নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টি এম পি কেৰ সােণালী জয়ন্তীৰ প্রস্তুতি তুংগত, উপস্থিত থাকিব মুখ্যমন্ত্ৰী-বিত্তমন্ত্ৰীৰ লগতে অৰুণাচলৰ অতিথি

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন ১৯৭১ চনত জন্ম লাভ কৰা সদৌ মিচিং ছাত্ৰ সন্থা ( টি এম পি কে)ই সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। সংগঠনটোৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বছৰজোৰাকৈ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি মিচিংসকলৰ জাতীয় ছাত্র সংগঠন টাকাম মিচিং পৰিণ কেবাঙৰ সােণালী জয়ন্তীৰ শুভাৰম্ভণি কার্যসূচী জোনাইত অহা ১৬, ১৭ জানুৱাৰীত আয়ােজন কৰা হৈছে।

ইয়াৰ পিচত বর্ষজোৰা কার্যসূচীৰে চিলাপথাৰ, গােগামুখ, ঢকুৱাখনা আৰু মাজুলীত বর্ষজুৰি বিভিন্ন কার্যসূচী অনুষ্ঠিত কৰা হ’ব। শুভাৰম্ভণি কার্যসূচী উপলক্ষে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মূল মঞ্চৰ লগতে ব্যতিক্রমধর্মী মণ্ডপ আৰু তােৰণ আদি নির্মাণকার্য তীব্র গতিত চলাই আছে। মূল মঞ্চৰ দুয়ােকাষে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ঢকুৱাখনাৰ অল আছাম মিৰি হাইস্কুলৰ আহি তথা নামত দুটা অতিথিগৃহ নির্মাণ কৰিছে।

তদুপৰি আটকধুনীয়াকৈ এটা মূৰংঘৰাে নির্মাণ কৰিছে। সােণালী জয়ন্তী উপলক্ষে অভ্যর্থনা সমিতিয়ে ‘দলং আগম’ নামৰ গ্রন্থ এখনাে প্রকাশৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। কার্যসূচীত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মা, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল  কুমাৰ ভট্টাচাৰ্যৰ লগতে অৰুণাচলৰ বহু বিশিষ্ট অতিথিয়ে অংশগ্রহণ কৰিব।

তদুপৰি টাকাম মিচিং পৰিণ কেবাঙৰ প্রাক্তন নেতৃবৃন্দ আৰু বিভিন্ন জনগােষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থাকিব। কার্যসূচী সফল কৰি তােলাত জাতি- ধর্ম-বর্ণ নির্বিশেষে ৰাইজৰ সহায়- সহযােগিতা আৰু উপস্থিতি টি এম পি কে আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ৰাজু মেদক আৰু সাধাৰণ সম্পাদক নৰেশ কুম্বাঙে কামনা কৰিছে।

You might also like