নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ বিৰুদ্ধে হোৱা সমালোচনা আমাৰ বাবে আশীর্বাদ : চেতিয়া

🔹 ত্রিপাক্ষিক চুক্তিৰ অন্তত অসমত উপস্থিত আলফা নেতৃত্ব

ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জানুৱাৰী : বহুপ্রতীক্ষিত আলফা–চৰকাৰৰ ত্রিপাক্ষিক শান্তি চুক্তি সফলতাৰে সম্পন্ন হোৱাৰ পিছত কালি অসমত আহি উপস্থিত হয় বিদ্রোহী সংগঠনটোৰ নেতৃত্ব৷ তেওঁলোকক বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত বিভিন্ন দল–সংগঠনৰ লগতে বহু লোকে উষ্ম আদৰণি জনায়৷ বৰঝাৰৰ পৰা পোনে পোনে আহি পাঞ্জাবাৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রাংগণত উপস্থিত হোৱা আলফা নেতৃত্বই সম্পাদিত শান্তি চুক্তি সন্দর্ভত আয়োজিত এখন সংবাদ মেলত অংশগ্রহণ কৰে৷ কেন্দ্রীয় চৰকাৰৰ প্রতিশ্রুতিৰ প্রতি আস্থা প্রদর্শন কৰা আলফা নেতৃত্বই সাংবাদিকৰ আগত প্রকাশ কৰে চুক্তিখনৰ আঁৰৰ বহু কথা৷ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই অসমৰ অখণ্ডতাই সদ্য সম্পাদিত চুক্তিখনৰ মূল বিষয় আছিল বুলি উল্লেখ কৰে৷ তেওঁ কয় যে ৰাজনৈতিক দিশত অসমৰ অখণ্ডতা আৰু নির্বাচিত থলুৱা প্রতিনিধিৰ দ্বাৰা অসমৰ শাসন ভৱিষ্যতলৈ চলোৱাটোৱে এই চুক্তিৰ মূল উদ্দেশ্য৷ অসমৰ অখণ্ডতাৰ গেৰাণ্টীক ৰাজহুৱাভাৱে ঘোষণা কৰি ভাৰত চৰকাৰ অংগীকাৰবদ্ধ হৈছে৷ গতিকে ভৱিষ্যতে অসমৰ অখণ্ডতাক লৈ কোনোধৰণৰ প্রশ্ণই উত্থাপন নহয়৷ সংবাদ মেলত চুক্তিখনৰ আঁৰৰ বহু কথা উল্লেখ কৰে অৰবিন্দ ৰাজখোৱাই৷ নৱপ্রজন্মৰ বহু লোকে চুক্তিখনৰ আঁৰৰ কথাবোৰ নজনা বাবে সম্প্রতি বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে৷ শিহৰণকাৰী ধেমাজিৰ বোমা বিস্ফোৰণত নিহত হোৱা কণ কণ শিশুৰ পৰিয়ালকো কালি পুনৰ ক্ষমা–প্রার্থনা বিচাৰিলে অৰবিন্দ ৰাজখোৱাই৷ তেওঁ কয় যে আমাৰ বাবে যিসকল অসমীয়া মানুহক সেই সময়ত হত্যা কৰা হৈছিল বা বোৱাৰী–জীয়াৰীয়ে নির্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল, আমি তেওঁলোকৰ ওচৰত আজি পুনৰ ক্ষমা বিচাৰিছোঁ৷ অসমৰ ৰাইজে ইতিমধ্যে সকলো কথা নিশ্চয়কৈ বুজি পাইছে৷ তথাপি পুনৰ অসমৰ জনগণৰ ওচৰত এই কাণ্ডসমূহৰ বাবে ক্ষমা–প্রার্থনা জনাইছোঁ৷ শেহতীয়াকৈ কেন্দ্র–ৰাজ্য চৰকাৰ আৰু আলফাৰ মাজত সম্পাদিত শান্তি চুক্তিৰ পাছত ৰাজ্যজুৰি বিভিন্ন দল–সংগঠন, ব্যক্তিবিশেষে আলফাৰ ভূমিকাক লৈ কঠোৰ সমালোচনা কৰাৰ সময়তে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই আলফাৰ বিৰুদ্ধে হোৱা এই সমালোচনাক আশীর্বাদ বুলি মন্তব্য কৰে৷ তেওঁৰ মতে, এটা জীয়া জাতি হ’লে যিকোনো কামৰ পিছত সমালোচনা, আলোচনা থাকিবই৷ এই সমালোচনাত বিচলিত নহৈ তাৰ আধাৰত ভৱিষ্যতৰ দিশত আগবাঢ়ি যোৱাৰ দৃঢ় প্রতিজ্ঞা তেওঁ কৰে৷ ১৯৯১ চনতো আমি আলোচনা কৰিবলৈ গৈছিলোঁ৷ কিন্তু পৰিস্থিতি অনুকূল নোহোৱা বাবে আমি পৃষ্ঠভংগ দিবলৈ বাধ্য হৈছিলোঁ৷ তাৰ পিছতো বহুলানি আলোচনা হৈছিল৷ আলফা আৰু চৰকাৰৰ মাজত শান্তি আলোচনা আগবঢ়োৱাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা প্রয়াত সাহিত্যিক মামণি ৰয়ছম গোস্বামী, চিন্তাবিদ ড০ হীৰেন গোহাঁইকে ধৰি ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ বুদ্ধিজীৱী, লেখক, চিন্তাবিদৰ লগতে শান্তি চুক্তিক এটা পর্যায়লৈ আগবঢ়াই দিয়াৰ ক্ষেত্রত ভূমিকা গ্রহণ কৰা প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈ, প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ অৱদানৰ কথাও অনুপ চেতিয়াই শ্রদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে কৃতজ্ঞতাও জ্ঞাপন কৰে৷ আলোচনা সম্পন্ন হ’লেও অসমৰ জাতীয় স্বার্থত জাতিৰ লগত সদায়েই মাত মাতি যোৱাৰো প্রতিশ্রুতি দি তেওঁ কয় যে আমি ৰাইজৰ সৈতে সদায়েই থাকিম৷ ইপিনে, শান্তি চুক্তিৰ পাছতেই অহা ১০–১৫ দিনৰ ভিতৰত অর্থাৎ মাঘ বিহুৰ পূর্বেই আলফা ভংগ হোৱাৰ কথা সংবাদ মেলত সদৰী কৰিছে আলফাৰ বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে৷ তেওঁ কয় যে গণতান্ত্রিক আন্দোলনত আগৰে পৰাই মোৰ ব্যক্তিগতভাৱে বিশ্বাস নাছিল৷ যাৰ বাবেই সশস্ত্র সংগ্রামত আমি বিশ্বাস কৰি আগুৱাইছিলোঁ৷ আমি পৰাজয়বৰণ কৰিছোঁ৷ আমি নোৱাৰিলোঁ৷ কিন্তু নতুনকৈ গণতান্ত্রিক আন্দোলন কৰি পুনৰ কিবা এটা কৰিব যে পাৰিম, সেয়া এই জনমত ভবা নাই৷ আমি নিজৰ মানুহখিনিৰ লগত কথা পাতিম৷ অহা ১০–১৫ দিনৰ ভিতৰত আলফা ভংগ হ’ব৷ ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি যাম৷ কিন্তু বিষয়টো স্পর্শকাতৰ হোৱা বাবে নিজৰ মানুহখিনিৰ সৈতে আমি আগতে কথা পাতি ল’ব লাগিব৷ অকল আলফা ভংগৰ কথাই নহয়, বর্তমান সদস্যসকলৰ সৈতে থকা অস্ত্র–শস্ত্রও চৰকাৰৰ ওচৰত জমা দিয়াৰ কথা তেওঁ সংবাদ মেলত ঘোষণা কৰে৷ অৱশ্যে আলফা ভংগ কৰিলেও ভৱিষ্যতৰ সময়ত ৰাজনীতিৰ ক্ষেত্রখনৰ বাহিৰত থকাৰ কথা আলফাৰ বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে ঘোষণা কৰে৷ তেওঁ কয় যে ৰাজনীতি ক্ষেত্রৰ বাহিৰত থাকি সদায় আমি জনগণৰ হৈ কাম কৰি যাম৷ ইপিনে, বহুপ্রত্যাশিত আলফা–চৰকাৰৰ শান্তি চুক্তিখন সম্পাদন হোৱাৰ পাছতো আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱা মুকলি আকাশৰ তললৈ আহিব নে নাই, এই সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত কৌশলপূর্ণভাৱে বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে কয় যে পৰেশ বৰুৱাৰ হাতত ধৰিয়েই বন্দুক মাৰিব শিকিছোঁ৷ তেওঁ মোৰ কমাণ্ডাৰ আছিল৷ একেখন বিছনাতে বহুদিন একেলগে তেওঁৰ সৈতে শুইছোঁ৷ পৰেশ বৰুৱা ছাৰে কি কৰিব, সেয়া মই ক’ব নোৱাৰোঁ৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রসংগ উনুকিয়াই তেওঁ কয় যে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৰেশ বৰুৱাৰ সৈতে কথা পাতিছে বুলি কৈছিল৷ মুখ্যমন্ত্রীক পৰেশ বৰুৱাই প’জিটিভ কথা কৈছে বুলি গম পাইছোঁ৷ কেইবাদশক ধৰি দিল্লীক সন্ত্রস্ত কৰি ৰখা আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ প্রত্যাৱর্তন সন্দর্ভত বিভিন্নজনে বহু সময়ত দিয়া মন্তব্যক কটাক্ষ কৰি বৈদেশিক সচিব শশধৰ চৌধুৰীয়ে কয় যে আমাক গালি পাৰি লাভ নাই৷ টেলিভিছনৰ আগত কথা কোৱা বাদ দি গালি পৰাসকলে পৰেশ বৰুৱা ছাৰক তেওঁৰ সকলো চর্ত মানি মূলসুঁতিলৈ ঘূৰাই আনিবলৈ ভাৰত চৰকাৰক মান্তি কৰাওক৷ ইয়াতকৈও অধিক বিচৰাসকলে পৰেশ বৰুৱাক সমর্থন দি সশস্ত্র সংগ্রামখন গঢ়ি তোলাত সহায় কৰক৷ সেইখিনি কৰাৰ কলিজা তেওঁলোকৰ নাই বুলি জানো৷ শান্তিপূর্ণ আলোচনাৰে ভাৰত চৰকাৰৰ পৰা সার্বভৌমত্ব, ৩৭১ লৈ আনিব পাৰি বুলি কোনোৱে বিশ্বাস নকৰে৷ আমি অসমৰ সকলো বিষয় সন্নিৱিষ্ট কৰিয়েই চুক্তিখন কৰিছোঁ৷ আমি সকলোখিনি কৰিব পৰা নাই৷ যিখিনি পাৰিছোঁ, সেইখিনি সকলো ৰাইজৰ বাবে আৰু যিখিনি পৰা নাই, তাৰ দায়িত্ব আমাৰ৷ মুখ্য আলোচক হিচাপে নোৱাৰাখিনিৰ দায়িত্ব তেওঁ নিজেই লোৱা বুলি সংবাদ মেলত মন্তব্য কৰে৷ সংবাদ মেলৰ শেষত শংকৰদেৱ কলাক্ষেত্রৰ প্রেক্ষাগৃহত আলফাৰ তৰফৰ পৰা সহযোগিতা, সমর্থন আৰু অৰিহণাৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰি এখন সম্বর্ধনা সভাৰো আয়োজন কৰা হয়৷ উক্ত সভাতে আলফা–চৰকাৰৰ শান্তি চুক্তিৰ দীঘলীয়া এই যাত্রাত বিভিন্ন প্রকাৰে সহায়–সহযোগিতা আগবঢ়োৱা ব্যক্তিসকলক সশ্রদ্ধ স্মৰণ কৰাৰ লগতে বিশিষ্ট চলচ্চিত্র পৰিচালক জাহ্ণু বৰুৱা, শিক্ষাবিদ ড০ দীনেশ বৈশ্য, সমাজকর্মী লাচিত বৰদলৈ, অধিবক্তা বিজন মহাজন, সাংবাদিক অদীপ ফুকনকে প্রমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা দল–সংগঠনৰ নেতৃত্বক আলফাই সম্বর্ধনা জ্ঞাপন কৰে৷

You might also like