নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগ্নিকাণ্ডত বিধ্বস্ত গ্রীচৰ বৃহত্তম শৰণার্থী শিবিৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ গ্রীচৰ লেছব’ছ দ্বীপত থকা বৃহৎ শৰণার্থী শিবিৰ এটা অগ্ণিকাণ্ডত সম্পূর্ণৰূপে ধ্বংস হৈছে৷ জনাকীর্ণ এই শৰণার্থী শিবিৰটো হৈছে লেছব’ছস্থিত মৰিয়া শৰণার্থী শিবিৰ৷ কেইবাঘণ্টা ধৰি অগ্নিনির্বাপক বাহিনীয়ে শিবিৰটোত সংঘটিত অগ্নিকাণ্ড নির্বাপিত কৰিবলৈ সক্ষম হৈছে যদিও ইয়াৰ এটা কোঠাও অক্ষত অৱস্থাত নাই৷ উল্লেখনীয় যে এই অগ্নিকাণ্ডৰ সময়ত কেইবাজনো শৰণার্থী আহত হৈছে৷

অৱশ্যে আহত শৰণার্থীসকলৰ অৱস্থা সংকটজনক নহয় বুলি ঘোষণা কৰিছে স্থানীয় প্রশাসনে৷ অগ্নিকাণ্ডৰ কেনেদৰে সূত্রপাত হ’ল সেই সন্দর্ভত তদন্ত অব্যাহত ৰাখিছে প্রশাসনে৷ লক্ষণীয়ভাৱে স্থানীয় গ্রীক বাসিন্দা একাংশই শিবিৰটোত অগ্ণিসংযোগ কৰা বুলি শৰণার্থীসকলৰ পৰা অভিযোগ উত্থাপন হৈছে৷ ইফালে আৰক্ষীয়ে শিবিৰটোৰ সৈতে সংযোগী পথবোৰ বন্ধ কৰি দিছে৷ কোনো শৰণার্থীয়ে যাতে গ্রীচৰ আন চহৰত গৈ আশ্রয় গ্রহণ কৰিব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষীয়ে৷

ইফালে শৰণার্থীসকলক অস্থায়ী শিবিৰত ৰক্ষাৰ ব্যৱস্থা কৰিছে স্থানীয় প্রশাসনে৷ স্মর্তব্য যে মৰিয়া শিবিৰত প্রায় ১৩,০০০ শৰণার্থীয়ে আশ্রয় গ্রহণ কৰি আহিছে৷ চৰকাৰী হিচাপতকৈ চাৰিগুণ বেছি শৰণার্থী ৰখা হৈছে এই শিবিৰটোত৷ মূলতঃ আফগানিস্তানৰ ৭০ শতাংশ শৰণার্থীয়ে বাস কৰে মৰিয়াত৷ ইফালে ইনফোমাইগ্রেণ্টছ নামৰ সংস্থাটোৱে সদৰী কৰা অনুসৰি এই শিবিৰটোত ৭০খনতকৈ অধিক দেশৰ শৰণার্থীয়ে বাস কৰি আহিছে৷

You might also like