নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰি বছৰৰ তুলনাত ৰাজ্যত চলিত বৰ্ষত কমিছে অপৰাধ

বিশেষ বাৰ্তা, ২৬ অক্টোবৰঃ অপৰাধমুক্ত ৰাজ্য হোৱাৰ দিশে অসম৷ আৰক্ষীৰ সক্রিয় পেট্র’লিং ব্যৱস্থা, অপৰাধ ব্যৱস্থাপনাত আৰক্ষীৰ দক্ষতা বৃদ্ধি, ফৰেনছিকৰ ব্যৱহাৰ, জনসাধাৰণৰ সৈতে আৰক্ষীৰ সু–সমন্বয় স্থাপন আৰু অসম চৰকাৰৰ পৰা লাভ কৰা সক্রিয় সমর্থনৰ বাবেই সম্প্রতি অপৰাধমুক্ত ৰাজ্য হোৱাৰ দিশে অসম আগবাঢ়িছে৷ যোৱা পাঁচটা বছৰত হত্যা, ধর্ষণ, ডকাইতিৰ দৰে প্রধান অপৰাধৰ সংখ্যা হ্রাস পাই অহাৰ তথ্যই সেই প্রতিচ্ছবিখন পৰিস্ফুট কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে সেই তথ্য সদৰী কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি ২০১৯ চনত ৰাজ্যখনত হত্যাৰ ঘটনা সংঘটিত হৈছে ১,২৩৫টা৷ ২০২০ চনত সেই সংখ্যা ১,১৩১টা, ২০২১ চনত ১,১৯২টা, ২০২২ চনত ১,০৮৪টালৈ হ্রাস পায়৷ ২০২৩ চনৰ আগষ্ট মাহলৈ ৰাজ্যখনত হত্যাৰ সংখ্যা হৈছে ৬৮৬টা৷ একেদৰে ধর্ষণৰ সংখ্যাও এই পাঁচটা বছৰত হ্রাস পাইছে৷ ২০১৯ চনত ১,৯৫২টা, ২০২০ চনত ১,৭৩৬টা, ২০২১ চনত ১,৯২২টা, ২০২২ চনত ১,১১৩টা ধর্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৩ চনৰ আগষ্ট মাহলৈ ৰাজ্যখনত ধর্ষণৰ ঘটনা সংঘটিত হৈছে ৬৫৬টা৷ ডকাইতিৰ ক্ষেত্রতো পাঁচটা বছৰত হ্রাস পাইছে অপৰাধ৷ ২০১৯ চনত ১৯৮টা, ২০২০ চনত ১৯৮টা, ২০২১ চনত ১৮৮টা, ২০২২ চনত ৮৫টা ডকাইতিৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৩ চনৰ আগষ্ট মাহলৈ ডকাইতিৰ ঘটনা সংঘটিত হৈছে ৫৫টা৷

#নিয়মীয়া বাৰ্তা ডিজিটেল ডেস্ক

You might also like