ৰাজ্যত মৃত্যুৰ কিৰীলি এদিনতে ১৮ পজিটিভৰ প্রাণহানি
ক’ৰোনাত আক্রান্ত মাদাৰ অ’ল্ড এজ হোমৰ ১২গৰাকী আইতা
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ ৰাজ্যত ভয়াৱহ ৰূপত বৃদ্ধি পাবলৈ লৈছে ক’ৰোনাৰ সংক্রমণ৷ আনলক প্রক্রিয়া আৰম্ভ হোৱাৰ পাছতে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত সংক্রমণে পৰিৱেশ জটিল কৰি তোলাই নহয়, ক’ৰোনাই প্রাণ কাঢ়ি নিছে বহু লোকৰ৷ একাংশ লোকে এতিয়াও ক’ৰোনাক সাধাৰণ ৰোগ বুলি অৱজ্ঞা কৰি অহাৰ লগতে প্রতিৰোধৰ নীতি–নিয়মৰ প্রতি দেখুৱাই অহা গুৰুত্বহীনতাৰ ফলতে ৰাজ্যত আৰম্ভ হৈছে ক’ৰোনাৰ মৃত্যুৰ কিৰীলি৷ পৰিস্থিতি পূর্বতকৈ অধিক ভয়াৱহ কৰি প্রতিদিনে মৃত্যু হৈছে গড়ে ১০গৰাকীকৈ লোকৰ৷ এনে পৰিস্থিতিৰ মাজতে আজি পুনৰ ক’ৰোনাত আক্রান্ত হৈ ১৮গৰাকীকৈ লোকৰ মৃত্যু হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে এই তথ্য প্রকাশ কৰিছে৷ মৃত্যু হোৱা লোককেইগৰাকী হ’ল– ডিব্রুগড় জিলাৰ আব্দুল হক (৬৫), দীপ্তিমণি গগৈ (৪৪), ঈদ মহম্মদ (৬৩), ফুলেশ্বৰী ডেকা (৫৮), চৰাইদেউ জিলাৰ ইন্দেশ্বৰ দাস (৫৬), তিনিচুকীয়া জিলাৰ কে জেণ্ডিয়া (৫০), লাৱণ্য বৰুৱা (৭৯), মথাং চুতীয়া (৬০), শিৱসাগৰ জিলাৰ তৈয়ব আলম বৰা (৬৮), ধুবুৰী জিলাৰ বিষ্ণুপদ সাহা (৫০), বিভাৰাণী সাহা (৭০),গষ্টোৰ চন্দ্র বর্মন (৫৯), কামৰূপ মহানগৰ জিলাৰ জগদীশ চন্দ্র দাস (৮০), মাধৱানন্দ গোস্বামী (৮৪), বঙাইগাঁও জিলাৰ গোলাপ চন্দ্র দাস (৬০), নলবাৰী জিলাৰ ৰজনীকান্ত হালৈ (৭২), প্রফুল্ল কলিতা (৬৪) আৰু শোণিতপুৰ জিলাৰ ভূমিদত্ত শর্মা (৬৪)৷ আজি মৃত্যু হোৱা ১৮গৰাকীৰ সৈতে ক’ৰোনাত এইপর্যন্ত ৰাজ্যত মৃত্যু হ’ল ৩৯৬গৰাকী লোকৰ৷ এনে জটিল পৰিস্থিতিৰ মাজতে এইবাৰ ক’ৰোনাৰ সংক্রমণত পৰিছে মহানগৰীৰ মাদাৰ অ’ল্ডএজ হোম৷ এই বৃদ্ধাশ্রমত থকা ১২গৰাকী আইতাৰ দেহলৈ সংক্রমিত হৈছে ক’ৰোনা ভাইৰাছ৷ ইতিমধ্যে কেইবাগৰাকীকো বৃদ্ধাশ্রমখনতে আইছ’লেচন কৰা হৈছে৷ দুগৰাকীক জি এম চি এইচত চিকিৎসা প্রদান কৰাৰ বিপৰীতে পাঁচগৰাকী আইতাক দিল্লী পাব্লিক স্কুল ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছে৷ আক্রান্ত হোৱাসকলৰ ভিতৰত ১০১ বছৰ গৰকা এগৰাকী আইতাও আছে৷ ১২গৰাকীকৈ আইতাৰ সংক্রমণে চিন্তিত কৰি তুলিছে চিকিৎসা বিভাগক৷ বৃদ্ধাশ্রমখনত বাস কৰা আনসকল যাতে আক্রান্ত নহয়, তাৰ বাবে গ্রহণ কৰা হৈছে বিশেষ ব্যৱস্থা৷ ইফালে, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালীও ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে৷ ক’ৰোনাই সৃষ্টি কৰা এনে বিভীষিকাৰ মাজতো অৱশ্যে ক’ৰোনামুক্ত হোৱা লোকৰ সংখ্যাই ১ লাখ অতিক্রম কৰা দিশটোৱে স্বাস্থ্য বিভাগক কিছু পৰিমাণে সকাহ দিছে৷ যোৱা ৩১ মার্চত প্রথমজন ক’ৰোনা ৰোগী ৰাজ্যত ধৰা পৰাৰ পাছত ৮ ছেপ্ঢেম্বৰত সুস্থ হোৱা লোকৰ সংখ্যাই ১ লাখ অতিক্রম কৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইয়াৰ বাবে চিকিৎসক তথা স্বাস্থ্যকর্মীৰ কর্তব্য নিষ্ঠাৰ শলাগ লৈছে৷ ইফালে, আজি পুনৰ ২,২৪৩গৰাকী লোক ক’ৰোনা পজিটিভ ৰূপে চিনাক্ত হৈছে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৩১,৫৬২গৰাকী লোকৰ ক’ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল৷ এইসকলৰ মাজৰ পৰাই ২,২৪৩গৰাকী লোক আক্রান্ত বুলি চিনাক্ত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ৭.১০ শতাংশ৷ যোৱা ২৪ ঘণ্টাত আক্রান্ত হোৱা লোকসকলৰ ৬৪১গৰাকী কামৰূপ মহানগৰ জিলাৰ, ১৭০গৰাকী ডিব্রুগড় জিলাৰ, ১৪০গৰাকী যোৰহাট জিলাৰ আৰু ১০৬গৰাকী লখিমপুৰ জিলাৰ৷ এইকেইগৰাকী আক্রান্তৰ সৈতে ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা ১,৩৩,০৬৬গৰাকীলৈ বৃদ্ধি পালে৷
বিলাসীপাৰাত কাল ক’ৰোনাত মৃত্যু মাতৃ–পুত্রৰ
ধুবুৰী জিলাৰ মহকুমা সদৰ বিলাসীপাৰা চহৰত মহামাৰী ক’ৰোনাত আক্রান্ত হৈ মৃত্যুক সাবটি ল’লে মাতৃ–পুত্রই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত (জি এম চি এইচ) চিকিৎসাধীন অৱস্থাতে মাতৃ–পুত্রৰ মৃত্যু হয়৷ প্রাপ্ত বাতৰি মতে, বিলাসীপাৰা চহৰৰ ৫ নম্বৰ ৱার্ডৰ বাবুপাৰাৰ বাসিন্দা বিভাৰাণী সাহা (৮০) আৰু তেওঁৰ পুত্র তথা কাপোৰৰ ব্যৱসায়ী বিষ্ণুপদ সাহা (৪৯) বিগত ৮/৯ দিন পূর্বে কাল ক’ৰোনাত আক্রান্ত হোৱাত জি এম চি এইচত ভর্তি কৰোৱা হৈছিল৷ চিকিৎসাধীন অৱস্থাত কালি নিশা মাতৃ–পুত্র দুয়োৰে মৃত্যু হয়৷ জানিব পৰা মতে, কালি নিশাৰ ভাগত কাল ক’ৰোনাৰ সংহাৰত হাৰ মানে বিভাৰাণী সাহাই৷ ইয়াৰ পাছত আজি পুৱতিনিশা তেওঁৰ পুত্র বিষ্ণুপদ সাহায়ো শেষ নিশ্বাস ত্যাগ কৰে৷ মাতৃ–পুত্রৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে সমগ্র বিলাসীপাৰাত এক আতংকময় পৰিৱেশ সৃষ্টি হোৱাৰ লগতে গভীৰ শোকৰ ছাঁ পৰে৷ উল্লেখ্য যে ইয়াৰ পূর্বে প্রয়াত বিভাৰাণী সাহাৰ আন এজন পুত্র গোপাল সাহা (৫২) ক’ৰোনাত আক্রান্ত হৈ গুৱাহাটীৰ এম এম চি এইচত চিকিৎসাধীন হৈছিল আৰু তেওঁ ইতিমধ্যে সুস্থ হৈছে৷ পৰিয়ালটোৰ আন সদস্যসকলক ৰেণ্ডম এণ্টিজেন টেষ্ট কৰাত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে বিভাৰাণী সাহা আৰু বিষ্ণুপদ সাহাৰ শৰীৰত৷ জানিব পৰা মতে, কাল ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰা মাতৃ আৰু পুত্রৰ মৃতদেহ দুটা প্রশাসনে গুৱাহাটীতে শেষকৃত্য সম্পন্ন কৰিব৷ উল্লেখ্য যে প্রয়াত বিষ্ণুপদ সাহা সদৌ অসম বাঙালী ফেডাৰেচনৰ বিলাসীপাৰা আঞ্চলিক সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে কার্যনির্বাহ কৰি আছিল৷
ক’ভিডত আক্রান্ত হৈ খুমটাইত অগপ নেত্রী গীতাঞ্জলি বৰাৰ মৃত্যু
মহামাৰী ক’ভিডত আক্রান্ত হৈ গোলাঘাট জিলাৰ খুমটাইৰ চিনাতলী গাঁৱৰ অগপ দলৰ নেত্রী গীতাঞ্জলি বৰা (৪৬) আজি যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ অগপৰ ভগ্ণী সংগঠন মহিলা পৰিষদৰ ৰাজ্যিক পর্যায়ৰ নেত্রী হিচাপে বিভিন্ন কাম–কাজত জড়িত হৈ থকা গীতাঞ্জলি বৰাৰ মৃত্যুত অগপৰ গোলাঘাট জিলা সমিতি, শেনচোৱা, খুমটাই, কচুপথাৰ, বেটিয়নী আঞ্চলিক সমিতিসমূহে শোক প্রকাশ কৰিছে৷
ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ক’ৰোনাত আক্রান্ত
ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ক’ৰোনাত আক্রান্ত হৈছে৷ বিগত দুটা দিনত শাৰীৰিক অসুস্থতাত ভোগা বিধায়কগৰাকীয়ে ক’ৰোনা পৰীক্ষা কৰাত ক’ভিড পজিটিভ ৰূপে চিনাক্ত হয়৷ ইফালে মহামাৰী ক’ৰোনাৰ প্রকোপ ক্রমাৎ বৃদ্ধি পাইছে ছিপাঝাৰত৷ ছিপাঝাৰ হাজৰিকাপাৰাত ক’ভিডত আক্রান্ত হৈ এগৰাকী সুদক্ষ ভলীবল খেলুৱৈ মৃত্যুক সাবটি ল’বলগীয়া হৈছে৷ নয়নমণি কোচ নামৰ খেলুৱৈগৰাকী দীর্ঘদিন ধৰি বৃক্ক ৰোগত আক্রান্ত হৈ থকাৰ পাছত শেহতীয়াকৈ তেওঁ ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হৈছে৷
মাহমৰাত ক’ৰোনাত মৃত্যু লাটমণ্ডলৰ
চৰাইদেউ জিলাৰ অন্তর্গত মাহমৰা এৰাবাৰী গাঁও নিৱাসী সোণাৰি ৰাজহ চক্র কার্যালয় আৰু সাপেখাতী ৰাজহ চক্রৰ কার্যালয়ৰ লাটমণ্ডল ৰঞ্জিত গগৈ (৫২) ক’ৰোনাত আক্রান্ত হৈ আজি মৃত্যু হয়৷ যোৱা সময়ছোৱাত অসুস্থ অৱস্থাত তেওঁ ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুগৰাকী কন্যা সন্তান ইহসংসাৰত এৰি থৈ গৈছে৷
শিৱসাগৰত পুনৰ তিনিজনৰ মৃত্যু
কাল ক’ৰোনাই সম্প্রতি সংহাৰী ৰূপ ধাৰণ কৰিছে শিৱসাগৰত৷ দৈনিক আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বৃদ্ধি পাবলৈ ধৰিছে মৃতকৰ সংখ্যাও৷ আজি পুনৰ তিনিজন ব্যক্তি ক’ভিড–১৯ৰ চিকাৰ হ’ল৷ ক’ভিড প্রট’কল তত্ত্বাৱধায়ক ৰিজু ৰহমানে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলি ধুবীপট্টি নিৱাসী আব্দুল হক (৬৫), পশ্চিম যমুনা ৰোড নিউ কলনী নিৱাসী তৈয়ব আলম বৰা (৬৮) আৰু ৰংঘৰ তিনিআলিৰ সোণালী দাসৰ (৪২) অ’ এন জি চি কলনী হাস্পতালত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যু হয়৷ ইফালে শিৱসাগৰ কেন্দ্রীয় কাৰাগাৰৰ ১২জনকৈ কয়দী ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বাতৰি পোৱা গৈছে৷ কেন্দ্রীয় কাৰাগাৰৰ কয়দীসকলৰ ছোৱাব যোৱা ৫ ছেপ্ঢেম্বৰত স্বাস্থ্য বিভাগে সংগ্রহ কৰিছিল৷ তদুপৰি যোৱা ৫ আগষ্টত সংগ্রহ কৰা ছোৱাবৰ ফলাফল অনুসৰি শিৱসাগৰত পুনৰ ৩১গৰাকী ব্যক্তিৰ ফলাফল পজিটিভ আহিছিল৷ আক্রান্ত ব্যক্তিসকলৰ ভিতৰত শিৱসাগৰৰ বিশিষ্ট শিশুৰোগ বিশেষজ্ঞ ডাঃ সুকল্যাণ দাসো (৬২) আছে৷ আনহাতে, আজিৰ দিনটোত শিৱসাগৰৰ অ’ এন জি চিৰ কলনীস্থিত ৰেপিড এণ্টিজেন পৰীক্ষণ কেন্দ্রত ১০জন আক্রান্ত ব্যক্তি চিনাক্ত কৰাৰ লগতে অসামৰিক চিকিৎসালয় পৰীক্ষণ কেন্দ্রতো আন ৫জন ব্যক্তি চিনাক্ত হয়৷ ইয়াকে ধৰি আজিৰ দিনটোত শিৱসাগৰত মুঠ আক্রান্তৰ সংখ্যা ৪৬জন আৰু মৃত্যুৰ সংখ্যা ৩জন৷