নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰোনা ভেকচিন প্ৰদান কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ সমগ্ৰ দেশৰ লগতে অসমতো ১৬ জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত ভেকচিন প্ৰদানৰ নীতি-নিয়ম সম্পৰ্কতো আলোচনা কৰা হয়। সমগ্ৰ দেশত ক’ভিড ভেকচিন ইণ্টেলিজেঞ্চ নেটৱৰ্ক চমুকৈ কো-ৱিন এপ ব্যৱহাৰ কৰা হ’ব ভেকচিন প্ৰদান কাৰ্যসূচীত। প্ৰায় ৬ লাখ লোকক ড্ৰাই ৰান প্ৰক্ৰিয়াৰ জৰিয়তে এইক্ষেত্ৰত প্ৰশিক্ষিত কৰি তোলা হৈছে আৰু দেশৰ ৩ কোটি স্বাস্থ্যকৰ্মীক প্ৰথম অৱস্থাত ভেকচিন প্ৰদান কৰা হ’ব।

উল্লেখ্য যে ভেকচিন ল’বৰ বাবে এগৰাকী লোকৰ আধাৰ কাৰ্ড থকাটো প্ৰয়োজনীয়।

You might also like