নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘সি নিজে ভাত খাব নোৱাৰে মোক এবাৰ তাৰ লগত কথা পতাই দিয়ক’

পুত্র অমৰজ্যোতি ডেকাৰ অসুস্থতাক লৈ অসহায় মাতৃ

নিয়মীয়া বাৰ্তা, ১৩ মে’ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) দুজনকৈ চিকিৎসক ক’ভিড–১৯ত আক্রান্ত হোৱা ঘটনাই স্বাস্থ্য বিভাগক চিন্তিত কৰি ৰখাৰ সময়তে সোমবাৰে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা এজন যুৱক সংক্রমিত হোৱা ঘটনাই চিকিৎসক মহলৰ লগতে ৰাজ্যবাসীকো উদ্বিগ্ন কৰি তুলিছে ৷ উল্লেখ্য যে জি এম চি এইচৰ নিউৰ’লজী বিভাগত যোৱা ২৮ এপ্রিলৰ পৰা চিকিৎসাধীন হৈ থকা অমৰজ্যোতি ডেকা নামৰ মৰিগাঁৱৰ যুৱকজনক লৈ জি এম চি এইচ কর্তৃপক্ষ আৰু স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰাৰ সময়তে আন এটা দিশে ব্যাথিত কৰি তুলিছে হাস্পতালখনৰ চিকিৎসক, নার্ছ আৰু অভিভাৱকসকলক ৷ এগৰাকী পুত্রৰ কৰুণ অৱস্থাক লৈ অসহায় হৈ পৰা মাতৃৰ হাহাকাৰে বাকৰুদ্ধ কৰি তুলিছে সকলোকে ৷ মন কৰিবলগীয়া যে যোৱা দীর্ঘদিন ধৰি স্নায়ুৰ অসুস্থতাৰ বাবে জি এম চি এইচত চিকিৎসা লৈ থকা অমৰজ্যোতি ডেকাক যোৱা ২৪ এপ্রিলত হাস্পতালখনত ভর্তি কৰোৱা হৈছিল ৷

২৪ এপ্রিলৰ পৰা ২৮ এপ্রিললৈ জি এম চি এইচৰ মেডিচিন বিভাগত থকা অমৰজ্যোতিক স্নায়ুৰ চিকিৎসাৰ বাবে নিউৰ’লজী বিভাগলৈ নিয়া হৈছিল ৷ যোৱা সময়ছোৱাত চিকিৎসা চলি থকা অমৰজ্যোতিৰ স্বাস্থ্যৰ বিশেষ উন্নতি হোৱা নাই ৷ ক্রমাৎ খোজকাঢ়ি চলা–ফিৰা কৰিব নোৱাৰা হৈ পৰা যুৱকজনে শেহতীয়াকৈ নিজৰ হাতেৰে আহাৰো গ্রহণ কৰিব পৰা নাই ৷ আনকি ঠালত সজাই দিয়া ভাতমুঠিও তুলি ল’ব নোৱাৰে অমৰজ্যোতিয়ে ৷ এনে অৱস্থাত যুৱকজনৰ পৰিচর্যাত দিনে–নিশাই ব্যস্ত হৈ আছিল মাতৃ আৰু পত্নী ৷ যোৱা কেইদিনত চর্দি–কাহত আক্রান্ত হোৱাত তেওঁৰ ছোৱাব টেষ্ট কৰা হয় ৷ সোমবাৰে যুৱকজনৰ ক’ৰোনা পজিটিভ নিশ্চিত হোৱাৰ পাছত তেওঁক নিউৰ’লজী বিভাগৰ পৰা আঁতৰাই মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ (এম এম চি) চিকিৎসাৰ বাবে নিয়া হৈছে ৷ আনহাতে, মাতৃ আৰু পত্নীকো সোমবাৰে নিশাই এম এম চিলৈ নি কোৱাৰেণ্টাইন কৰা হৈছে ৷ এনেদৰে হঠাতে অসুস্থ পুত্রক কাষৰ পৰা আঁতৰাই নিয়াৰ পাছতে চিন্তিত হৈ পৰিছে অমৰজ্যোতিৰ মাতৃ ৷ হাতেৰে নিজৰ খাদ্যও তুলি ল’ব নোৱাৰা পুত্রক পৃথকে আন ঠাইত ৰাখি থোৱাৰ ফলত কিদৰে নিজৰ চোৱাচিতা কৰিব, তাক লৈ চিন্তান্বিত হৈ পৰা মাতৃগৰাকীয়ে পুত্রৰ সৈতে তেওঁকো ৰাখিবলৈ চিকিৎসকক অনুৰোধ জনাইছিল যদিও কর্তৃপক্ষই এই অনুৰোধ অগ্রাহ্য কৰে ৷ এনে অৱস্থাত পুত্রক লৈ সোমবাৰে নিশাৰে পৰা উজাগৰে কটোৱা অমৰজ্যোতিৰ মাতৃয়ে মঙলবাৰে পুনৰ কর্তৃপক্ষৰ ওচৰত পুত্রক চাবলৈ কাতৰে প্রার্থনা জনায় ৷

আনকি এম এম চি হাস্পতাল কর্তৃপক্ষৰ ওচৰত হুকহুকাই কান্দি মাতৃৰ কাতৰ অনুৰোধ– ‘মই তাৰ লগত এবাৰ কথা পাতিব বিচাৰোঁ ৷ সি খোজ কাঢ়িব নোৱাৰে, বোৱাৰী আৰু মই তাক ধৰি ধৰি খোজ কঢ়াওঁ ৷ সি নিজে ভাতকেইটাও তুলি খাব নোৱাৰে ৷ মোক এবাৰ তাৰ লগত ফোনত হ’লেও কথা পতাই দিয়কচোন ৷ মোৰ বৰ চিন্তা হৈছে তাক লৈ ৷’ লক্ষণীয় দিশটো হ’ল যে ১৭ দিনৰ পাছত অমৰজ্যোতিৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা বিষয়টোৱে স্বাস্থ্য বিভাগক সমস্যাত পেলাইছে ৷ এনে অৱস্থাত প্রশ্ন উত্থাপন হৈছে– কাৰ পৰা সংক্রমিত হ’ল অমৰজ্যোতি ৷ ইতিমধ্যে অমৰজ্যোতিৰ সংস্পর্শলৈ অহা ৮গৰাকী চিকিৎসক আৰু ৫গৰাকী নার্ছক কোৱাৰেণ্টাইন কৰা হৈছে ৷ আনহাতে, তেওঁৰ পৰিয়ালৰ ২১গৰাকী সদস্যক হোম কোৱাৰেণ্টাইন কৰি তেওঁলোকৰ ছোৱাব সংগ্রহ কৰা হৈছে ৷

You might also like