিল ।

১৯ ঘন্টাৰ ভিতৰত ৮৫০ গৰাকী ছাত্ৰ ছাত্ৰীৰ ইছ‍্যু ৰেকৰ্ড হোৱাৰ বিপৰীতে ৫০০ গৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা ফিডবেক সংগ্ৰহ কৰা হৈছে । সাম্প্ৰতিক পৰিৱেশত পৰীক্ষা সম্পৰ্কীয় সমীক্ষাত্মক আলোচনাটোত ৪১.৪ শতাংশ ছাত্ৰ-ছাত্ৰী বানপীড়িত অঞ্চলৰ লগতে ২৮.১ শতাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত নাই লেপটপ-কম্পিউটাৰ তথা স্মাৰ্ট ফোন, ৮৫.১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বৰ্ণনাইছে দূৰ্বল নেটসেৱাৰ সন্দৰ্ভত আৰু ৭৭.৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে বানপানী আৰু ক’ভিড সংক্ৰমণৰ সময়ত পৰীক্ষাত বহিবলৈ মানসিকভাৱে প্ৰস্তুতি চলাব নোৱাৰা বিষয়ে স্পষ্টকৈ অৱগত কৰিছে।

লক্ষণীয় যে ৰাজ‍্যৰ চৌদিশে বিভীষিকাময় পৰিৱেশৰ মাজতে তৎপৰতাৰে ষাণ্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱা কাৰিকৰী শিক্ষা বিভাগে বৰ্তমানলৈকে ভিতৰুৱা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে অনলাইনৰ পৰীক্ষাত সন্মুখীন হ’ব পৰা অসুবিধা সমূহ চিনাক্ত কৰি তাৰ সমাধান কৰাৰ পৰিৱৰ্তে পৰীক্ষা আয়োজন কৰিবলৈ উঠি পৰি লগাত কাৰিকৰী ছাত্ৰ ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰা বিষয়ে ব‍্যক্ত কৰিছে ।

এই সন্দৰ্ভত সদৌ অসম কাৰিকৰী ছাত্ৰ একতা সভাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ ওপৰত মানসিক হেচাঁ প্ৰয়োগ নকৰিবলৈ আহ্বান জনাই পৰীক্ষা বাতিল কৰিবলৈ দাবী জনাই । ইউনিয়নৰ এই দাবীৰ প্ৰতি সহাঁৰি জনাই কাৰিকৰী শিক্ষা সঞ্চালকালয়ে চূড়ান্ত ষাণ্মাসিকৰ প্ৰেক্টিকেল পৰীক্ষা অহা ২৭ জুলাইৰ পৰিৱৰ্তে ১ ছেপ্তেম্বৰৰ পৰা ৪ ছেপ্তেম্বৰলৈ পিছুৱাই দিয়াৰ বিষয়ে নিজা নিজা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ যোগেদি ২৪ জুলাই তাৰিখে অৱগত কৰিছে।

আনহাতে আজি পৰ্যন্ত দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষা বিষয়ে অৱগত নহয় ছাত্ৰ-ছাত্ৰীসকল । ইফালে চূড়ান্ত ষাণ্মাসিকৰ থিয়ৰী পৰীক্ষা লগতে দ্বিতীয় আৰু চতুৰ্থ ষাণ্মাসিকৰ প্ৰেক্টিকেল পৰীক্ষাৰ ৰুটিন এইসময়ৰলৈকে ছাত্ৰ-ছাত্ৰীসকলৰ হাতত নপৰাত বিমোৰত পৰিছে ।

এনে এক দোদ‍্যোল‍্যমান পৰিস্হিতিৰ মাজত মেধাবী ছাত্র ছাত্ৰীসকলৰ সন্মুখত আহি পৰিছে শৈক্ষিক প্ৰত‍্যাহ্বান । এইক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী গৰাকীৰ হস্তক্ষেপৰ আহ্বান জনাইছে কাৰিকৰী শিক্ষাৰ্থীসকলে ।

You might also like