নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ: শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷ টকা–পইচাৰ অভাৱৰ পৰা সামান্য সকাহ পাব৷ সন্দেহে পাৰিবাৰিক অশান্তি বৃদ্ধি কৰিব৷ হাতলৈ অহা সুযোগ হেৰুৱাব পাৰে৷ ব্যৱসায়ত লোকচান দেখা যায়৷
বৃষ: শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৫৷ মনৰ কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে৷ কুগ্রহৰ প্রভাৱত টকা–পইচাৰ খৰচ বাঢ়িব৷ সহকর্মীৰ দ্বাৰা উপকৃত হোৱাৰ আশা আছে৷
মিথুন: শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷ আপুনি আজি অলপ সাৱধানে চলাফুৰা কৰিব, হাত–ভৰিত আঘাত পাব পাৰে৷ ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব৷ সন্তানৰ শুভ৷
কর্কট: শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷ মূৰত আঘাত পাব পাৰে৷ চাকৰিৰ পদোন্নতিত বাধা দেখা যায়৷ হাতলৈ টকা–পইচা আহিব, কিন্তু খৰচ বাঢ়িব৷ আনক সহায় কৰি সন্মান পাব৷
সিংহ: শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷ যান–বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ’ব, ক্ষতিৰ আশংকা দেখা যায়৷ হাতলৈ টকা–পইচা আহিব, কিন্তু জমা ৰাখিব নোৱাৰিব৷ কর্মসংস্থাপন হ’ব পাৰে৷ বন্ধু বিচ্ছেদ হোৱাৰ ভয়৷
কন্যা: শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷ চাকৰিৰ ক্ষেত্রত বেমেজালি দেখা যায়৷ দুর্ঘটনা হৈ আঘাত পোৱাৰ আশংকা আছে৷ কর্মত আনৰ সহায়ে ক্ষতি কৰিব৷
তুলা: শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷ পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ সন্তানৰ ভুল কামে সন্মান লাঘৱ কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷
বৃশ্চিক: শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৯৷ আজি টকা ধাৰলৈ নিদিব বা নল’ব৷ পৰিয়ালৰ সদস্যৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ ব্যৱসায়ৰ স্থানক লৈ সমস্যা হ’ব পাৰে৷
ধনু: শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷ আকস্মিক দুর্ঘটনাত পতিত হোৱাৰ ভয়৷ আত্মীয়ৰ সমস্যাৰ কথা শুনি দুখ পাব পাৰে৷ পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব৷
মকৰ: শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷ শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব৷ প্রাকৃতিক দুর্যোগত ক্ষতিৰ আশংকা আছে৷ কর্মস্থানৰ পৰিৱর্তনৰ বাবে সমস্যাত পৰিব পাৰে৷ অবাবদ অর্থ ব্যয় বৃদ্ধি পাব৷
কুম্ভ: শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷ কোনো বিশেষ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে৷ আপুনি কৰা ভাল কামৰ বাবে সন্মান পাব পাৰে৷ সন্তানৰ পৰা আর্থিক ক্ষতি হ’ব পাৰে৷ খৰচ বাঢ়িব৷
মীন: শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷ দূৰ ভ্রমণ কৰিব লগা হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ খং দমাই ৰাখক, নহ’লে বিপদত পৰিব৷ সন্তানৰ শুভ৷

You might also like