নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ অসম আৰক্ষীৰ বিৰুদ্ধে সততে বিভিন্ন জনৰ বিভিন্ন অভিযোগ। কিছু অভিযোগৰ সত্যতা ও নোহোৱা নহয়। কিন্ত আজি মৰিগাঁও চহৰত এগৰাকী আৰক্ষী বিষয়াই সম্পূৰ্ণ মানৱীয় অনুভূতিৰে এটি সলীল সমাধি ঘটা কণমানি শিশুৰ মৃতদেহ বুকুত সাৱটি চিকিত্সালয়লৈ লৈ যোৱাৰ দৃশ্যই শ আবেগিক কৰি তোলে বহু জনক। আজি মৰিগাঁও চহৰৰ মৰি মুছলমান গাওঁ ত এটি ৩ বছৰীয়া কণমানি শিশু পানীত পৰি মৃত্যু হয়। সেই সময়ত এক সূচলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈ। এনে সময়তে মৰিগাঁও সদৰ থানাৰ পৰিদৰ্শক নেত্ৰ কমল শইকীয়া ই শিশুটিৰ মৃতদেহ post মৰ্টেম কৰাবলৈ এনেদৰে কোলাত লৈ মৰিগাঁও অসামৰিক চিকিত্সালয়লৈ লৈ যোৱাৰ দৃশ্যই আবেগিক কৰি তোলে বহু জনক। উল্লেখ্য নিজ কৰ্তব্যৰ প্ৰতি সদা সচেতন এই গৰাকী আৰক্ষী বিষয়াই নিশা দুই বজাটো ৰাইজৰ বিপদত নিজেই থিয় দিয়াৰ অলেখ উদাহৰণ আছে। এফালে বিগত ৪ মাহ ধৰি কোভিড ৰ বিৰুদ্ধে মৰিগাঁও চহৰত সন্মুখৰ পৰা নেতৃত্ব দি থকা নেত্ৰ কমল শইকীয়াৰ দৰে সৎ নিষ্ঠাবান আৰক্ষী বিষয়াই পুনৰবাৰ প্ৰমাণ কৰে সকলো আৰক্ষী বিষয়া নিৰ্দয় নহয়। বহু আছে যি আজিও মানৱীয় অনুভূতিৰে দায়িত্ব পালন কৰি আছে।
Prev Post
ক’ভিড–বানপানী সমস্যাৰ মাজত ষান্মাসিকৰ পৰীক্ষা দিবলৈ মানসিক ভাৱে সাজু নহয় কাৰিকৰী শিক্ষাৰ্থী
Next Post
You might also like