নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ত্রিপাক্ষিক চুক্তিত স্বাক্ষৰ হ’লেই আলফা ভংগ!

নিয়মীয়া বার্তা, ২৬ অক্টোবৰঃ আলোচনাপন্থী আলফাৰ সৈতে ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰৰ ত্রিপাক্ষিক বৈঠক শীঘ্রে অনুষ্ঠিত হ’ব৷ বৈঠকত চুক্তি স্বাক্ষৰ হ’লেই আলফা আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ব৷ –এই ঘোষণা আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ৷ কাজিৰঙাৰ কঁহৰাৰ জে বি ৰিজ’টত আয়োজিত এখন সংবাদ মেলত আলফাৰ সাধাৰণ সম্পাদক চেতিয়াই কয় যে সভাপতি অৰবিন্দ ৰাজখোৱাৰ উপস্থিতিত সাধাৰণ পৰিষদৰ এখন জৰুৰী সভাত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অসমৰ ভিন্ন প্রান্তৰ দুই শতাধিক কর্মকর্তাৰ উপস্থিতিত অনুষ্ঠিত সভাতে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু আলফাৰ মাজত ত্রিপাক্ষিক চুক্তি স্বাক্ষৰিত হ’লে সংগঠন আনুষ্ঠানিকভাৱে ভংগ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ আনহাতে, আজি অনুষ্ঠিত সভাখনে আলোচনাপন্থী আলফাৰ শেষ সভা বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়– ‘ত্রিপাক্ষিক বৈঠকত হ’বলগীয়া চুক্তিৰ খচৰা সন্দর্ভত সভাত আলোচনা কৰি প্রতিটো দাবী উপস্থিত সকলোকে বুজাই দিয়া হৈছে৷ বিধানসভাত খিলঞ্জীয়াৰ বাবে ৯৪খন আসন সংৰক্ষণ কৰাৰ দাবী খচৰাত অন্তর্ভুক্ত কৰা হৈছে৷ শুদ্ধ ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুতকৰণৰ লগতে শ্বহীদ, নির্যাতিত আৰু নিৰুদ্দিষ্টৰ সম্পূর্ণ তালিকা প্রস্তুত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷’ ইপিনে, আলফা ভংগ হোৱাৰ পিছত কোনো ৰাজনৈতিক দল গঠন নকৰে বুলিও চেতিয়াই উল্লেখ কৰে৷ এই প্রসংগত তেওঁ কয়– ‘ত্রিপাক্ষিক চুক্তি স্বাক্ষৰ হোৱাৰ পিছত মোৰ নামটোও নাথাকিব৷ তেতিয়া পিতৃ–মাতৃয়ে দিয়া মোৰ নামহে থাকিব৷ আলফা ভংগ হোৱাৰ পিছত কোনো ৰাজনৈতিক দল গঠন নকৰোঁ অথবা কোনো ৰাজনৈতিক দলক সমর্থন নজনাওঁ৷ কাৰণ এতিয়া আমাৰ সকলোৰে বয়স ৬৫ বছৰ অতিক্রম কৰিছে৷ ৰাজনীতি কৰাৰ বয়স আমাৰ নাই৷ তেতিয়াৰ ৰাজনীতি আৰু এতিয়া ৰাজনীতিৰ মাজত বৃহৎ পার্থক্য আছে৷ এতিয়াৰ ৰাজনীতিত সোমাই আমি পুনৰ কলুষিত হ’ব খোজা নাই৷’ উল্লেখ্য যে আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কেইবাখনো বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে৷ মধ্যস্থতাকাৰীৰ জৰিয়তে আলোচনাপন্থী আলফাৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ প্রক্রিয়া আগুৱাই নিয়া হৈছে৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা এখন শান্তি চুক্তিৰ খচৰা প্রস্তুত কৰা হৈছে৷ অৱশ্যে এই চুক্তিখনৰ দাবী অনুসৰি কেইবাটাও দফা সন্নিৱিষ্ট নকৰাৰ বাবে আলোচনাপন্থী আলফাই চুক্তিখন গ্রহণ কৰাৰ পৰা বিৰত থাকে৷ পৰৱর্তী পর্যায়ত শীঘ্রে অনুষ্ঠিত হ’বলগীয়া ত্রিপাক্ষিক বৈঠকৰ পৰিপ্রেক্ষিতত আজি আলোচনাপন্থী আলফাই সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰে৷ এই সভাখনতে সংগঠনটোৰ দুটা গুৰুত্বপূর্ণ প্রস্তাৱ গ্রহণ কৰে৷ প্রথম প্রস্তাৱ অনুসৰি চৰকাৰৰ ওচৰত আলফা (স্বাধীন)ই দাখিল কৰা সংশোধিত চুক্তি দলৰ সাধাৰণ পৰিষদৰ সভাত বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে ঐকমত্য পোষণ কৰে৷ সাধাৰণ পৰিষদৰ সভাই সংশোধিত চুক্তিৰ খচৰাত অনুমোদন জনায়৷ একে সময়তে সংগঠনৰ কেন্দ্রীয় কার্যকৰী পৰিষদক কর্ম পৰিষদৰ সহযোগত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ কর্তৃত্বও সাধাৰণ পৰিষদৰ সভাই প্রদান কৰে৷ আন এটা প্রস্তাৱযোগে আজিৰ সভাই দলৰ কর্মপৰিষদ আৰু নৱনির্মাণ কেন্দ্রসমূহক এখন ত্রুটিহীন শ্বহীদ, নিৰুদ্দিষ্ট সদস্য আৰু পংগুসকলৰ তালিকা প্রস্তুত কৰি শীঘ্রে সাধাৰণ সম্পাদকৰ ওচৰত দাখিল কৰিবলৈ দায়িত্ব ন্যস্ত কৰে৷ লক্ষণীয় যে শান্তি চুক্তিৰ পূর্বে আজিৰ বৈঠক অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ শান্তি চুক্তি স্বাক্ষৰিত হ’লে ৰাজ্যত শান্তিৰ বাতাৱৰণ গঢ়ি তোলাত এয়া আন এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ আজিৰ সভাখনত আলফাৰ উপ–সভাপতি প্রদীপ গগৈ, কর্নেল বিজু ডেকা উপস্থিত থাকে৷

প্ৰেৰক ৰঞ্জিত ৰজক

You might also like