নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউ ইয়েৰ ৰিজলিউচন

🔹 ড০ পার্থসাৰথি মহন্ত

‘হেপ্পী নিউ ইয়েৰ’ ! ‘হেপ্পী নিউ ইয়েৰ’ ! একত্রিশ ডিচেম্বৰৰ নিশা বাৰ বজাৰ লগে লগে সমগ্র পৃথিৱী মুখৰিত হৈ উঠে৷ আনন্দ–উল্লাস–স্ফূর্তিৰ লগতে নতুন আশা–প্রত্যাশা৷ এই সামূহিক উদযাপনৰ আঁৰে আঁৰে এটা ব্যক্তিবাচক বছৰেকীয়া আচাৰ পালিত হয়– নিউ ইয়েৰ ৰিজলিউচন৷ কাৰো চকুত নপৰে৷ অথচ পালিত হয় বিশ্বজুৰি৷
আমি যেতিয়া নতুন কিবা এটা আৰম্ভ কৰিব খোজোঁ, আমি এখন নতুন খতিয়ান বিচাৰোঁ৷ এখন নতুন স্ক’ৰ ব’ৰ্ড৷ গ’ল শূন্য শূন্য৷ না খাইছোঁ, না দিছোঁ৷ এয়া মানুহৰ প্রাকৃতিক প্রৱণতা৷ সেইকাৰণে হাজাৰ–বিজাৰ মানুহে একত্রিশ ডিচেম্বৰৰ ৰাতি বাৰ বজাৰ আগতে চিগাৰেটৰ শেষ হোঁপাটো দীঘলীয়াকৈ টানি নাকে–মুখে ধোঁৱা উলিয়াই চিগাৰেটৰ টুকুৰাটো জোতাৰে চেপেটা কৰি পেলায়৷ বাৰ বজাৰ পিছত আৰু চিগাৰেট নাখায়৷ নতুন বছৰ, নতুন আৰম্ভণি৷ এয়া মাত্র এটা উদাহৰণ৷
নতুন বছৰ আহিলেই আমি কিছুমান সিদ্ধান্ত লওঁ৷ অমুকটো কৰিম, তমুকটো নকৰোঁ৷ প্রতিজ্ঞা৷ নিজে নিজৰ কাৰণে কৰা প্রতিজ্ঞা৷ কোনো কোনোৱে আনকো জনাই দিয়ে, কোনো কোনোৱে নিজৰ মনতে লুকুৱাই ৰাখে৷ কিন্তু আমি প্রায় সকলোৱে প্রতিটো নৱবর্ষতে নহ’লেও কেতিয়াবা নহয় কেতিয়াবা কিবা এটা হ’লেও প্রতিজ্ঞা কৰিছোঁ– সেয়া লাগে কিবা এটা কৰিম বুলি হওক বা কিবা এটা আৰু নকৰিম বুলিয়েই হওক৷
এই সিদ্ধান্তবোৰ বা প্রতিজ্ঞাবোৰ আমি বছৰটোৰ যিকোনো এটা দিন, সপ্তাহ বা মাহতো ল’ব পাৰোঁ৷ কিন্তু নলওঁ৷ আমি নতুন বছৰলৈ অপেক্ষা কৰোঁ৷ ই দৰাচলতে এক প্রতীকীবাদ৷ এক সম্পূর্ণ নতুন আৰম্ভণিৰ প্রতীক৷ নতুনৰ এই প্রতীকে আমাক সহায় কৰে অতীতৰ পৰা নিজক আঁতৰাই আনিবলৈ৷ মানে আমাৰ অতীতৰ দোষ–ত্রুটি–ভুলৰ পৰা আঁতৰি আহিবলৈ৷ আচৰণগত বিজ্ঞানত মানুহৰ এই প্রৱণতাক কোৱা হয় নতুন আৰম্ভণি প্রভাৱ৷ ব্যক্তিগত লক্ষ্য পূৰণ অথবা আচৰণগত পৰিৱর্তনৰ বাবে মানুহে কিছুমান বিশেষ সময়লৈ অপেক্ষা কৰে৷ নতুন বছৰ হ’ল তেনে এক সময়৷ সেই কাৰণেই সমাজ–সংস্কৃতি–দেশ পৰিসীমা অতিক্রমি এই সার্বজনীন বছৰেকীয়া ৰিচ্যুৱেল– নতুন বছৰৰ ৰিজলিউচন৷ নিজৰ উন্নতি, উৎকর্ষ সাধন আৰু উত্তৰণৰ বাবে মানুহৰ মনত থকা দুর্বাৰ ইচ্ছাৰ প্রকাশ নিউ ইয়েৰ ৰিজলিউচন৷
আমি যে কেৱল ভৱিষ্যতৰ সপোন বা লক্ষ্যৰ বাবেহে এনে প্রতিজ্ঞা কৰোঁ সেয়াও নহয়৷ অতীতৰ কথা মনত পৰিও আমি কিছুমান সিদ্ধান্ত লওঁ৷ আগতে মই নিয়মিত পঢ়া–শুনা কৰিছিলোঁ৷ আগতে মই নিয়মিত ব্যায়াম কৰিছিলোঁ৷ আগতে মই পুৱা সোনকালে উঠিছিলোঁ৷ ইয়াৰ উপৰি আমাৰ জীৱনত কিছুমান অনুভূত মান থাকে৷ জন্মৰে পৰা আমি ডাঙৰ হোৱা পৰিৱেশ–পাৰিপার্শ্বিকতাই আমাৰ মনোজগতত গঢ় দিয়ে এই মানদণ্ডৰ৷ শেহতীয়াকৈ এই মানদণ্ড প্রভাৱিত কৰিবলৈ লৈছে সামাজিক মাধ্যমে৷ আমি যেতিয়া অতীতৰ লগত তুলনা কৰি বর্তমানত নিজকে হেয় বুলি উপলব্ধি কৰোঁ, আমি যেতিয়া আমাৰ মনত থকা মানদণ্ডৰ ধাৰণাতকৈ পিছপৰি আছোঁ বুলি ভাবোঁ আমি তেতিয়াই ‘এয়া সলাই পেলাম’ বুলি প্রতিজ্ঞা কৰোঁ৷
এই ৰিছেট বুটামটো টিপাৰ কাৰণে নতুন বছৰতকৈ আৰু ভাল সময় কি হ’ব পাৰে? সেয়েহে নিউ ইয়েৰ ৰিজলিউচন বছৰেকীয়া প্রতিফলন আৰু উত্তৰোত্তৰ উন্নতিৰ বাবে এক ডাঙৰ সুযোগ৷ এবাৰৰ কাৰণে হ’লেও আমি যুকিয়াই চাওঁ বছৰটোত কি কৰিলোঁ কি নকৰিলোঁ৷
প্রশ্ণ হ’ল– কিমান দিন থাকে এই প্রতিজ্ঞা? আমি নিজে কৰা কিমান প্রতিজ্ঞা ৰাখিব পাৰিছোঁ? আচলতে আমাৰ মন যোৱা আৰু প্রকৃততে সম্ভৱ হোৱাৰ মাজত পার্থক্য বহু বেছি৷ মিছা আশাৰ লক্ষণ৷ এই পার্থক্যক কোৱা হয়৷ নতুন বছৰৰ নতুন আৰম্ভণিৰ উচ্ছাসত আমি অতি অভিলাষী, উচ্চাকাংক্ষী, অবাস্তৱিক লক্ষ্য স্থিৰ কৰি পেলাওঁ৷ লগতে আমি নিজকে অলপ বেছি ওস্তাদ বুলি ভাবোঁ৷ মইনো নোৱাৰিমনে? নতুন বছৰৰ বেছিভাগ প্রতিজ্ঞাই হ’ল অভ্যাস সলনি কৰাক লৈ৷ অভ্যাস এটা সলনি কৰা সিমান সহজ নহয়৷ সেই কাৰণে অনেক নিউ ইয়েৰ ৰিজলিউচন এখন্তেকো নিটিকে৷ তদুপৰি এই প্রতিজ্ঞাবোৰ নিজৰ লগত কৰা হয়৷ অনেকে অকলে অকলে সেই লক্ষ্যৰ পিছত দৌৰি থাকি বিৰক্তিবোধ কৰে আৰু এটা সময়ত বাদ দি দিয়ে৷ প্রতিজ্ঞা যে ভংগ হ’ল কোনেও গমকে নাপালে৷
এনেকুৱা এটা কৌতূহলী বিষয়ৰ ওপৰত যথেষ্ট অধ্যয়ন আৰু সমীক্ষা হৈছে৷ বিশেষকৈ আমেৰিকাত৷ ভালেখিনি ইণ্টাৰেষ্টিং তথ্য পোহৰলৈ আহিছে৷ আমেৰিকাৰ আঠত্রিছ শতাংশ প্রাপ্তবয়স্ক লোকেই নতুন বছৰত প্রতিজ্ঞা কৰে৷ ওঠৰৰ পৰা চৌত্রিছ বছৰৰ ভিতৰৰ যুৱ চামৰ এই প্রৱণতা অধিক৷ অধিক ব্যায়াম কৰা, স্বাস্থ্যসন্মত আহাৰ আৰু ওজন কমোৱা সর্বাধিক জনপ্রিয় প্রতিজ্ঞা৷ ছুইজাৰলেণ্ডৰ সত্তৰ শতাংশ প্রতিজ্ঞাই এই তিনিটা কথাক লৈ৷
কিন্তু সফল হয় মাত্র ন শতাংশ৷ মানে মাত্র ন শতাংশ লোকেহে নতুন বছৰৰ প্রতিজ্ঞা গোটেইটো বছৰ ৰাখিব পাৰে৷ তেইছ শতাংশ লোকেতো প্রথম সপ্তাহতেই বাদ দিয়ে৷ বেছিভাগ লোকেই মাহটোৰ দ্বিতীয় শুকুৰবাৰতেই প্রতিজ্ঞা বাদ দিয়ে৷ সেইকাৰণে এই দিনটোৰ নাম দিয়া হৈছে পৰিত্যাগৰ দিন৷
ইয়াৰ অর্থ এইটোও নহয় যে নতুন বছৰৰ প্রতিজ্ঞা অর্থহীন৷ নিউ ইয়েৰ ৰিজলিউচন আধুনিক ধাৰণা নহয়৷ চাৰি হাজাৰ বছৰ পূর্বে বেবিলনীয় সভ্যতাত সৃষ্টি হৈছিল এই পৰম্পৰা৷ বেবিলনৰ পৰা এই পৰম্পৰা গ্রহণ কৰিলে ৰোমানসকলে৷ খ্রীষ্টজন্মৰ পূর্বেই৷ আৰু আজি পৃথিৱীৰ চুকে–কোণে হেপ্পী নিউ ইয়েৰৰ লগে লগে আৰম্ভ হয় নিউ ৰিজলিউচনৰো কাউণ্ট–ডাউন৷
মাত্র কথা হ’ল আমি সফল ন শতাংশত সোমাব লাগিব৷

You might also like